--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ। মগজুৰ কাৰ্য্যক্ষমতা, এথলেটিক প্ৰদৰ্শন আৰু আৰোগ্য, মেজাজ উন্নত কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়। আমি সকলোৱে জানো যে ৰাতি সাত ঘণ্টাৰো কম টোপনিয়ে আমাক খিংখিঙীয়া কৰি তুলিব পাৰে আৰু টোপনিৰ অভাৱত আমি অতি কঠিন সময়ৰ মাজেৰে পাৰ হোৱা যেন অনুভৱ কৰিব পাৰো। শেহতীয়াকৈ আমেৰিকাৰ এগৰাকী সামগ্ৰিক চিকিৎসা চিকিৎসক মেৰীবেথ আয়াৰে ছ’চিয়েল মিডিয়াত জনাইছে যে মানুহৰ টোপনিৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰা বস্তুবোৰ কি কি। এই চিনবোৰ চিনি পোৱাটো যথেষ্ট সহজ।


মেৰীবেথ আয়াৰে পৰামৰ্শ দিছে, ‘শৰীৰৰ প্ৰাথমিক চাপৰ হৰম’ন কৰ্টিছলৰ উচ্চ মাত্ৰা ইয়াৰ বাবে দায়ী হ’ব পাৰে। কৰ্টিছল বৃদ্ধিৰ ফলত ওজন বৃদ্ধি, উচ্চ ৰক্তচাপ, পেশী কমি যোৱা, মেজাজৰ পৰিৱৰ্তন, ডায়েবেটিছ আৰু টোপনিৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। হোলিষ্টিক প্ৰেকটিচনাৰ মেৰীবেথ আয়ৰে ১০টা বেয়া টোপনিৰ অভ্যাসৰ বিষয়ে ব্যাখ্যা কৰিছে যিবোৰ মানসিক চাপৰ হৰম’ন বৃদ্ধিৰ লক্ষণ। যদি আপুনি এই লক্ষণসমূহৰ ৩টাও দেখা পায় তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

১০ টা বেয়া টোপনিৰ অভ্যাস

বেছিভাগ ৰাতি ৩ৰ পৰা ৪ বজাৰ ভিতৰত সাৰ পোৱা
মানসিক চাপৰ সপোন দেখা
প্ৰচুৰ ঘাম ওলোৱা
শোৱাৰ আগতে মগজু শান্ত নোহোৱা
সাৰ পোৱাৰ লগে লগে কান্ধ, ডিঙি বা হাতত বিষ অনুভৱ কৰা
গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰা কিন্তু টোপনিৰ সময় হ’লে শুব নোৱাৰা
গোটেই ৰাতি ইকাটি-সিকাটি
ৰাতি দাঁত কৰচি থকা
শুই থকাৰ সময়ত অধিক গৰম অনুভৱ কৰা
ভাগৰুৱা অনুভৱ কৰা

বেয়া টোপনি হ’লে কি কৰিব?

দৈনিক ৱৰ্কআউট, কম কেফেইন, মানসিক চাপ নিয়ন্ত্ৰণ আৰু স্বাস্থ্যসন্মত খাদ্যই কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। আয়াৰে শোৱাৰ এঘণ্টা আগতে গ্ৰীক দৈ, বাদামৰ মাখন, আৰু এটা কল খাবলৈ পৰামৰ্শ দিয়ে। সৰু প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্টে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে, যাৰ ফলত টোপনি ভাল হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ