--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুষম খাদ্য আৰু সুস্থ জীৱনশৈলী বজাই ৰখাটো সামগ্ৰিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। স্বাস্থ্য ভালকৈ ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়। কোনোৱে প্লাষ্টিকৰ বটলৰ পৰা আৰু কোনোৱে ষ্টীলৰ বটলৰ পৰা পানী খাবলৈ ভাল পায়। কোনোবাই তামৰ বাচন ভাল পায়, আন কোনোবাই মাটিৰে নিৰ্মিত পাত্ৰৰ পানী ভাল পায়। আগতে অধিকাংশ লোকে তাম বা মাটিৰ কলহৰ পানী খোৱাটো পছন্দ কৰিছিল। কিন্তু আজিকালি মাটিৰ কলহৰ ব্যৱহাৰ খুব কমেইহে দেখা যায়। 

মাত্ৰ দুই এজনেহে আজিকালি মাটিৰ কলহৰ পানী খায়। মাটিৰ কলহৰ পানীৰ বহু উপকাৰিতা আছে। মাটিৰ পাত্ৰত জমা কৰা পানী সামান্য ক্ষাৰকীয় হৈ পৰে বুলি বিশ্বাস কৰা হয়, সেয়েহে মাটিৰ কলহত ৰখা পানী খালে আপোনাৰ শৰীৰৰ বহু সমস্যাই আঁতৰি যাব। জানো আহক কি কি...

মাটিৰ কলহৰ পানীৰ উপকাৰিতা

১) কোষ্ঠকাঠিন্য দূৰ- মাটিৰ কলহৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰ শীতল ৰাখি মানুহৰ কৰ্মশক্তিও বৃদ্ধি কৰে।

২) গৰ্ভৱতী মহিলাৰ বাবে ভাল- গৰ্ভৱতী মহিলাক ফ্ৰীজত ৰখা ঠাণ্ডা পানী খাবলৈ মানা কৰা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খোৱাত কোনো হানি নহয়।

৩) ছানষ্ট্ৰ’ক ৰোধ- মাটিৰ কলহত থকা পানীয়ে ছানষ্ট্ৰ’কো ৰোধ কৰিব পাৰে। সাধাৰণতে শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ছানষ্ট্ৰ’ক বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মাটিৰ পাত্ৰৰ পানীয়ে ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰখাত সহায় কৰে যাৰ বাবে ইয়াক পান কৰাৰ ফলত ছানষ্ট্ৰ’ক ৰোধ কৰিব পৰা যায়।

৪) প্ৰাকৃতিক শীতলতা- মাটিৰ কলহত পানী জমা কৰি ৰাখিলে পানী সদায় শীতল হৈ থাকে। গ্ৰীষ্মকালত মাটি কলহৰ পানী খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় হয় আৰু হিট ষ্ট্ৰ’কৰো পৰা হাত সাৰিব পাৰি। ই দেহ-মন বহু সময়লৈকে শীতল কৰি ৰাখে।

৫) পানীৰ গুণাগুণ বৃদ্ধি কৰে- মাটিৰ কলহৰ পানীৰ গুণাগুণ অতি ভাল। মাটিৰ পাত্ৰত ৰোগ প্ৰতিৰোধ কৰাৰ বহু ধৰণৰ ক্ষমতা থাকে। তদুপৰি, ই বিষাক্ত পদাৰ্থসমূহ অঁতৰাই পানীখিনি বিশুদ্ধ কৰি ৰাখে। এই কাৰণেই মাটিৰ কলহৰ পানী অতি পৰিষ্কাৰ আৰু বিশুদ্ধ। 

৬) পানীৰ PH লেৱেল বেলেন্স- মাটিৰ কলহত ৰখা পানীৰ PH লেৱেল বেলেন্স অতি উত্তম। কলহৰ ক্ষাৰকীয় প্ৰকৃতিয়ে পানীৰ এচিডিটি নিষ্ক্ৰিয় কৰিব পাৰে, যিটো পাচনতন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে অতি উপকাৰী। ক্ষাৰকীয় পানী খালে শৰীৰৰ সামগ্ৰিক PH ভাৰসাম্য উন্নত কৰাত সহায় হয়।

৭) মেটাবলিজিম বৃদ্ধি- মাটিৰ পাত্ৰৰ পানীত টেষ্টৰনৰ সন্তুলন ৰক্ষা কৰাৰ ক্ষমতা থাকে আৰু ইয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ