--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছবি নিৰ্মাণ কৰি বিপদত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন৷ দীপিকাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ৷ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ ছবি '৮৩' মুক্তিৰ বাবে অপেক্ষাৰত অনুৰাগী৷ ছবিখনৰ মুক্তিৰ পূৰ্বে আইনী মেৰপাকট পৰিছে মোহময়ী অভিনেত্ৰীগৰাকী৷ জানিব পৰা মতে, ডুবাইৰ এটা কোম্পানীয়ে মুম্বাইৰ মেট্ৰ'পলিটান আদালতত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কোম্পানীটোৱে তেওঁলোকৰ ওপৰত ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। দীপিকা পাডুকোন ছবিখনৰ অন্যতম প্ৰযোজক সেয়েহে তেওঁৰ নামত এটা গোচৰো পঞ্জীভুক্ত কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 405,406,415,418,420 আৰু ধাৰা 120বি-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

দীপিকাৰ লগতে চাজিদ নাদিয়াদৱালা, কবীৰ খান আৰু ফেণ্টম ফিল্মছৰ বিৰুদ্ধেও এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এফজেদই নামৰ কোম্পানীটোৱে '৮৩' নামৰ চিনেমাখনত বিনিয়োগ কৰাৰ কথা আছিল। কথোপকথনৰ সময়ত কোম্পানীটোক নিৰ্মাতাসকলে প্ৰতিশ্ৰুতি দিছিল যে এই ছবিখনত বিনিয়োগ কৰি লাভান্বিত হ'ব তেওঁলোক। প্ৰতিষ্ঠানটোৱে নিৰ্মাতাসকলৰ কথাত মুঠ ১৬ কোটি টকা বিনিয়োগ কৰিছিল। কিন্তু অভিযোগ অনুসৰি, নিৰ্মাতাসকলে ছবিখনৰ প্ৰযোজকৰ তালিকাৰ পৰা কোম্পানীটো নাম উঠাই দিছে। আনকি কোম্পানীটোক নজনোৱাকৈ ছবিখনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল বিনিয়োগ কৰা ধনৰাজী৷ যাৰফলত ক্ষুণ্ণ হৈ পৰে কোম্পানী৷

ইতিমধ্যে শুভ মুক্তিৰ বাবে সাজু হৈছে '৮৩' চিনেমাখন৷ ২৪ ডিচেম্বৰত মুক্তি পাবলৈ সাজু হৈছে ছবিখনৰ প্ৰযোজকো। জানিব পৰা মতে, ১৯৮৩ চনত ভাৰতে ক্ৰিকেটত বিশ্বকাপ জয় কৰাৰ কাহিনী সুন্দৰকৈ প্ৰতিফলন ঘটাইছে। ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি পাইছে। য'ত ৰণবীৰ সিঙে কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে আৰু দীপিকা পাডুকোনে তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ