--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল দুই ভাৰতীয় ছাত্ৰ। ১৯ বছৰীয়া এই দুই ছাত্ৰক বেলেগ কিবা এটা কৰাৰ সপোনে অনবৰতে খেদি ফুৰিছিল। ছাত্ৰ দুজনৰ নাম অদিত পালিচা আৰু কাইভালিয়া ভোহৰা। অদিত আৰু কাইভালিয়া দুয়ো ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তি কৰিছিল। ইমান এখন বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাতো পৰম সৌভাগ্য বুলি ধৰা হয়। কিন্তু এই দুই ছাত্ৰই ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ঘূৰি আহিল ঘৰলৈ। নিজৰ ঠাইতে উদ্যোগশীলতা পৰিৱেশ গঢ়ি তুলিবলৈ অদিত আৰু কাইভালিয়াই শিক্ষা জীৱন আধাতে সামৰি ঘূৰি অহাৰ সিদ্ধান্ত লয়।

দুয়ো মিলি গঠন কৰিলে 'জেপ্টো'(Zepto) নামৰ এক গ্ৰোচাৰী ডেলিভাৰী এপ। ১০ মিনিটৰ ভিতৰত মানুহৰ ঘৰত গ্ৰোচাৰী যোগান ধৰে জেপ্টোৱে। সঠিক পৰিকল্পনাৰে আগবঢ়া বাবে গ্ৰোচাৰী ডেলিভাৰী ষ্টাৰ্টআপ এপ জেপ্টোৱে অতি সোনকালেই দ্ৰুতগতিত আগবাঢ়িবলৈ সক্ষম হ'ল। ডেলিভাৰী বজাৰত ইয়াৰ অৱস্থিতি অধিক বৃদ্ধি কৰিবলৈ ৱাই কম্বিনেটৰ আৰু গ্লেড ব্ৰুক কেপিটেলৰ দৰে বিনিয়োগকাৰীৰ পৰা 60 নিযুত ডলাৰ পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অদিত আৰু কাইভালিয়াই।মুম্বাইস্থিত ষ্টাৰ্টআপ জেপ্টোক ইতিমধ্যে নেক্সাস ভেঞ্চাৰ, গ্লোবেল ফাউণ্ডাৰ আৰু চিলিকন ভেলীৰ এঞ্জেল বিনিয়োগকাৰী লাচি গ্ৰুম আৰু নীৰজ অৰোৰাই সমৰ্থন কৰিছে। সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অদিত পালিচাই সঠিক মূল্যাঙ্কন প্ৰকাশ নকৰাকৈ কয় যে প্ৰতিষ্ঠানটোৰ আয় "২০০ নিযুত ৰ পৰা ৩০০ নিযুত ডলাৰৰ ভিতৰত"।

আৰু পঢ়কঃ ট্ৰেকিং কৰি ভাল পায় নেকি? জানো আহক ১০ টা মনোমোহা ট্ৰেকিং স্পটৰ বিষয়ে

জেপ্টোৱে দ্ৰুত গ্ৰোচাৰী ডেলিভাৰী শাখা কুইক কমাৰ্চ বা কিউ কমাৰ্চ, বৃহৎ অনলাইন গ্ৰোচাৰ এপ ছফ্টবেংক গ্ৰুপ কৰ্প সমৰ্থিত গ্ৰোফাৰ্ছ আৰু গুগল সমৰ্থিত ডুনজোৰ সৈতে প্ৰতিযোগিতা কৰিব। বৰ্তমান জেপ্টোৰ শাখা অধিক বৃদ্ধি কৰিবলৈ চিন্তা-চৰ্চা কৰি থকা হৈছে। মুম্বাই, বাংগালুৰু আৰু দিল্লীত বৰ্তমান ১০ মিনিটৰ ভিতৰত গ্ৰোচাৰী বিতৰণ কৰি আছে জেপ্টোৱে। এই তিনিখন চহৰত সম্প্ৰসাৰণ কৰাৰ উপৰিও ষ্টাৰ্টআপটোৱে অতি সোনকালে হায়দৰাবাদ, পুনে, কলকাতা আৰু চেন্নাইৰ দৰে চহৰত কাম কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে জেপ্টোৱে প্ৰতি মাহে ধাৰাবাহিকভাৱে ২০০% আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ