--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুষম খাদ্য আৰু সুস্থ জীৱনশৈলী বজাই ৰখাটো সামগ্ৰিক স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। স্বাস্থ্য ভালকৈ ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়। কোনোৱে প্লাষ্টিকৰ বটলৰ পৰা আৰু কোনোৱে ষ্টীলৰ বটলৰ পৰা পানী খাবলৈ ভাল পায়। কোনোবাই তামৰ বাচন ভাল পায়, আন কোনোবাই মাটিৰে নিৰ্মিত পাত্ৰৰ পানী ভাল পায়। আগতে অধিকাংশ লোকে তাম বা মাটিৰ কলহৰ পানী খোৱাটো পছন্দ কৰিছিল। কিন্তু আজিকালি মাটিৰ কলহৰ ব্যৱহাৰ খুব কমেইহে দেখা যায়। 

মাত্ৰ দুই এজনেহে আজিকালি মাটিৰ কলহৰ পানী খায়। মাটিৰ কলহৰ পানীৰ বহু উপকাৰিতা আছে। মাটিৰ পাত্ৰত জমা কৰা পানী সামান্য ক্ষাৰকীয় হৈ পৰে বুলি বিশ্বাস কৰা হয়, সেয়েহে মাটিৰ কলহত ৰখা পানী খালে আপোনাৰ শৰীৰৰ বহু সমস্যাই আঁতৰি যাব। জানো আহক কি কি...

মাটিৰ কলহৰ পানীৰ উপকাৰিতা

১) কোষ্ঠকাঠিন্য দূৰ- মাটিৰ কলহৰ পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰ শীতল ৰাখি মানুহৰ কৰ্মশক্তিও বৃদ্ধি কৰে।

২) গৰ্ভৱতী মহিলাৰ বাবে ভাল- গৰ্ভৱতী মহিলাক ফ্ৰীজত ৰখা ঠাণ্ডা পানী খাবলৈ মানা কৰা হয়। কিন্তু মাটিৰ পাত্ৰৰ পানী খোৱাত কোনো হানি নহয়।

৩) ছানষ্ট্ৰ’ক ৰোধ- মাটিৰ কলহত থকা পানীয়ে ছানষ্ট্ৰ’কো ৰোধ কৰিব পাৰে। সাধাৰণতে শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত ছানষ্ট্ৰ’ক বা হিটষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মাটিৰ পাত্ৰৰ পানীয়ে ভিটামিন আৰু খনিজ পদাৰ্থ বজাই ৰখাত সহায় কৰে যাৰ বাবে ইয়াক পান কৰাৰ ফলত ছানষ্ট্ৰ’ক ৰোধ কৰিব পৰা যায়।

৪) প্ৰাকৃতিক শীতলতা- মাটিৰ কলহত পানী জমা কৰি ৰাখিলে পানী সদায় শীতল হৈ থাকে। গ্ৰীষ্মকালত মাটি কলহৰ পানী খালে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় হয় আৰু হিট ষ্ট্ৰ’কৰো পৰা হাত সাৰিব পাৰি। ই দেহ-মন বহু সময়লৈকে শীতল কৰি ৰাখে।

৫) পানীৰ গুণাগুণ বৃদ্ধি কৰে- মাটিৰ কলহৰ পানীৰ গুণাগুণ অতি ভাল। মাটিৰ পাত্ৰত ৰোগ প্ৰতিৰোধ কৰাৰ বহু ধৰণৰ ক্ষমতা থাকে। তদুপৰি, ই বিষাক্ত পদাৰ্থসমূহ অঁতৰাই পানীখিনি বিশুদ্ধ কৰি ৰাখে। এই কাৰণেই মাটিৰ কলহৰ পানী অতি পৰিষ্কাৰ আৰু বিশুদ্ধ। 

৬) পানীৰ PH লেৱেল বেলেন্স- মাটিৰ কলহত ৰখা পানীৰ PH লেৱেল বেলেন্স অতি উত্তম। কলহৰ ক্ষাৰকীয় প্ৰকৃতিয়ে পানীৰ এচিডিটি নিষ্ক্ৰিয় কৰিব পাৰে, যিটো পাচনতন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে অতি উপকাৰী। ক্ষাৰকীয় পানী খালে শৰীৰৰ সামগ্ৰিক PH ভাৰসাম্য উন্নত কৰাত সহায় হয়।

৭) মেটাবলিজিম বৃদ্ধি- মাটিৰ পাত্ৰৰ পানীত টেষ্টৰনৰ সন্তুলন ৰক্ষা কৰাৰ ক্ষমতা থাকে আৰু ইয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধিত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক