--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনা মহামাৰীৰ সংক্ৰমণ। বিগত দুটা বছৰে জলা-কলা খুওৱাৰ পাছত কিছুপৰিমাণে শাম কাটিছিল পৰিস্থিতি। পাছে সম্পূৰ্ণৰূপে নিৰ্মূল নহ’ল ক’ৰনা। এইবাৰ আকৌ ক’ৰনাৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনে কঢ়িয়াইছে ভীতি। অ’মিক্ৰন ভীতিয়ে খেদি ফুৰিছে দেশৰ নাগৰিকক। উল্লেখ্য যে, বুধবাৰৰ দিনটোত ব্ৰিটেইনত মুঠ ৭৮,৬১০ গৰাকী লোক নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছিল। সম্প্ৰতি দেশখনত মুঠ ১.১০ কোটিৰো অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। অ’মিক্ৰন সংক্ৰমণৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে জাৰী কৰিছে এলানি সতৰ্কবাণী।

বিশ্বত অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা ব্ৰিটেইনতে প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনহাতে, মহাৰাষ্ট্ৰ আৰু কেৰালাত পুনৰ ৪ জনকৈ লোক নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মুম্বাই আৰু বুলধানাত ১জনকৈ লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে। ইফালে কেৰালাত বৰ্তমানলৈকে মুঠ ৫ জন ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হৈছে। দেশত বুধবাৰলৈকে অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পোৱা ঘটনাই শংকিত কৰি তুলিছে সকলোকে।

কেৱল মানুহৰ দেহতেই নহয় জীৱকুলৰ ওপৰতো কোপদৃষ্টি পৰিছে ক’ৰনাৰ। বেলজিয়ামৰ চিৰিয়াখানাত এটা সিংহ ক’ৰনা ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। তুৰ্কী সংবাদ মাধ্যম ডেইলী ছাৱাহে এই তথ্য প্ৰকাশ কৰিছে। জানিবলৈ পোৱা মতে, বেলজিয়ামৰ ব্ৰেগেলাট পৌৰসভাৰ অন্তৰ্গত পাইৰী ডাইজা চিৰিয়াখানা উদ্যানৰ ডানা নামৰ এটা সিংহ ক’ৰনাত আক্ৰান্ত হৈছে। চিৰিয়াখানাত মুঠ ৪টা মতা আৰু মাইকী সিংহ আছে। ইয়াৰে ভিতৰত অন্যতম ডানা। চিকিৎসকে সদৰী কৰা মতে, সিংহটোৰ জ্বৰ-কাহৰ সমস্যাই দেখা দিছিল। অস্বাভাৱিকভাবে হ্ৰাস পাইছিল ভোক। অৱশ্যে, ডানাৰ সংস্পৰ্শলৈ অহা চিৰিয়াখানাৰ কোনো ব্যক্তি ক’ৰনাত আক্ৰান্ত হোৱা নাই বুলি জনিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতবৰ্ষৰ চেন্নাইৰ এখন চিৰিয়াখানাত ক’ৰনাক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল এটা সিংহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক