--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি প্ৰেমৰ দিনৰ এসপ্তাহ...! প্ৰেমৰ দিনত ভালপোৱাৰ কথাবোৰে ভাল লাগে। ভেলেণ্টাইন ডে’ বু‌লি পাৰ্ক, ৰেস্তোঁৰাত এতিয়া দৃষ্টিনন্দন পৰিৱেশ। কেলেণ্ডাৰ চাই ভালপোৱা মানুহৰ বাবে আজিৰ দিনটোৰ তাত্পৰ্য সদায় একক আৰু অনন্য। এই বিশেষ দিনটোৰ বাবেই ক’তনা হেঁপাহেৰে ৰৈ থাকে প্ৰেমিক যুগল। পাখি লগা কাড়ৰ দৰে উৰি যোৱা সময়ৰ দানিত ক’ত উজাৰী প্ৰহৰ খেদি আজি এই দিনটোৱে ধৰা দিছেহি। আকুল-ব্যাকুল হৃদয়ে তিতপখিলীজনী হৈ উৰি যায়। বুকুৰ মাজতে সংগোপনে ৰোপন কৰে প্ৰেমৰ বীজ। ইজনে সিজনৰ প্ৰতি অন্তৰৰ নিভৃত কোণৰ পৰা প্ৰকাশ কৰাৰ আজিয়েই যে সেই দিন। প্ৰেমৰ দিন। উশাহ ল’ব নোৱাৰা আধুনিক সভ্যতাৰ খোজত ভালপোৱাৰ কৰুণ মৃত্যু হোৱা বুলি শংকা উপজিলেও আধুনিকতাবাদ আৰু যান্ত্ৰিকতাৰ মাজত অবিচ্ছন্ন প্ৰবাহ হৈ আজিও বৈ আছে প্ৰেম অমৃতৰ নদী। প্ৰেম-ভালপোৱাৰ সমীকৰণত আউল লগাব পৰা নাই জটিলতাই। সময় সলনি হ’লেও প্ৰেম-ভালপোৱাৰ মাজত আগৰ সেই অভিব্যঞ্জনা, সেই আৱেদন আজিও আছে। প্ৰেম আজিও অভগ্ন, নিৰ্ভীক কণ্ঠ, অবিনাসী বিন্যাস। কিন্তু এনে বহুতো মানুহ আছে যি আজিৰ দিনটোতো অকলশৰীয়া। কিন্তু তেনে ব্যক্তিয়ে আৰ অকলে থাকিব নালাগে। অসম্ভৱ বুলিবলৈ কি আছে! অকলে অকলে গুজৰি-গুমৰি থাকিব যাতে নালাগে তাৰো আছে উপায়। কোনোবাই যদি বয়ফ্ৰেইণ্ড ভাৰাত বিচাৰিছে, তেন্তে তাৰো আছে বিকল্প উপায়। বিচাৰিলে আপুনিও ভাৰাত লাভ কৰিব পাৰে বয়ফ্ৰেইণ্ড। তাৰ বাবে আপুনি যাব লাগিব বিহাৰলৈ। ভেলেণ্টাইন ডে’ৰ দিনা বিহাৰৰ দৰভাংগাত উপলব্ধ এই সুবিধা। বিহাৰৰ দৰভাংগাৰ বাসিন্দা প্ৰিয়াংশু ভেলেণ্টাইনত আপোনাৰ প্ৰেমিক হ’বলৈ সাজু। মন কৰিবলগীয়া যে, ‘দৰভাংগা অভিযান্ত্ৰিক মহাবিদ্যালয়’ৰ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিকছৰ পঞ্চম ছেমিষ্টাৰৰ ছাত্ৰ প্ৰিয়ংশুৱে বিগত কেইবা দিন ধৰি ডিঙিত কাৰ্ডবোৰ্ড লৈ বিহাৰৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে। কাৰ্ডবোৰ্ডখনত লিখা আছে, ‘Boyfriend on Rent.’ প্ৰিয়াংশুৰ এই ছবিখন সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সাধাৰণ নাগৰিকেয়েও প্ৰিয়াংশুৰ এনে কাৰ্যক ইতিবাচক দৃষ্টিৰেই চাইছে। এই বিষয়ে প্ৰিয়াংশুৱেও সাহস আৰু সততাৰে মন্তব্য প্ৰকাশ কৰিছে। তেওঁ কয়, ‘মোৰ এনে প্ৰচাৰৰ উদ্দেশ্যই হৈছে মানুহৰ মাজত প্ৰেম বিতৰণ কৰা।’ স্বাভাৱিকতে প্ৰিয়াংশুৰ এনে কাৰ্যই সকলোৰে দৃষ্টি কাঢ়িছে। ফটোখন প’ষ্ট কৰাৰ পাছত কেইজনী গাৰ্লফ্ৰেইণ্ড লাভ কৰিলে বুলিও প্ৰশ্ন আহিছে প্ৰিয়াংশুলৈ। প্ৰিয়াংশুৰ পৰা উত্তৰ অহালৈ আছে সকলো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ