--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় লক্ষ্য কৰিছে যে যেতিয়াই কিছুমান মানুহে ঠাণ্ডা বা গৰম বস্তু খায় তেতিয়াই তেওঁলোকৰ দাঁতত তীব্ৰ শিৰশিৰণি অনুভূত হয়। এনে লোকে খাদ্য খোৱাৰ আগতে বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয় আৰু বহু সময়ত তেওঁলোকে নিজৰ প্ৰিয় খাদ্য খাবলৈ সক্ষম নহয়। বহু সময়ত এই সমস্যাবোৰ আমাৰ নিজৰ ভুলৰ বাবেই দেখা দিয়ে, সেয়েহে কিছুমান অভ্যাস সলনি কৰাটো অতি প্ৰয়োজনীয়।

কিয় দাঁত সংবেদনশীল হৈ পৰে?

-ভাৰতত গুটখা আৰু ধঁপাত সেৱন কৰা লোকৰ সংখ্যা অতি বেছি, তেওঁলোকে অধিক এনে সমস্যাৰ সন্মুখীন হয়।
-দাঁতৰ গহ্বৰে অতি সংবেদনশীলতাৰ জন্ম দিয়ে।
-যিসকল লোকে অধিক তেলীয়া খাদ্য সেৱন কৰে তেওঁলোকে দাঁতত শিৰশিৰণিৰ দৰে সমস্যাৰ সন্মুখীন হ’ব পাৰে।
-কঠিন টুথব্ৰাছে দাঁত শিৰশিৰণিত অৰিহণা যোগায়।
-দাঁতত পাইয়ৰিয়া হ’লে পিছত দাঁতৰ শিৰশিৰণি হয়।

এইবোৰৰ সহায়ত মুক্তি পাওক

১/ কেঁচা পিঁয়াজঃ আমি খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে পিঁয়াজ ব্যৱহাৰ কৰো, কিন্তু ইয়াৰ সহায়ত আমি দাঁতৰ শিৰশিৰণি অনুভূতিও আঁতৰাব পাৰো। ইয়াৰ বাবে কেঁচা পিঁয়াজ টুকুৰা টুকুৰকৈ কাটি আক্ৰান্ত দাঁতৰ মাজত হেঁচা মাৰি ধৰি তাৰ পিছত নিমখীয়া পানীৰে ধুব লাগে।

২/ নিমখীয়া পানীঃ নিমখীয়া পানী দাঁতৰ বাবে অতি উপকাৰী, ইয়াৰ বাবে আপুনি এগিলাচ পানী লাহে লাহে গৰম কৰি তাৰপাছত তাত ২ চামুচ নিমখ দিব লাগে। এই পানীৰে ৰাতিপুৱা আৰু গধূলি গাৰ্গল কৰিলে কেইদিনমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখা যাব।

৩/ সৰিয়হৰ তেলঃ সৰিয়হৰ তেল দাঁতৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ বাবে এই তেলৰ এচামুচ লৈ তাত আধা চামুচ নাৰিকল তেল আৰু অলপ নিমখ মিহলাই লওক। এতিয়া এই মিশ্ৰণটো লৈ আক্ৰান্ত দাঁতত ঘঁহি তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুব।

৪/ নিম দাতুনঃ আমি সকলোৱে নিমৰ ঔষধি গুণৰ বিষয়ে অৱগত। যদি আপুনি দাঁতৰ অতি সংবেদনশীলতাৰ বাবে অসুবিধা পায়, তেন্তে প্লাষ্টিকৰ টুথব্ৰাছৰ সলনি নিম দাতুন ব্যৱহাৰ কৰক, ইয়াৰ উপকাৰ কেইদিনমানৰ ভিতৰতে দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক