--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে এতিয়া মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷ চৰকাৰে এলপিজি চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি কৰিছে। তেল কোম্পানীসমূহে ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰিছে। দামবৃদ্ধিৰ পাছত এতিয়া দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৮৮৪.৫০ টকাৰ পৰা ৮৯৯.৫০ টকা হৈছে। উল্লেখ্য যে, মাহৰ প্ৰথমটো দিনত চৰকাৰে ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৪৩ টকা বৃদ্ধি কৰিছিল।

তাৰ পাছত ১ অক্টোবৰৰ পৰা দিল্লীত ১৯ কিলোগ্ৰামৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ১৬৯৩ টকাৰ পৰা বাঢ়ি ১৭.৩৬.৫০ টকা হৈছিল। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে চৰকাৰী তেল কোম্পানীসমূহে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছিল। ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ১ ছেপ্টেম্বৰত ২৫ টকা বৃদ্ধি কৰিছিল। বিগত মাহত ১৫ দিনত ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম ৫০ টকা বৃদ্ধি পাইছিল। আগন্তক সময়ত আৰু বৃদ্ধি হ'ব নেকি ৰন্ধন গেছৰ মূল্য? ইয়াকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সাধাৰণ জনতা৷

ইফালে, এটা দিনত মূল্যবৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ৷ ২শতাংশ মূল্যবৃদ্ধিয়ে প্ৰতি বেৰেলত ৬২ডলাৰ অতিক্ৰম কৰি বিশ্বত ইয়াৰ বৃদ্ধিৰ ধাৰা অব্যাহত ৰাখিছে। লগে লগে তেল কোম্পানীসমূহেও বৃদ্ধি কৰিলে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত শনিবাৰৰ দিনটোত ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৩৬পইচা আৰু পেট্ৰ’লত ৩০ পইচা বৃদ্ধি হয়। এই বৃদ্ধিৰ সৈতে চলিত সপ্তাহত একেৰাহে পঞ্চমবাৰলৈ বৃদ্ধি হ'ল পেট্ৰ'ল-ডিজেলৰ মূল্য। বৰ্তমান পেট্ৰ'লৰ মূল্য ৰাষ্ট্ৰীয় ৰাজধানীত ৮৮.৪৪ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৭৮.৭৪ টকা।২০১৮ চনৰ ৪ অক্টোবৰত যেতিয়া পে'ট্ৰল-ডিজেলৰ বজাৰ মূল্য প্ৰতি বেৰেলত ৮০ ডলাৰ হৈছিল তেতিয়া পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্য বৰ্তমানৰ ওচৰে-পাজৰে আছিল। মূলতঃ তেলৰ দৃঢ় মূল্য আৰু কেন্দ্ৰীয় কৰৰ বাবে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে। যদিও চৰকাৰক বহু সময়ত কেন্দ্ৰীয় কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাইজে দাবী জনাই আহিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে। ইফালে তেল কোম্পানীসমূহে জনোৱা মতে হয়টো আগন্তুক দিনত আৰু বৃদ্ধি হ’ব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু