--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে এতিয়া মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷ চৰকাৰে এলপিজি চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি কৰিছে। তেল কোম্পানীসমূহে ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰিছে। দামবৃদ্ধিৰ পাছত এতিয়া দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৮৪.৫০ টকাৰ পৰা ৮৯৯.৫০ টকা হৈছে। উল্লেখ্য যে, মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল।

তাৰ পাছত ১ অক্টোবৰৰ পৰা দিল্লীত ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ১৬৯৩ টকাৰ পৰা বাঢ়ি ১৭.৩৬.৫০ টকা হৈছিল। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল। ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ১ ছেপ্টেম্বৰত ২৫ টকা বৃদ্ধি কৰিছিল। বিগত মাহত ১৫ দিনত ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি পাইছিল। আগন্তক সময়ত আৰু বৃদ্ধি হ'ব নেকি ৰন্ধন গেছৰ মূল্য? ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা৷

ইফালে, এটা দিনত মূল্যবৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ৷ ২শতাংশ মূল্যবৃদ্ধিয়ে প্ৰতি বেৰেলত ৬২ডলাৰ অতিক্ৰম কৰি বিশ্বত ইয়াৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে। লগে লগে তেল কোম্পানীসমূহেও বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত শনিবাৰৰ দিনটোত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৩৬পইচা আৰু পেট্ৰ’লত ৩০ পইচা বৃদ্ধি হয়। এই বৃদ্ধিৰ সৈতে চলিত সপ্তাহত একেৰাহে পঞ্চমবাৰলৈ বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য। বৰ্তমান পেট্ৰ'লৰ মূল্য ৰাষ্ট্ৰীয় ৰাজধানীত ৮৮.৪৪ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৭৮.৭৪ টকা।২০১৮ চনৰ ৪ অক্টোবৰত যেতিয়া পে'ট্ৰল-ডিজেলৰ বজাৰ মূল্য প্ৰতি বেৰেলত ৮০ ডলাৰ হৈছিল তেতিয়া পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য বৰ্তমানৰ ওচৰে-পাজৰে আছিল। মূলতঃ তেলৰ দৃঢ় মূল্য আৰু কেন্দ্ৰীয় কৰৰ বাবে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে। যদিও চৰকাৰক বহু সময়ত কেন্দ্ৰীয় কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাইজে দাবী জনাই আহিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। ইফালে তেল কোম্পানীসমূহে জনোৱা মতে হয়টো আগন্তুক দিনত আৰু বৃদ্ধি হ’ব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ