--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি প্ৰেমৰ দিনৰ এসপ্তাহ...! প্ৰেমৰ দিনত ভালপোৱাৰ কথাবোৰে ভাল লাগে। ভেলেণ্টাইন ডে’ বু‌লি পাৰ্ক, ৰেস্তোঁৰাত এতিয়া দৃষ্টিনন্দন পৰিৱেশ। কেলেণ্ডাৰ চাই ভালপোৱা মানুহৰ বাবে আজিৰ দিনটোৰ তাত্পৰ্য সদায় একক আৰু অনন্য। এই বিশেষ দিনটোৰ বাবেই ক’তনা হেঁপাহেৰে ৰৈ থাকে প্ৰেমিক যুগল। পাখি লগা কাড়ৰ দৰে উৰি যোৱা সময়ৰ দানিত ক’ত উজাৰী প্ৰহৰ খেদি আজি এই দিনটোৱে ধৰা দিছেহি। আকুল-ব্যাকুল হৃদয়ে তিতপখিলীজনী হৈ উৰি যায়। বুকুৰ মাজতে সংগোপনে ৰোপন কৰে প্ৰেমৰ বীজ। ইজনে সিজনৰ প্ৰতি অন্তৰৰ নিভৃত কোণৰ পৰা প্ৰকাশ কৰাৰ আজিয়েই যে সেই দিন। প্ৰেমৰ দিন। উশাহ ল’ব নোৱাৰা আধুনিক সভ্যতাৰ খোজত ভালপোৱাৰ কৰুণ মৃত্যু হোৱা বুলি শংকা উপজিলেও আধুনিকতাবাদ আৰু যান্ত্ৰিকতাৰ মাজত অবিচ্ছন্ন প্ৰবাহ হৈ আজিও বৈ আছে প্ৰেম অমৃতৰ নদী। প্ৰেম-ভালপোৱাৰ সমীকৰণত আউল লগাব পৰা নাই জটিলতাই। সময় সলনি হ’লেও প্ৰেম-ভালপোৱাৰ মাজত আগৰ সেই অভিব্যঞ্জনা, সেই আৱেদন আজিও আছে। প্ৰেম আজিও অভগ্ন, নিৰ্ভীক কণ্ঠ, অবিনাসী বিন্যাস। কিন্তু এনে বহুতো মানুহ আছে যি আজিৰ দিনটোতো অকলশৰীয়া। কিন্তু তেনে ব্যক্তিয়ে আৰ অকলে থাকিব নালাগে। অসম্ভৱ বুলিবলৈ কি আছে! অকলে অকলে গুজৰি-গুমৰি থাকিব যাতে নালাগে তাৰো আছে উপায়। কোনোবাই যদি বয়ফ্ৰেইণ্ড ভাৰাত বিচাৰিছে, তেন্তে তাৰো আছে বিকল্প উপায়। বিচাৰিলে আপুনিও ভাৰাত লাভ কৰিব পাৰে বয়ফ্ৰেইণ্ড। তাৰ বাবে আপুনি যাব লাগিব বিহাৰলৈ। ভেলেণ্টাইন ডে’ৰ দিনা বিহাৰৰ দৰভাংগাত উপলব্ধ এই সুবিধা। বিহাৰৰ দৰভাংগাৰ বাসিন্দা প্ৰিয়াংশু ভেলেণ্টাইনত আপোনাৰ প্ৰেমিক হ’বলৈ সাজু। মন কৰিবলগীয়া যে, ‘দৰভাংগা অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছৰ পঞ্চম ছেমিষ্টাৰৰ ছাত্ৰ প্ৰিয়ংশুৱে বিগত কেইবা দিন ধৰি ডিঙিত কাৰ্ডবোৰ্ড লৈ বিহাৰৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে। কাৰ্ডবোৰ্ডখনত লিখা আছে, ‘Boyfriend on Rent.’ প্ৰিয়াংশুৰ এই ছবিখন সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সাধাৰণ নাগৰিকেয়েও প্ৰিয়াংশুৰ এনে কাৰ্যক ইতিবাচক দৃষ্টিৰেই চাইছে। এই বিষয়ে প্ৰিয়াংশুৱেও সাহস আৰু সততাৰে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয়, ‘মোৰ এনে প্ৰচাৰৰ উদ্দেশ্যই হৈছে মানুহৰ মাজত প্ৰেম বিতৰণ কৰা।’ স্বাভাৱিকতে প্ৰিয়াংশুৰ এনে কাৰ্যই সকলোৰে দৃষ্টি কাঢ়িছে। ফটোখন প’ষ্ট কৰাৰ পাছত কেইজনী গাৰ্লফ্ৰেইণ্ড লাভ কৰিলে বুলিও প্ৰশ্ন আহিছে প্ৰিয়াংশুলৈ। প্ৰিয়াংশুৰ পৰা উত্তৰ অহালৈ আছে সকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ