--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মেচ শেষ হোৱাৰ পিছতো কিশোৰজন ঘৰলৈ উভতি নাহিল। আত্মীয়-স্বজন তথা সম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰা হয় যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সম্ভেদ পোৱা হোৱা নাই।

ডিজিটেল ডেস্ক: ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত চুক্ৰেটিং ৮ নম্বৰ লাইনৰ পৰা এজন ১৪ বছৰীয়া কিশোৰ সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন ছাত্ৰজনৰ নাম দয়াল দে’। তেওঁ ডুমডুমা চুক্ৰেটিং ৮ নম্বৰস্থিত এ আৰ চি (ARC) কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল।


পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, দুলাল দে’ আৰু ৰিতা দে’ৰ একমাত্ৰ সন্তান দয়াল দে’ই কালি সন্ধিয়া আইপিএল (IPL)ৰ ফাইনেল মেচখন উপভোগ কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু মেচ শেষ হোৱাৰ পিছতো কিশোৰজন ঘৰলৈ উভতি নাহিল। আত্মীয়-স্বজন তথা সম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰা হয় যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সম্ভেদ পোৱা হোৱা নাই।


পৰিয়ালৰ লোকে ইতিমধ্যে এই সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। একমাত্ৰ সন্তানটি নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালটো শোকত ভাগি পৰিছে।


কোনো লোকে যদি এই ছাত্ৰজনৰ কিবা সন্ধান পায়, তেন্তে পলম নকৰি পৰিয়ালৰ 9394219486 এই নম্বৰত অথবা স্থানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনোৱা হৈছে। আপোনাৰ এটা সৰু সহযোগিতাই এটি অসহায় পৰিয়াললৈ হাঁহি ঘূৰাই আনিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি