--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ গৈছিল দুই ভাৰতীয় ছাত্ৰ। ১৯ বছৰীয়া এই দুই ছাত্ৰক বেলেগ কিবা এটা কৰাৰ সপোনে অনবৰতে খেদি ফুৰিছিল। ছাত্ৰ দুজনৰ নাম অদিত পালিচা আৰু কাইভালিয়া ভোহৰা। অদিত আৰু কাইভালিয়া দুয়ো ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক কাৰ্যসূচীত নামভৰ্তি কৰিছিল। ইমান এখন বিশ্ববিখ্যাত বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাতো পৰম সৌভাগ্য বুলি ধৰা হয়। কিন্তু এই দুই ছাত্ৰই ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পঢ়া আধাতে সামৰি ঘূৰি আহিল ঘৰলৈ। নিজৰ ঠাইতে উদ্যোগশীলতা পৰিৱেশ গঢ়ি তুলিবলৈ অদিত আৰু কাইভালিয়াই শিক্ষা জীৱন আধাতে সামৰি ঘূৰি অহাৰ সিদ্ধান্ত লয়।

দুয়ো মিলি গঠন কৰিলে 'জেপ্টো'(Zepto) নামৰ এক গ্ৰোচাৰী ডেলিভাৰী এপ। ১০ মিনিটৰ ভিতৰত মানুহৰ ঘৰত গ্ৰোচাৰী যোগান ধৰে জেপ্টোৱে। সঠিক পৰিকল্পনাৰে আগবঢ়া বাবে গ্ৰোচাৰী ডেলিভাৰী ষ্টাৰ্টআপ এপ জেপ্টোৱে অতি সোনকালেই দ্ৰুতগতিত আগবাঢ়িবলৈ সক্ষম হ'ল। ডেলিভাৰী বজাৰত ইয়াৰ অৱস্থিতি অধিক বৃদ্ধি কৰিবলৈ ৱাই কম্বিনেটৰ আৰু গ্লেড ব্ৰুক কেপিটেলৰ দৰে বিনিয়োগকাৰীৰ পৰা 60 নিযুত ডলাৰ পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে অদিত আৰু কাইভালিয়াই।মুম্বাইস্থিত ষ্টাৰ্টআপ জেপ্টোক ইতিমধ্যে নেক্সাস ভেঞ্চাৰ, গ্লোবেল ফাউণ্ডাৰ আৰু চিলিকন ভেলীৰ এঞ্জেল বিনিয়োগকাৰী লাচি গ্ৰুম আৰু নীৰজ অৰোৰাই সমৰ্থন কৰিছে। সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অদিত পালিচাই সঠিক মূল্যাঙ্কন প্ৰকাশ নকৰাকৈ কয় যে প্ৰতিষ্ঠানটোৰ আয় "২০০ নিযুত ৰ পৰা ৩০০ নিযুত ডলাৰৰ ভিতৰত"।

আৰু পঢ়কঃ ট্ৰেকিং কৰি ভাল পায় নেকি? জানো আহক ১০ টা মনোমোহা ট্ৰেকিং স্পটৰ বিষয়ে

জেপ্টোৱে দ্ৰুত গ্ৰোচাৰী ডেলিভাৰী শাখা কুইক কমাৰ্চ বা কিউ কমাৰ্চ, বৃহৎ অনলাইন গ্ৰোচাৰ এপ ছফ্টবেংক গ্ৰুপ কৰ্প সমৰ্থিত গ্ৰোফাৰ্ছ আৰু গুগল সমৰ্থিত ডুনজোৰ সৈতে প্ৰতিযোগিতা কৰিব। বৰ্তমান জেপ্টোৰ শাখা অধিক বৃদ্ধি কৰিবলৈ চিন্তা-চৰ্চা কৰি থকা হৈছে। মুম্বাই, বাংগালুৰু আৰু দিল্লীত বৰ্তমান ১০ মিনিটৰ ভিতৰত গ্ৰোচাৰী বিতৰণ কৰি আছে জেপ্টোৱে। এই তিনিখন চহৰত সম্প্ৰসাৰণ কৰাৰ উপৰিও ষ্টাৰ্টআপটোৱে অতি সোনকালে হায়দৰাবাদ, পুনে, কলকাতা আৰু চেন্নাইৰ দৰে চহৰত কাম কৰাৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে জেপ্টোৱে প্ৰতি মাহে ধাৰাবাহিকভাৱে ২০০% আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু