--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন চি এবিধ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিয়ে শিশুৰ বৃদ্ধি আৰু বিকাশত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঠিক কামৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। ই সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ অপৰিহাৰ্য শ্বেত ৰক্তকণিকা উৎপাদনত উদ্দীপিত কৰাত সহায় কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ভিটামিন চিয়ে শিশুৰ সাধাৰণ চৰ্দি, ফ্লু আৰু অন্যান্য ৰোগৰ সঘনতা আৰু তীব্ৰতা হ্ৰাস কৰাত সহায় কৰিব পাৰে।

শিশুৱে প্ৰায়ে ভিটামিন চিৰ অভাৱত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে। 

এই ৬ টা ফল শিশুক খুৱাব লাগে

১) আমলখিঃ আমলখি কেৱল সুস্বাদু নহয় বৰঞ্চ ভিটামিন চিৰ এক বৃহৎ উৎস। সতেজ আমলখিৰ টুকুৰা বা এগিলাচ আমলখিৰ ৰসে ভিটামিন চিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত অৰিহণা যোগাব পাৰে।

২) অমিতাঃ অমিতা হৈছে গ্রীষ্মমণ্ডলীয় ফল, য’ত ভিটামিন চি আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান প্রচুৰ পৰিমাণে থাকে। টুকুৰা টুকুৰ কৰি অমিতা শিশুক খাবলৈ দিয়া উচিত।

৩) আনাৰসঃ আনাৰস হৈছে গ্রীষ্মমণ্ডলীয় ফল যিয়ে ভাল পৰিমাণৰ ভিটামিন চি যোগান ধৰে। ইয়াৰ অনন্য সোৱাদ আৰু ৰসালতাই ইয়াক শিশুৰ বাবে আকৰ্ষণীয় কৰি তোলে। সতেজ আনাৰসৰ টুকুৰাবোৰ ফলৰ চালাডত দিব পাৰি।

৪) কিৱিঃ কিৱি ভিটামিন চিৰে সমৃদ্ধ এবিধ সৰু ফল। ইয়াৰ উপৰিও এই খাদ্য আঁহৰ এক উত্তম উৎস।

৫) কমলাঃ কমলা ভিটামিন চিৰ পৰিমাণ বেছি হোৱাৰ বাবে বিখ্যাত। সুস্বাদু আৰু সতেজ হোৱাৰ বাবে ল’ৰা-ছোৱালীৰ মাজত ই প্ৰিয়। সতেজ কমলাৰ ৰস খালে বা ফল নিজে খালে যথেষ্ট পৰিমাণৰ ভিটামিন চি লাভ কৰিব পাৰি।

৬) ষ্ট্ৰ’বেৰীঃ ষ্ট্ৰবেৰী কেৱল মিঠা আৰু সুস্বাদু নহয় বৰঞ্চ ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। ষ্ট্ৰবেৰী শিশুৰ খাদ্যত এক উত্তম সংযোজন হ’ব পাৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক