--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান যুগত প্ৰেমৰ বাৰ্তা পঠিয়াবলৈ সহজ উপায় হৈছে হোৱাটছএপ৷ কিন্তু সাৱধান! হৃদয়ৰ বাৰ্তা পঠিয়াওতে হোৱাটএপত ভুলটো নপঠিয়াব ৰঙা হাৰ্টৰ ইমোজি৷ এই ৰঙা ইমোজিটোৱে বিপদ মাতিব পাৰে আপোনাৰ জীৱনলৈ৷ আপুনিও হ'ব পাৰে ৰঙা ঘৰৰ আলহী! এনে এক ঘটনাৰ সাক্ষী হ'ল চৌদি আৰব৷ চৌদি আৰবত হোৱাটছএপত ৰঙা হাৰ্টৰ ইমোজি প্ৰেৰণ কৰিলে কাৰাগাৰ লৈ যাব পাৰে। ইয়াৰ উপৰি প্ৰেৰকজনৰ ২০ লাখ টকালৈকে জৰিমনা বিহা হ'ব পাৰে। এই বাৰ্তা প্ৰাপ্তকৰ্তাই আৰক্ষীৰ ওচৰত অভিযোগ কৰিলেই বিপদত পৰিব বাৰ্তা প্ৰেৰকজন। চৌদি আৰবৰ আইন অনুসৰি প্ৰেৰকজন দোষী সাব্যস্ত হয়, তেন্তে তেওঁ দুইৰ পৰা পাঁচ বছৰ কাৰাবাসৰ খাটিবলগীয়া হ'ব পাৰে৷ এজন চৌদি আৰবৰ চাইবাৰ অপৰাধ বিশেষজ্ঞই এই কথা স্পষ্ট কৰিছিল৷ ইয়াৰ উপৰি প্ৰেৰকজনক এক লাখ চৌদি ৰিয়েল জৰিমনা বিহা হ'ব পাৰে। ভাৰতীয় টকাত এই পৰিমাণ ২০০০০০০তকৈ অধিক হ'ব। চৌদি বাতৰি কাকতত দিয়া এক বিবৃতিত চৌদি আৰবৰ এণ্টি-ফ্ৰড এছ'চিয়েশ্যনৰ সদস্য আল মোয়াতাজ কুটবিয়ে কয় যে হোৱাটছএপত ৰঙা হৃদয়ৰ ইমোজি প্ৰেৰণ কৰাটো এক নিৰ্যাতনৰ অপৰাধ। তেওঁ কয় যে অনলাইন চেটিঙৰ সময়ত যদি প্ৰাপ্তকৰ্তাই এখন ছবি বা ইমোজিৰ সৈতে গোচৰ ৰুজু কৰে, তেন্তে এই হাৰাশাস্তি অপৰাধৰ শ্ৰেণীৰ অধীনলৈ আহিব। চৌদি আৰবৰ এনে অপৰাধৰ বাবে শূন্য সহনশীলতাৰ নীতি আছে। তেওঁ লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ব্যৱহাৰকাৰীসকলক যিকোনো দুজন লোকৰ কথোপকথনত বলপূৰ্বক হস্তক্ষেপ কৰা, বা অনুভূতিক আঘাত কৰা ছবি বা ইমোজি শ্বেয়াৰ কৰাৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল। তেওঁ এইটোও কৈছিল যে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে তেওঁৰ অনুভূতি নজনাকৈ আনজন ব্যক্তিলৈ ৰঙা হাৰ্টৰ ইমোজি প্ৰেৰণ কৰা পৰিহাৰ কৰিব লাগে। চৌদি আৰবৰ উৎপীড়ন বিৰোধী প্ৰণালী অনুসৰি হাৰাশাস্তি বিবৃতি, কাৰ্য বা ভংগীৰ দ্বাৰা বুজিব পাৰি। তেওঁ স্পষ্টকৈ কৈছিল যে যদি এনে বাৰ্তা প্ৰাপ্তকৰ্তাই প্ৰতিবেদন দাখিল কৰে আৰু অপৰাধটো আদালতত প্ৰমাণিত হয়, তেন্তে প্ৰেৰকজন সমস্যাত পৰিব পাৰে। এই গোচৰত দোষী সাব্যস্তজনে ১,০০,০০০তকৈও অধিক চৌদি ৰিয়েলৰ জৰিমনা বা দুবছৰৰ কাৰাদণ্ড বা দুয়োটাৰ সন্মুখীন হ'ব পাৰে। যদি একেজন ব্যৱহাৰকাৰীয়ে বাৰে বাৰে উলংঘন কৰা ধৰা পৰে, তেন্তে তেওঁ ৩০০,০০০ চৌদি ৰিয়েল জৰিমনা বা পাঁচ বছৰৰ শাস্তি বা দুয়োটাৰ সন্মুখীন হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি