--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত ভাগ লৈছিল। ইয়াৰ ঠিক পাছতে, ভাৰতৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত পোনপটীয়া মন্তব্য প্ৰকাশ কৰিলে সেই দেশৰ বৈদেশিক সচিবে। মাৰ্কিন বিদেশ সচিব এণ্টনি ব্লিংকেনে মন্তব্য কৰিছিল যে, ‘আমি ভাৰতত বৰ্ধিত মানৱ অধিকাৰ উলংঘনৰ  ঘটনাৰ ওপৰত নজৰ ৰাখিছোঁ।’

সোমবাৰে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সংবাদমেলত ব্লিংকেনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিৃল। তাতেই ব্লিংকেনে এই মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে, ‘আমি নিয়মীয়াকৈ এই বিষয়ত মত বিনিময় কৰি আছোঁ। আমি শেহতীয়াকৈ ভাৰতৰ কিছুমান চৰকাৰী বিষয়া, আৰক্ষী আৰু কাৰাগাৰৰ বিষয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অভিযোগৰ ওপৰতো নজৰ ৰাখি আহিছোঁ।’

অৱশ্যে, মূখ্যতঃ কোনটো ঘটনাৰ কথা তেওঁ ক’ব বিচাৰিছে সেই বিষয়ে স্পষ্ট মত প্ৰকাশ কৰা নাছিল  মাৰ্কিন বিদেশ সচিবগৰাকীয়ে। পাছত জয়শংকৰ বা ৰাজনাথ সিঙৰ মন্তব্যত এই বিষয়টো উল্লেখ কৰা হোৱা নাছিল।
যোৱা সপ্তাহত বাইডেনৰ ডেম'ক্ৰেটিক পৰ্টীৰ প্ৰতিনিধি ইলহান ওমৰে ভাৰতৰ মোডী চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু বিৰোধী ঘৃণাৰ অভিযোগ উত্থাপন কৰিছিল।  তেওঁ কৈছিল যে,  ‘মোডীয়ে ভাৰতৰ মুছলমান জনসংখ্যাৰ বাবে কি কৰিছে যাৰ বাবে আমি ভাৰতক বিশ্বৰ শান্তি অভিযানত আমেৰিকাৰ অংশীদাৰ বুলি ভাবিব পাৰোঁ?’ তাৰ ঠিক পাছতে  ব্লিংকেনে কৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকখনত অন্যান্য বিভিন্ন বিষয়ৰ উপৰি, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বিষয়টোও উত্থাপন হৈছিল। তাতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে দ্ব্যর্থহীন ভাষাত প্ৰকাশ কৰিছিল যে, ইউৰোপে এদিনতে যিমান পৰিমাণৰ তেল ৰাছিয়াৰ পৰা আমদানি কৰে, ভাৰতে আনকি গোটেই মাহটোত সিমানখিনি তেল আমদানি নকৰে। এনে পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপলৈহে অধিক নজৰ দিয়া উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস