--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ অৰ্থনীতি অতিকৈ বেয়া হৈ পৰিছে। শ্ৰীলংকাৰ পৰ্যাপ্ত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হৈছে, যাৰ ফলত দেশখনৰ এতিয়া পেট্ৰ'ল-ডিজেল ক্ৰয় কৰিবলৈ নগদ ধন নাই যাৰ ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত ইন্ধনৰ অভাৱ হৈছে। উল্লেখ্য যে, যিকেইটা পেট্ৰ’ল পাম্প ইন্ধন উপলদ্ধ হৈছো তাতো মানুহৰ দীঘলীয়া শাৰী শাৰী পৰিলক্ষিত হৈছে। ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে, শ্ৰীলংকাৰ অৰ্থনীতিক অৱস্থা দ্ৰুত অৱনতি ঘটিছে, শ্ৰীলংকা চৰকাৰে এই কথা নিজেই প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি ইমানেই ভয়ংকৰ যে দুয়োবিধ ইন্ধনৰ সামগ্ৰীৰ বাবে পৰিশোধ কৰিবলৈ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত আমেৰিকান ডলাৰো নাই। শ্ৰীলংকাৰ শক্তিমন্ত্ৰী উদয় গাম্মানপিলাই সোমবাৰে কয়, ‘ইন্ধনৰ সামগ্ৰী আহিছে, যদিও তেওঁলোকে ইয়াৰ বাবে ধন পৰিশোধ কৰিবলৈ সক্ষম নহয়।’ বিগত সপ্তাহত, চৰকাৰী শোধনাগাৰ চিলন পেট্ৰ’লিয়াম কৰ্পোৰেশ্যনে (চিপিচি) কৈছিল যে বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁলোকৰ ওচৰত নগদ ধন নাই। তদুপৰি চৰকাৰে নিৰ্ধাৰিণ কৰাৰ মূল্যত ডিজেল বিক্ৰী হোৱাৰ ফলত চি.পি.চি.-য়ে ২০২১ বৰ্ষত ৪১৫ নিযুত ডলাৰ লোকচানৰ সন্মুখীন হৈছে। শ্ৰীলংকাৰ শক্তি মন্ত্ৰী উদয় গাম্মানপিলাই কয় যে, গাম্মাংপিলাই কয় যে সংকটৰ পৰা বাহিৰ হোৱাৰ একমাত্ৰ উপায় হ’ল ইন্ধনৰ খুচুৰা মূল্যবৃদ্ধি কৰা। তেওঁ চৰকাৰক ইন্ধন আমদানিৰ ওপৰত শুল্ক হ্ৰাস কৰিবলৈ আহ্বান জনাইছে যাতে লাভালাভ সমূহ ৰাইজক প্ৰদান কৰিব পৰা যায়। এই মাহৰ আৰম্ভণিতে, শ্ৰীলংকাই দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আইঅ'চি)ৰ পৰা ৪০,০০০ টন ডিজেল আৰু পেট্ৰ’ল ক্ৰয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক