--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ প্ৰতীক্ষাৰ অৱসান! দেশৰ মহিলা প্ৰাৰ্থীলৈ সুখবৰ। আগন্তুক বৰ্ষৰ মে’ মাহত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী চমুকৈ এনডিএৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হোৱাৰ অনুমতি প্ৰদান। কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক বিষয়টো সন্দৰ্ভত অৱগত কৰাৰ পাছতে দেশৰ সর্বোচ্চ আদালতখনে তীব্র ক্ষোভ উজাৰিছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ অনুৰোধ অগ্রাহ্য কৰি শীর্ষ আদালতখনে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয়, ‘এন ডি এ প্রৱেশ পৰীক্ষাত চলিত বৰ্ষতে মহিলা প্রার্থীসকলক অৱতীর্ণ হ’বলৈ অনুমতি দিব লাগিব৷’ উচ্চতম ন্যায়ালয়ৰ স্পষ্ট মত, পূর্বতে জাৰি হোৱা নির্দেশনা বাতিল কৰিব নোৱাৰি৷

গতিকে চলিত বর্ষৰ নৱেম্বৰত হ’বলগীয়া এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলা প্রার্থীক অৱতীর্ণ হোৱাৰ অনুমতি কেন্দ্রীয় চৰকাৰে দিব লাগিব৷ প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে বহুবাৰ সামৰিক বাহিনীত মহিলাৰ সমাধিকাৰৰ বিষয়টোক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দি আহিছে উচ্চতম ন্যায়ালয়ে৷ উল্লেখ্য যে, চৰকাৰে উচ্চতম ন্যায়ালয়ক ২০২২ চনৰ মে' মাহত অনুষ্ঠিত হ'বলগীয়া সশস্ত্ৰ বাহিনীত প্ৰৱেশৰ বাবে মহিলা কেডেটসকলক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আদালতক দিয়া এক শপতনামাত কয়, ‘কেন্দ্ৰীয় ৰাজহুৱা সেৱা আয়োগ অৰ্থাত ইউপিএছচি-এ মে, ২০২২ ত অনুষ্ঠিত হ’বলগীয়া এন ডি এ পৰীক্ষাৰ অধিসূচনাত মহিলাসকলক অন্তৰ্ভুক্ত কৰিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ