--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এজন ব্যক্তি যাক তেওঁৰ অনুৰাগীয়ে সোণৰখনি হিচাপে অভিহিত কৰে। দৰাচলতে এই টিকটকাৰজনৰ হেঁপাহ বৰ আচৰিত। এই টিকটকাৰজনে সকলো সময়তে নিজৰ শৰীৰত দুই কিলোগ্ৰাম গহনা পিন্ধে৷ তাৰ উপৰিও তেওঁৰ বাইক আৰু গাড়ীও সোণৰ। ভিয়েটনামৰ এই ব্যক্তিজনৰ নাম ট্ৰান ডুক লোই। তেওঁৰ সোণৰ ওপৰত যেন ঢালি দিছে সম্পূৰ্ণ আৱেগ। যেতিয়া এই ব্যক্তিজনে ৰাস্তাত খোজকাঢ়ে, মানুহে তেওঁক ৰ' লাগি চায়। তেওঁ হৈছে ভিয়েটনামৰ ৩৯ বছৰীয়া ট্ৰান৷ ট্ৰান আজিকালি ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয় হৈ পৰিছে। ট্ৰানে টিকটকত তেওঁৰ অদ্ভুত কিছুমান ভিডিঅ'ৰে জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁ কয় যে যেতিয়া তেওঁ ৰাস্তাত খোজকাঢ়ে, মানুহে তেওঁলৈ বৰ উৎসুকতাৰে চায়৷ তেওঁলোকৰ মনত এটাই প্ৰশ্ন এই মানুহজনৰ আৰু কিমান সোণ আছে? তেওঁ এন জিয়াং নামৰ এখন ৰাজ্যত বাস কৰে। সোণৰ প্ৰতি তেওঁৰ আছে অত্যধিক দুৰ্বলতা৷ যাৰ বাবে তেওঁ কেৱল ভিয়েটনামতে নহয়, সমগ্ৰ বিশ্বতে শিৰোনাম দখল কৰিছে। ট্ৰানে সদায় ২ কিলোগ্ৰাম সোণ পিন্ধি ঘৰৰ পৰা ওলাই আহে। ট্ৰানে দক্ষিণ আমেৰিকাৰ এক বিশেষ প্ৰজাতিৰ জেঠী বিক্ৰী কৰে। এই জেঠী দুৰ্লভ হোৱাৰ বাবে তেওঁ যথেষ্ট ব্যয়বহুলভাৱে বিক্ৰী কৰিব পাৰে। ট্ৰানে কৈছে যে তেওঁ ব্যৱসায়ত অৰ্জন কৰা সফলতাৰ কাৰণ হৈছে সোণ। তেওঁ সোণক নিজৰ বাবে যথেষ্ট ভাগ্যৱান বুলি বিবেচনা কৰে। ইয়াৰ বাবে তেওঁ সদায় সোণৰ অলংকাৰ পিন্ধে। আগতে তেওঁ কেৱল কেইটামান অলংকাৰ পিন্ধিছিল, কিন্তু এতিয়া তেওঁৰ শৰীৰটো সোণৰ অলংকাৰেৰে ভৰপূৰ। ট্ৰানে কৈছে যে তেওঁ সৰু গহনা পৰিধান নকৰে কাৰণ সেয়া সহজে ভাঙিব পাৰে। ট্ৰানৰ ডিঙিত প্ৰায় ২৫০ গ্ৰাম ওজনৰ নেকলেস আছে। ই ড্ৰেগন আকৃতিৰ। তেওঁ হাতত ১০টা সোণৰ আঙুঠি, এডাল ডাঠ ব্ৰেচলেট আৰু এটা সোণৰ প্লেটেড ঘড়ীও পৰিধান কৰে৷ তেওঁলোকৰ ওচৰত সোণৰ প্লেটেড গাড়ী আৰু বাইকো আছে। গাড়ীবোৰত সোণৰ পানী ঢালিবলৈ তেওঁলোকৰ বহুত খৰচ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক