--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এজন ব্যক্তি যাক তেওঁৰ অনুৰাগীয়ে সোণৰখনি হিচাপে অভিহিত কৰে। দৰাচলতে এই টিকটকাৰজনৰ হেঁপাহ বৰ আচৰিত। এই টিকটকাৰজনে সকলো সময়তে নিজৰ শৰীৰত দুই কিলোগ্ৰাম গহনা পিন্ধে৷ তাৰ উপৰিও তেওঁৰ বাইক আৰু গাড়ীও সোণৰ। ভিয়েটনামৰ এই ব্যক্তিজনৰ নাম ট্ৰান ডুক লোই। তেওঁৰ সোণৰ ওপৰত যেন ঢালি দিছে সম্পূৰ্ণ আৱেগ। যেতিয়া এই ব্যক্তিজনে ৰাস্তাত খোজকাঢ়ে, মানুহে তেওঁক ৰ' লাগি চায়। তেওঁ হৈছে ভিয়েটনামৰ ৩৯ বছৰীয়া ট্ৰান৷ ট্ৰান আজিকালি ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰিছে। ট্ৰানে টিকটকত তেওঁৰ অদ্ভুত কিছুমান ভিডিঅ'ৰে জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে যেতিয়া তেওঁ ৰাস্তাত খোজকাঢ়ে, মানুহে তেওঁলৈ বৰ উৎসুকতাৰে চায়৷ তেওঁলোকৰ মনত এটাই প্ৰশ্ন এই মানুহজনৰ আৰু কিমান সোণ আছে? তেওঁ এন জিয়াং নামৰ এখন ৰাজ্যত বাস কৰে। সোণৰ প্ৰতি তেওঁৰ আছে অত্যধিক দুৰ্বলতা৷ যাৰ বাবে তেওঁ কেৱল ভিয়েটনামতে নহয়, সমগ্ৰ বিশ্বতে শিৰোনাম দখল কৰিছে। ট্ৰানে সদায় ২ কিলোগ্ৰাম সোণ পিন্ধি ঘৰৰ পৰা ওলাই আহে। ট্ৰানে দক্ষিণ আমেৰিকাৰ এক বিশেষ প্ৰজাতিৰ জেঠী বিক্ৰী কৰে। এই জেঠী দুৰ্লভ হোৱাৰ বাবে তেওঁ যথেষ্ট ব্যয়বহুলভাৱে বিক্ৰী কৰিব পাৰে। ট্ৰানে কৈছে যে তেওঁ ব্যৱসায়ত অৰ্জন কৰা সফলতাৰ কাৰণ হৈছে সোণ। তেওঁ সোণক নিজৰ বাবে যথেষ্ট ভাগ্যৱান বুলি বিবেচনা কৰে। ইয়াৰ বাবে তেওঁ সদায় সোণৰ অলংকাৰ পিন্ধে। আগতে তেওঁ কেৱল কেইটামান অলংকাৰ পিন্ধিছিল, কিন্তু এতিয়া তেওঁৰ শৰীৰটো সোণৰ অলংকাৰেৰে ভৰপূৰ। ট্ৰানে কৈছে যে তেওঁ সৰু গহনা পৰিধান নকৰে কাৰণ সেয়া সহজে ভাঙিব পাৰে। ট্ৰানৰ ডিঙিত প্ৰায় ২৫০ গ্ৰাম ওজনৰ নেকলেস আছে। ই ড্ৰেগন আকৃতিৰ। তেওঁ হাতত ১০টা সোণৰ আঙুঠি, এডাল ডাঠ ব্ৰেচলেট আৰু এটা সোণৰ প্লেটেড ঘড়ীও পৰিধান কৰে৷ তেওঁলোকৰ ওচৰত সোণৰ প্লেটেড গাড়ী আৰু বাইকো আছে। গাড়ীবোৰত সোণৰ পানী ঢালিবলৈ তেওঁলোকৰ বহুত খৰচ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব