--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অগ্নিনিৰ্বাপক কৰ্মী আৰু স্থানীয় ৰাইজৰ যৌথ আৰু অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ অন্ততহে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহে। যাৰ ফলত এক ডাঙৰ বিপদৰ পৰা অঞ্চলটো ৰক্ষা পৰে।

ডিজিটেল ডেস্ক: শদিয়াৰ ডিক্ৰং গাঁৱত সোমবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই আকস্মিক অগ্নিকাণ্ডৰ ফলত গাঁৱখনৰ বাসিন্দা পাপ্লু চিৰিঙৰ বাসগৃহ জুয়ে গ্ৰাস কৰে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।


জানিব পৰা মতে, হঠাতে পাপ্লু চিৰিঙৰ ঘৰত জুইৰ সূত্ৰপাত হোৱা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ততালিকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক কৰ্মী আৰু স্থানীয় ৰাইজৰ যৌথ আৰু অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ অন্ততহে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহে। যাৰ ফলত এক ডাঙৰ বিপদৰ পৰা অঞ্চলটো ৰক্ষা পৰে।


যদিও জুই নিৰ্বাপন কৰা হ’ল, তথাপিও এই অগ্নিকাণ্ডৰ ভয়াৱহতা ইমানেই বেছি আছিল যে দুটাকৈ ঘৰ প্ৰায় ৫০ শতাংশকৈ ক্ষতিগ্ৰস্ত হয়। জুইৰ লেলিহান শিখাই ঘৰৰ ভিতৰত থকা বহু মূল্যৱান সা-সম্পত্তি, ঘৰুৱা আচবাব-পত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰ আদি পলকতে ভস্মীভূত কৰে।


প্ৰাথমিক মূল্যায়ন অনুসৰি, এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ লক্ষাধিক টকাৰ সম্পত্তি নিমিষতে ছাৰখাৰ হৈ যায়। প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালটোক উপযুক্ত সাহায্য প্ৰদানৰ ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে ভুক্তভোগী তথা স্থানীয় ৰাইজে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি