--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰনা মহামাৰীৰ সংক্ৰমণ। বিগত দুটা বছৰে জলা-কলা খুওৱাৰ পাছত কিছুপৰিমাণে শাম কাটিছিল পৰিস্থিতি। পাছে সম্পূৰ্ণৰূপে নিৰ্মূল নহ’ল ক’ৰনা। এইবাৰ আকৌ ক’ৰনাৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনে কঢ়িয়াইছে ভীতি। অ’মিক্ৰন ভীতিয়ে খেদি ফুৰিছে দেশৰ নাগৰিকক। উল্লেখ্য যে, বুধবাৰৰ দিনটোত ব্ৰিটেইনত মুঠ ৭৮,৬১০ গৰাকী লোক নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছিল। সম্প্ৰতি দেশখনত মুঠ ১.১০ কোটিৰো অধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। অ’মিক্ৰন সংক্ৰমণৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জ’নছনে জাৰী কৰিছে এলানি সতৰ্কবাণী।

বিশ্বত অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ ঘটনা ব্ৰিটেইনতে প্ৰথমবাৰৰ বাবে সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনহাতে, মহাৰাষ্ট্ৰ আৰু কেৰালাত পুনৰ ৪ জনকৈ লোক নতুনকৈ অ’মিক্ৰনত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰৰ ওচমানাবাদত নতুনকৈ ২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মুম্বাই আৰু বুলধানাত ১জনকৈ লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে। ৰাজ্যখনত বৰ্তমান অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে। ইফালে কেৰালাত বৰ্তমানলৈকে মুঠ ৫ জন ব্যক্তি অ’মিক্ৰনত আক্ৰান্ত হৈছে। দেশত বুধবাৰলৈকে অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৭৩ গৰাকীলৈ বৃদ্ধি পোৱা ঘটনাই শংকিত কৰি তুলিছে সকলোকে।

কেৱল মানুহৰ দেহতেই নহয় জীৱকুলৰ ওপৰতো কোপদৃষ্টি পৰিছে ক’ৰনাৰ। বেলজিয়ামৰ চিৰিয়াখানাত এটা সিংহ ক’ৰনা ত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই। তুৰ্কী সংবাদ মাধ্যম ডেইলী ছাৱাহে এই তথ্য প্ৰকাশ কৰিছে। জানিবলৈ পোৱা মতে, বেলজিয়ামৰ ব্ৰেগেলাট পৌৰসভাৰ অন্তৰ্গত পাইৰী ডাইজা চিৰিয়াখানা উদ্যানৰ ডানা নামৰ এটা সিংহ ক’ৰনাত আক্ৰান্ত হৈছে। চিৰিয়াখানাত মুঠ ৪টা মতা আৰু মাইকী সিংহ আছে। ইয়াৰে ভিতৰত অন্যতম ডানা। চিকিৎসকে সদৰী কৰা মতে, সিংহটোৰ জ্বৰ-কাহৰ সমস্যাই দেখা দিছিল। অস্বাভাৱিকভাবে হ্ৰাস পাইছিল ভোক। অৱশ্যে, ডানাৰ সংস্পৰ্শলৈ অহা চিৰিয়াখানাৰ কোনো ব্যক্তি ক’ৰনাত আক্ৰান্ত হোৱা নাই বুলি জনিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতবৰ্ষৰ চেন্নাইৰ এখন চিৰিয়াখানাত ক’ৰনাক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল এটা সিংহ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি