--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে এনে এটা ভিডিঅ' যিটোৱে বহুতকে অনুপ্ৰাণিত কৰিছে। ভিডিঅ'টোত দেখা গৈছে এজন যুৱকে নয়ডাত নিশা ১২ বজাত ৰাস্তাত দৌৰি আছে। এজন লোকে যুৱকজনক নিজৰ গাড়ীত লিফ্ট দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। কিন্তু যুৱকজনে গাড়ীত নুঠি দৌৰিয়েই থাকিল। বহুবাৰ কোৱাৰ পিছতো যুৱকজনে গাড়ীত নুঠিল। গাড়ীত থকা লোকজনৰ যুৱকজনৰ ওপৰত কৌতুহল ওপজে, সেয়েহে লোকজনে দৌৰি থকা যুৱকজনৰ সৈতে কথা পাতিবলৈ ধৰে আৰু দৃশ্যটো নিজৰ মোবাইলত বন্দী কৰি লয়। গাড়ীত থকা লোকজন আছিল বিখ্যাত লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা বিনোদ কাপ্ৰি। তেওঁ যুৱকজনৰ ভিডিঅ'টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ভিডিঅ'টোত দেখা পোৱা যুৱকজন ১৯ বছৰীয়া প্ৰদীপ মেহৰা। ভাৰতীয় সেনাত যোগ দিব বিচৰা প্ৰদীপে এনেদৰেই কামৰ পৰা নিজৰ ঘৰলৈ দৌৰি দৌৰি যায়। ধনৰ নাটনিটো আছেই, কিন্তু এনেদৰে দৌৰি যোৱাৰ মূল কাৰণ হৈছে সেনা বাহিনীত ভৰ্তি হ'বলৈ প্ৰদীপৰ অনুশীলন। সেয়ে বিনোদ কাপ্ৰিয়ে গাড়ীত লিফ্ট দিয়াৰ প্ৰস্তাৱ নাকচ কৰি প্ৰদীপে বিনয়েৰে কয় মই দিনত চাকৰি কৰা বাবে অনুশীলন কৰিবলৈ সময় নাপাওঁ। সেয়ে এনেদৰে কামৰ পৰা দৌৰি দৌৰি ঘৰলৈ যাওঁ, এনেদৰেই মোৰ দৌৰৰ অনুশীলন হয়। গতিকে মই গাড়ীত যদি যাওঁ মোৰ অনুশীলন নহ'ব।" ঘৰলৈ গৈ প্ৰদীপে ভাত ৰান্ধিব লাগিব বুলিও কয় কাৰণ তেওঁৰ মাতৃ অসুস্থ আৰু ককায়েক এজন আছে তেঁৱো নাইট ডিউটি কৰে। এই ভিডিঅ' ধুমুহা গতিত ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত। প্ৰদীপৰ এই দৌৰ যেন জীৱন যুদ্ধৰ অক্লান্ত গতি।

চাওঁক ভিডিঅ'

https://twitter.com/vinodkapri/status/1505535421589377025?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1505535421589377025%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fassam.news18.com%2Fnews%2Fnation%2Fpradeep-mehra-running-viral-video-filmmaker-vinod-kapri-retired-general-satish-dua-offers-to-help-manju-b-207485.html ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল সতীশ দুৱাই প্ৰদীপক সহায়ৰ বাবে আগবাঢ়ি আহে। ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাইও প্ৰদীপক পাৰ্যমানে সকলো সহায়ৰ আশ্বাস দিছে। গায়ক বাদশ্বাহেও প্ৰদীপৰ এই কৰ্মৰ প্ৰশংসা কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত লোকৰ হাতত আছে বুলি মন্তব্য কৰিছে। প্ৰদীপ মেহৰাক সহায় কৰিবৰ বাবে বৰ্তমান আগবাঢ়ি আহিছে নয়ডাৰ জিলা প্ৰশাসন। জিলা দণ্ডাধীশ সুহাস এল যথিৰাজে কয়, "প্ৰদীপ মেহৰা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁৰ মাতৃক সম্পূৰ্ণ স্বাস্থ্য সেৱা প্ৰদান কৰা হ'ব। প্ৰদীপ আৰু তেওঁৰ ভাতৃক আগবাঢ়ি যাবলৈ যিকোনো সহায়ৰ প্ৰয়োজন হ'লে প্ৰশাসনে সেয়া পূৰণ কৰিব।" আৰু পঢ়কঃ সোণৰ জোতা, ঘড়ী, চশমা…ক’ত আছে বাপ্পী লাহিড়ীৰ সোণৰ ভাণ্ডাৰ? PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক