--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়াই কিছুমান মানুহে ঠাণ্ডা বা গৰম বস্তু খায় তেতিয়াই তেওঁলোকৰ দাঁতত তীব্ৰ শিৰশিৰণি অনুভূত হয়। এনে লোকে খাদ্য খোৱাৰ আগতে বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় আৰু বহু সময়ত তেওঁলোকে নিজৰ প্ৰিয় খাদ্য খাবলৈ সক্ষম নহয়। বহু সময়ত এই সমস্যাবোৰ আমাৰ নিজৰ ভুলৰ বাবেই দেখা দিয়ে, সেয়েহে কিছুমান অভ্যাস সলনি কৰাটো অতি প্ৰয়োজনীয়।

কিয় দাঁত সংবেদনশীল হৈ পৰে?

-ভাৰতত গুটখা আৰু ধঁপাত সেৱন কৰা লোকৰ সংখ্যা অতি বেছি, তেওঁলোকে অধিক এনে সমস্যাৰ সন্মুখীন হয়।
-দাঁতৰ গহ্বৰে অতি সংবেদনশীলতাৰ জন্ম দিয়ে।
-যিসকল লোকে অধিক তেলীয়া খাদ্য সেৱন কৰে তেওঁলোকে দাঁতত শিৰশিৰণিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে।
-কঠিন টুথব্ৰাছে দাঁত শিৰশিৰণিত অৰিহণা যোগায়।
-দাঁতত পাইয়ৰিয়া হ’লে পিছত দাঁতৰ শিৰশিৰণি হয়।

এইবোৰৰ সহায়ত মুক্তি পাওক

১/ কেঁচা পিঁয়াজঃ আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে পিঁয়াজ ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ সহায়ত আমি দাঁতৰ শিৰশিৰণি অনুভূতিও আঁতৰাব পাৰো। ইয়াৰ বাবে কেঁচা পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি আক্ৰান্ত দাঁতৰ মাজত হেঁচা মাৰি ধৰি তাৰ পিছত নিমখীয়া পানীৰে ধুব লাগে।

২/ নিমখীয়া পানীঃ নিমখীয়া পানী দাঁতৰ বাবে অতি উপকাৰী, ইয়াৰ বাবে আপুনি এগিলাচ পানী লাহে লাহে গৰম কৰি তাৰপাছত তাত ২ চামুচ নিমখ দিব লাগে। এই পানীৰে ৰাতিপুৱা আৰু গধূলি গাৰ্গল কৰিলে কেইদিনমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখা যাব।

৩/ সৰিয়হৰ তেলঃ সৰিয়হৰ তেল দাঁতৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ বাবে এই তেলৰ এচামুচ লৈ তাত আধা চামুচ নাৰিকল তেল আৰু অলপ নিমখ মিহলাই লওক। এতিয়া এই মিশ্ৰণটো লৈ আক্ৰান্ত দাঁতত ঘঁহি তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব।

৪/ নিম দাতুনঃ আমি সকলোৱে নিমৰ ঔষধি গুণৰ বিষয়ে অৱগত। যদি আপুনি দাঁতৰ অতি সংবেদনশীলতাৰ বাবে অসুবিধা পায়, তেন্তে প্লাষ্টিকৰ টুথব্ৰাছৰ সলনি নিম দাতুন ব্যৱহাৰ কৰক, ইয়াৰ উপকাৰ কেইদিনমানৰ ভিতৰতে দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ