--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সময়ে সময়ে অভিযোগ উত্থাপন হৈ যে কেন্দ্ৰ চৰকাৰে অসমক প্ৰায় প্ৰতিটো ক্ষেত্ৰতে হেয় জ্ঞান কৰি আহিছে। কেতিয়াবা এই অভিযোগ সত্যত প্ৰমাণিত হয়। শেহতীয়াকৈ এক তথ্য পোহৰলৈ আহিছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত যোৱা তিনিটা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৮,৩৮৭.৭ কোটি টকা বিচাৰি অসমে পালে মাথোঁ ৪৪.৩৭ কোটি টকা।

ৰাজ্যসভাৰ মজিয়াত সাংসদ কিশোৰীলাল মীনাই উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে আগবঢ়োৱা এই তথ্যত প্ৰতিফলিত হৈছে এই কথা। তথ্য অনুসৰি অসমে তিনিটা বছৰত মাথোঁ ৪৪.৩৭ কোটি টকাহে কেন্দ্ৰৰ পৰা লাভ কৰিছে। ২০১৮-১৯ আৰু ২০১৯-২১ বিত্তীয় বৰ্ষত অসমে কেন্দ্ৰৰ পৰা ফুটা কড়ি এটাও লাভ নকৰিলে। ২০২০-২১ বিত্তীয় বৰ্ষতহে অসমে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন শিতানত ৪৪.৩৭ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।

পূৰ্বে দুবাৰকৈ ফুটাকড়ি আৰু এইবাৰ অনুমোদন জনোৱা ৰাশিৰ মাত্ৰ ১০ শতাংশ ধনহে অসমে লাভ কৰিলে। ২০২০-২১ বিত্তীয় বৰ্ষত অসমে ২,৬৪০.৮৭ কোটি টকা বিচাৰিছিল যদিও উচ্চস্তৰীয় কমিটীয়ে ৪৩৭.১৫ কোটি টকাত অনুমোদন জনাইছিল। বিচৰা ধন পোৱাটো বাদেই অনুমোদন জনোৱা ধনৰো মাত্ৰ ১০ শতাংশ ধনহে পালে ৰাজ্যখনে। অসমে কেন্দ্ৰৰ পৰা ধনৰাশি পোৱাত ব্যৰ্থ হোৱাৰ কাৰণ দৰ্শাই মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো বিত্তীয় বৰ্ষৰ পহিলা এপ্ৰিলত সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিত জমা থকা ৰাশিৰ ৫০ শতাংশ ধনৰ ওপৰত ভিত্তি কৰিহে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ ধন মোকলাই দিয়া হয়।

এই ব্যৱস্থাৰ ফলত সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিত পৰ্যাপ্ত ধন থাকিলে উচ্চস্তৰীয় কমিটীয়ে অনুমোদন জনোৱা সত্বেও ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা আগবঢ়োৱা ধনৰ পৰিমাণটো শূন্য হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়। অৰ্থাৎ সংশ্লিষ্ট ৰাজ্য চৰকাৰে বিপদৰ সময়ত ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা পৰ্যাপ্ত ধন ব্যয় নকৰিলে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত বিচাৰিলেও ৰাজ্যখনে ধন লাভ কৰাত ব্যৰ্থ হয়।

আৰু পঢ়কঃ নিৰন্তৰ প্ৰতিবাদৰ ফল! ডবকা বনাঞ্চলৰ গছ কাটি সম্প্ৰসাৰণ নহয় ফ’ৰলেন


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক