--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত ভাগ লৈছিল। ইয়াৰ ঠিক পাছতে, ভাৰতৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত পোনপটীয়া মন্তব্য প্ৰকাশ কৰিলে সেই দেশৰ বৈদেশিক সচিবে। মাৰ্কিন বিদেশ সচিব এণ্টনি ব্লিংকেনে মন্তব্য কৰিছিল যে, ‘আমি ভাৰতত বৰ্ধিত মানৱ অধিকাৰ উলংঘনৰ  ঘটনাৰ ওপৰত নজৰ ৰাখিছোঁ।’

সোমবাৰে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সংবাদমেলত ব্লিংকেনৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছিৃল। তাতেই ব্লিংকেনে এই মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে, ‘আমি নিয়মীয়াকৈ এই বিষয়ত মত বিনিময় কৰি আছোঁ। আমি শেহতীয়াকৈ ভাৰতৰ কিছুমান চৰকাৰী বিষয়া, আৰক্ষী আৰু কাৰাগাৰৰ বিষয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ গুৰুতৰ অভিযোগৰ ওপৰতো নজৰ ৰাখি আহিছোঁ।’

অৱশ্যে, মূখ্যতঃ কোনটো ঘটনাৰ কথা তেওঁ ক’ব বিচাৰিছে সেই বিষয়ে স্পষ্ট মত প্ৰকাশ কৰা নাছিল  মাৰ্কিন বিদেশ সচিবগৰাকীয়ে। পাছত জয়শংকৰ বা ৰাজনাথ সিঙৰ মন্তব্যত এই বিষয়টো উল্লেখ কৰা হোৱা নাছিল।
যোৱা সপ্তাহত বাইডেনৰ ডেম'ক্ৰেটিক পৰ্টীৰ প্ৰতিনিধি ইলহান ওমৰে ভাৰতৰ মোডী চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু বিৰোধী ঘৃণাৰ অভিযোগ উত্থাপন কৰিছিল।  তেওঁ কৈছিল যে,  ‘মোডীয়ে ভাৰতৰ মুছলমান জনসংখ্যাৰ বাবে কি কৰিছে যাৰ বাবে আমি ভাৰতক বিশ্বৰ শান্তি অভিযানত আমেৰিকাৰ অংশীদাৰ বুলি ভাবিব পাৰোঁ?’ তাৰ ঠিক পাছতে  ব্লিংকেনে কৰা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে, সোমবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাষ্ট্ৰপতি বাইডেনৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকখনত অন্যান্য বিভিন্ন বিষয়ৰ উপৰি, ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বিষয়টোও উত্থাপন হৈছিল। তাতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে দ্ব্যর্থহীন ভাষাত প্ৰকাশ কৰিছিল যে, ইউৰোপে এদিনতে যিমান পৰিমাণৰ তেল ৰাছিয়াৰ পৰা আমদানি কৰে, ভাৰতে আনকি গোটেই মাহটোত সিমানখিনি তেল আমদানি নকৰে। এনে পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপলৈহে অধিক নজৰ দিয়া উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন