--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়ে সময়ে অভিযোগ উত্থাপন হৈ যে কেন্দ্ৰ চৰকাৰে অসমক প্ৰায় প্ৰতিটো ক্ষেত্ৰতে হেয় জ্ঞান কৰি আহিছে। কেতিয়াবা এই অভিযোগ সত্যত প্ৰমাণিত হয়। শেহতীয়াকৈ এক তথ্য পোহৰলৈ আহিছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত যোৱা তিনিটা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৮,৩৮৭.৭ কোটি টকা বিচাৰি অসমে পালে মাথোঁ ৪৪.৩৭ কোটি টকা।

ৰাজ্যসভাৰ মজিয়াত সাংসদ কিশোৰীলাল মীনাই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে আগবঢ়োৱা এই তথ্যত প্ৰতিফলিত হৈছে এই কথা। তথ্য অনুসৰি অসমে তিনিটা বছৰত মাথোঁ ৪৪.৩৭ কোটি টকাহে কেন্দ্ৰৰ পৰা লাভ কৰিছে। ২০১৮-১৯ আৰু ২০১৯-২১ বিত্তীয় বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ফুটা কড়ি এটাও লাভ নকৰিলে। ২০২০-২১ বিত্তীয় বৰ্ষতহে অসমে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন শিতানত ৪৪.৩৭ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।

পূৰ্বে দুবাৰকৈ ফুটাকড়ি আৰু এইবাৰ অনুমোদন জনোৱা ৰাশিৰ মাত্ৰ ১০ শতাংশ ধনহে অসমে লাভ কৰিলে। ২০২০-২১ বিত্তীয় বৰ্ষত অসমে ২,৬৪০.৮৭ কোটি টকা বিচাৰিছিল যদিও উচ্চস্তৰীয় কমিটীয়ে ৪৩৭.১৫ কোটি টকাত অনুমোদন জনাইছিল। বিচৰা ধন পোৱাটো বাদেই অনুমোদন জনোৱা ধনৰো মাত্ৰ ১০ শতাংশ ধনহে পালে ৰাজ্যখনে। অসমে কেন্দ্ৰৰ পৰা ধনৰাশি পোৱাত ব্যৰ্থ হোৱাৰ কাৰণ দৰ্শাই মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলত সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিত জমা থকা ৰাশিৰ ৫০ শতাংশ ধনৰ ওপৰত ভিত্তি কৰিহে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ ধন মোকলাই দিয়া হয়।

এই ব্যৱস্থাৰ ফলত সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিত পৰ্যাপ্ত ধন থাকিলে উচ্চস্তৰীয় কমিটীয়ে অনুমোদন জনোৱা সত্বেও ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা আগবঢ়োৱা ধনৰ পৰিমাণটো শূন্য হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়। অৰ্থাৎ সংশ্লিষ্ট ৰাজ্য চৰকাৰে বিপদৰ সময়ত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা পৰ্যাপ্ত ধন ব্যয় নকৰিলে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত বিচাৰিলেও ৰাজ্যখনে ধন লাভ কৰাত ব্যৰ্থ হয়।

আৰু পঢ়কঃ নিৰন্তৰ প্ৰতিবাদৰ ফল! ডবকা বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ নহয় ফ’ৰলেন


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি