--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰতীক্ষাৰ অৱসান! দেশৰ মহিলা প্ৰাৰ্থীলৈ সুখবৰ। আগন্তুক বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী চমুকৈ এনডিএৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হোৱাৰ অনুমতি প্ৰদান। কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক বিষয়টো সন্দৰ্ভত অৱগত কৰাৰ পাছতে দেশৰ সর্বোচ্চ আদালতখনে তীব্র ক্ষোভ উজাৰিছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ অনুৰোধ অগ্রাহ্য কৰি শীর্ষ আদালতখনে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয়, ‘এন ডি এ প্রৱেশ পৰীক্ষাত চলিত বৰ্ষতে মহিলা প্রার্থীসকলক অৱতীর্ণ হ’বলৈ অনুমতি দিব লাগিব৷’ উচ্চতম ন্যায়ালয়ৰ স্পষ্ট মত, পূর্বতে জাৰি হোৱা নির্দেশনা বাতিল কৰিব নোৱাৰি৷

গতিকে চলিত বর্ষৰ নৱেম্বৰত হ’বলগীয়া এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হোৱাৰ অনুমতি কেন্দ্রীয় চৰকাৰে দিব লাগিব৷ প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে বহুবাৰ সামৰিক বাহিনীত মহিলাৰ সমাধিকাৰৰ বিষয়টোক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দি আহিছে উচ্চতম ন্যায়ালয়ে৷ উল্লেখ্য যে, চৰকাৰে উচ্চতম ন্যায়ালয়ক ২০২২ চনৰ মে' মাহত অনুষ্ঠিত হ'বলগীয়া সশস্ত্ৰ বাহিনীত প্ৰৱেশৰ বাবে মহিলা কেডেটসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আদালতক দিয়া এক শপতনামাত কয়, ‘কেন্দ্ৰীয় ৰাজহুৱা সেৱা আয়োগ অৰ্থাত ইউপিএছচি-এ মে, ২০২২ ত অনুষ্ঠিত হ’বলগীয়া এন ডি এ পৰীক্ষাৰ অধিসূচনাত মহিলাসকলক অন্তৰ্ভুক্ত কৰিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু