--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা এইবাৰৰ লিচু উৎসৱত বিশেষ চৰকাৰী ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত মুখ্যমন্ত্ৰীগৰাকীলৈকো তেজপুৰৰ সুস্বাদু লিচু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।

ডিজিটেল ডেস্ক: সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা তেজপুৰ পৌৰসভাৰ পৌৰপতি হৈ থকা সময়ত ১৯২৩ চনত তেজপুৰ চহৰৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা সুস্বাদু মঙহাল লিচুৱে যোৱা বছৰ শতবর্ষ অতিক্ৰম কৰাত আৰম্ভ কৰা লিচু উৎসৱ এইবাৰ দ্বিতীয় বার্ষিক বর্ণাঢ্য আয়োজন আজিৰ পৰা দুদিনীয়াকৈ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণৰ লগতে আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত অনুষ্ঠিত হ'ব।


ইতিমধ্যে উদযাপন সমিতিয়ে প্রস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে এই লিচু উৎসৱৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ তেজপুৰৰ লিচু ৰপ্তানি প্রক্রিয়াও সম্পূৰ্ণ কৰি তুলিছে ভাৰত চৰকাৰৰ ৰপ্তানি প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থকা এপেডাই। 


উল্লেখযোগ্য যে বিগত সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা লণ্ডনলৈ লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰাৰ পিছত এইবাৰ 'তেজপুৰ লিচু উৎসৱ-২০২৬'ৰ লগত সংগতি ৰাখি এপেডাই কাইলৈ ডুবাইলৈ এক টন সুস্বাদু লিচু ৰপ্তানি কৰাৰ লগতে দুটা দিনৰ পাছত ছিংগাপুৰলৈ ৫০০ কেজি লিচু ৰপ্তানি কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে বুলি এপেডাৰ বিষয়াই জানিবলৈ দিছে। আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেজপুৰৰ লিচুৰ সোৱাদ লৈ প্ৰশংসা কৰাৰ পাছত এইবাৰো শোণিতপুৰ জিলা প্রশাসনে আজিৰ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীলৈ বিভিন্ন জাতৰ বুজন পৰিমাণৰ লিচু প্ৰেৰণ কৰাৰ প্ৰস্তুতিৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা এইবাৰৰ লিচু উৎসৱত বিশেষ চৰকাৰী ব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰাত মুখ্যমন্ত্ৰীগৰাকীলৈকো তেজপুৰৰ সুস্বাদু লিচু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। 


ভাৰতীয় ডাক বিভাগে আজি প্রথম দিনটোতে তেজপুৰৰ লিচুক লৈ এটি বিশেষ ক'ভাৰ উন্মোচন কৰাৰ সিদ্ধান্তৰ লগতে বহিঃৰাজ্যলৈ এটা দিনৰ পিছতেই ডাক বিভাগৰ জৰিয়তে লিচু প্ৰেৰণ কৰাৰ পদক্ষেপ গ্রহণ কৰাৰ পাছত উদযাপন সমিতিৰ সৈতে জড়িত বিষয়ববীয়াই ডাক বিভাগৰ এই সুবিধা ব্যৱহাৰ কৰাত এটা দিনৰ পাছতেই বহুতে তেজপুৰৰ লিচু লাভ কৰিবলৈ সক্ষম হৈছে। তেজপুৰ লিচু উৎসৱৰ দুদিনীয়া কার্যসূচীত অংশগ্রহণ কৰিবলৈ ইতিমধ্যে বহু বিশিষ্ট ব্যক্তি তেজপুৰত উপস্থিত হোৱাৰ লগতে এই উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰিবলৈ লোৱা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অংশ গ্রহণকাৰীসকলে কালি বিয়লিৰ পৰা তেজপুৰ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত আখৰাৰে চূড়ান্ত প্রস্তুতি সম্পন্ন কৰে।

উৎস: দৈনিক জনমভূমি







FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক