--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাটি এডোখৰ ঘৰ সজাৰ বাবে উপযুক্ত হয় নে নহয় কিদৰে জানিব? মাটিৰবিভিন্ন দিশৰ ওপৰত ভিত্তি কৰি বাস্তুশাস্ত্ৰই কেতবোৰ বিশেষ মাটিত ঘৰ সজাটো ভাল বুলি কৈছে। যিবোৰ মাটিত ঘৰ সজাটো উত্তম তেনে মাটিৰ কেতবোৰ বিশেষ বৈশিষ্ট্য থাকে। বাস্তু শাস্ত্ৰৰ মতে ৰঙা মাটিত ঘৰ সজাটো উচিত নহয়। সাধাৰণতে পাহাৰৰ মাটি ৰঙা হয়।এনে মাটিত প্ৰচুৰ পৰিমাণে ৰেড অক্সাইড মিহলি হৈ থাকে। এনে মাটি খেতি বাতিৰ বাবে উপযুক্ত নহয় ।তদুপৰি এনে মাটিত উঁই পোক আৰু অন্যান্য কীট-পতংগই বাহ সাজে। সেইবাবে এনে মাটিত পাৰিলে  ঘৰ নাসাজিলেই ভাল। 

ক'লা, বগা, হালধীয়া আদি বৰণৰ মাটিত ঘৰ সাজিলে উত্তম ফলাফল পোৱা
যি মাটিৰ ৰং জুইৰ ৰঙৰ দৰে হয় তেনে মাটিত ঘৰ সাজিব নালাগে। সেউজীয়া বৰণৰ মাটি ঘৰ সজাৰ বাবে উপযুক্ত নহয়। যি মাটি অতি সুগন্ধিযুক্ত তেনে মাটি ঘৰ সজাৰ বাবে উপযুক্ত হয়।

যি মাটিৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে মাটিত ঘৰ সজা অনুচিত। যি মাটিৰ পৰা দৈৰ দৰে গোন্ধ ওলায় সেই মাটিত কল-কাৰখানা আদি স্থাপন কৰিব লাগে ।

যি মাটিত মৃতদেহৰ গোন্ধ পোৱা হয় তেনে মাটিত কেতিয়াও ঘৰ সাজিব নালাগে। তেনে মাটিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হোৱাটো নিশ্চিত। যি মাটিত পানী সহজে পৰিবহণ কৰিব পাৰি সেই মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থই শুভ ফল লাভ কৰে ।

যি মাটিত শিল মিহলি হৈ থাকে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত নহয়

গৃহ নিৰ্মাণৰ বাবে মাটি কিদৰে পৰীক্ষা কৰিব

গৃহ নিৰ্মাণৰ বাবে বাস্তুশাস্ত্ৰই মাটি পৰীক্ষা কৰাৰ এটা সাধাৰণ উপায় দিছে। ওপৰত উল্লেখ কৰা মাটিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চালি-জাৰি চোৱাৰ উপৰি এই পদ্ধতি ব্যৱহাৰ কৰিও সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হয় নে নহয়, সেয়া জানিব পাৰি। মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ সেই মাটিত এটা সৰু গাঁত খান্দিব লাগিব । 

গাঁত খান্দোতে যি মাটি ওলায় সেই মাটিৰে গাঁতটো পূৰ কৰক। যদি গাঁতটো পূৰ কৰোতে গাঁতটো ভৰ্তি হৈ যোৱাৰ পিছতো কিছু মাটি ৰৈ যায় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। আনহাতে যদি গাঁতটো ভৰ্তি কৰোঁতে মাটি কম হয়, তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মুঠেও উপযুক্ত নহয়। ইয়াৰ উপৰি আন এক পদ্ধতি ব্যৱহাৰ কৰিও মাটি পৰীক্ষা কৰিব পাৰি। 

ইয়াৰ বাবে অলপ মাটি চকলিয়াই লৈ সেই মাটিৰ ওপৰত এটা চাৰিটা মুখযুক্ত চাকি জ্বলাব লাগিব। সেই চাকি নুমাই নোযোৱালৈকে চাকিগচি লক্ষ্য কৰি থাকিব লাগিব। যদি উত্তৰ দিশে মুখ কৰি থকা চাকিগছি নুমাই শেষত নুমাই যায় তেন্তে সেই মাটিক ব্ৰাহ্মণৰ বসবাসৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়। যদি পুবমুখে থকা চাকিগছি একেবাৰে শেষত নুমাই যায় তেন্তে সেই মাটি বৈশ্যসকলৰ বসবাসৰ বাবে উপযুক্ত বুলি ভবা হয়। 

যদি দক্ষিণ দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি ক্ষত্ৰিয়সকলৰ বসবাসৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। যদি পশ্চিম দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি আন আন জাতিৰ লোকসকলৰ বসবাসৰ বাবে উপযুক্ত মাটি বুলি ধৰি ল'ব পাৰি।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ