--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ অৰ্থনীতি অতিকৈ বেয়া হৈ পৰিছে। শ্ৰীলংকাৰ পৰ্যাপ্ত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হৈছে, যাৰ ফলত দেশখনৰ এতিয়া পেট্ৰ'ল-ডিজেল ক্ৰয় কৰিবলৈ নগদ ধন নাই যাৰ ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত ইন্ধনৰ অভাৱ হৈছে। উল্লেখ্য যে, যিকেইটা পেট্ৰ’ল পাম্প ইন্ধন উপলদ্ধ হৈছো তাতো মানুহৰ দীঘলীয়া শাৰী শাৰী পৰিলক্ষিত হৈছে। ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে, শ্ৰীলংকাৰ অৰ্থনীতিক অৱস্থা দ্ৰুত অৱনতি ঘটিছে, শ্ৰীলংকা চৰকাৰে এই কথা নিজেই প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি ইমানেই ভয়ংকৰ যে দুয়োবিধ ইন্ধনৰ সামগ্ৰীৰ বাবে পৰিশোধ কৰিবলৈ তেওঁলোকৰ ওচৰত পৰ্যাপ্ত আমেৰিকান ডলাৰো নাই। শ্ৰীলংকাৰ শক্তিমন্ত্ৰী উদয় গাম্মানপিলাই সোমবাৰে কয়, ‘ইন্ধনৰ সামগ্ৰী আহিছে, যদিও তেওঁলোকে ইয়াৰ বাবে ধন পৰিশোধ কৰিবলৈ সক্ষম নহয়।’ বিগত সপ্তাহত, চৰকাৰী শোধনাগাৰ চিলন পেট্ৰ’লিয়াম কৰ্পোৰেশ্যনে (চিপিচি) কৈছিল যে বিদেশৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁলোকৰ ওচৰত নগদ ধন নাই। তদুপৰি চৰকাৰে নিৰ্ধাৰিণ কৰাৰ মূল্যত ডিজেল বিক্ৰী হোৱাৰ ফলত চি.পি.চি.-য়ে ২০২১ বৰ্ষত ৪১৫ নিযুত ডলাৰ লোকচানৰ সন্মুখীন হৈছে। শ্ৰীলংকাৰ শক্তি মন্ত্ৰী উদয় গাম্মানপিলাই কয় যে, গাম্মাংপিলাই কয় যে সংকটৰ পৰা বাহিৰ হোৱাৰ একমাত্ৰ উপায় হ’ল ইন্ধনৰ খুচুৰা মূল্যবৃদ্ধি কৰা। তেওঁ চৰকাৰক ইন্ধন আমদানিৰ ওপৰত শুল্ক হ্ৰাস কৰিবলৈ আহ্বান জনাইছে যাতে লাভালাভ সমূহ ৰাইজক প্ৰদান কৰিব পৰা যায়। এই মাহৰ আৰম্ভণিতে, শ্ৰীলংকাই দেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন (আইঅ'চি)ৰ পৰা ৪০,০০০ টন ডিজেল আৰু পেট্ৰ’ল ক্ৰয় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা