--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছবি নিৰ্মাণ কৰি বিপদত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন৷ দীপিকাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ৷ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ ছবি '৮৩' মুক্তিৰ বাবে অপেক্ষাৰত অনুৰাগী৷ ছবিখনৰ মুক্তিৰ পূৰ্বে আইনী মেৰপাকট পৰিছে মোহময়ী অভিনেত্ৰীগৰাকী৷ জানিব পৰা মতে, ডুবাইৰ এটা কোম্পানীয়ে মুম্বাইৰ মেট্ৰ'পলিটান আদালতত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কোম্পানীটোৱে তেওঁলোকৰ ওপৰত ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে। দীপিকা পাডুকোন ছবিখনৰ অন্যতম প্ৰযোজক সেয়েহে তেওঁৰ নামত এটা গোচৰো পঞ্জীভুক্ত কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 405,406,415,418,420 আৰু ধাৰা 120বি-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।

দীপিকাৰ লগতে চাজিদ নাদিয়াদৱালা, কবীৰ খান আৰু ফেণ্টম ফিল্মছৰ বিৰুদ্ধেও এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এফজেদই নামৰ কোম্পানীটোৱে '৮৩' নামৰ চিনেমাখনত বিনিয়োগ কৰাৰ কথা আছিল। কথোপকথনৰ সময়ত কোম্পানীটোক নিৰ্মাতাসকলে প্ৰতিশ্ৰুতি দিছিল যে এই ছবিখনত বিনিয়োগ কৰি লাভান্বিত হ'ব তেওঁলোক। প্ৰতিষ্ঠানটোৱে নিৰ্মাতাসকলৰ কথাত মুঠ ১৬ কোটি টকা বিনিয়োগ কৰিছিল। কিন্তু অভিযোগ অনুসৰি, নিৰ্মাতাসকলে ছবিখনৰ প্ৰযোজকৰ তালিকাৰ পৰা কোম্পানীটো নাম উঠাই দিছে। আনকি কোম্পানীটোক নজনোৱাকৈ ছবিখনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল বিনিয়োগ কৰা ধনৰাজী৷ যাৰফলত ক্ষুণ্ণ হৈ পৰে কোম্পানী৷

ইতিমধ্যে শুভ মুক্তিৰ বাবে সাজু হৈছে '৮৩' চিনেমাখন৷ ২৪ ডিচেম্বৰত মুক্তি পাবলৈ সাজু হৈছে ছবিখনৰ প্ৰযোজকো। জানিব পৰা মতে, ১৯৮৩ চনত ভাৰতে ক্ৰিকেটত বিশ্বকাপ জয় কৰাৰ কাহিনী সুন্দৰকৈ প্ৰতিফলন ঘটাইছে। ছবিখনৰ ট্ৰেইলাৰ ইতিমধ্যে মুক্তি পাইছে। য'ত ৰণবীৰ সিঙে কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে আৰু দীপিকা পাডুকোনে তেওঁৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে বুলি জানিবলৈ পোৱা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু