--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰেয়ে তেওঁৰ শেহতীয়া মন্তব্যক লৈ আকৌ এবাৰ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। শনিবাৰে ৰাজ্য চৰকাৰক সম্বোধন কৰি তেওঁ কয় যে, মহাৰাষ্ট্ৰৰ সকলো মছজিদৰ পৰা তৎক্ষণিকভাৱে লাউডস্পীকাৰ আঁতৰ কৰিব লাগে।

ৰাজে শনিবাৰে কৈছিল যে তেওঁ কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰোধী নহয়। কিন্তু, যদি ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে মহাৰাষ্ট্ৰৰ সকলো মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰাৰ ব্যৱস্থা নকৰে, তেন্তে তেওঁৰ দলৰ কৰ্মীসকলে প্ৰতিটো মছজিদৰ সন্মুখলৈ যাব আৰু হনুমান চালিচা পঢ়িব! এই সন্দৰ্ভত ৰাজে কয় যে, মছজিদৰ বাহিৰত লাউডস্পীকাৰৰ প্ৰয়োজন কি? ধৰ্ম আৰম্ভ হোৱাৰ সময়ত লাউডস্পীকাৰ আৱিষ্কাৰ কৰা হৈছিল নেকি? 


তাৰ পাছত, ৰাজে তেওঁৰ মন্তব্যৰ ব্যাখ্যাত কেইবাটাও কথা কৈছিল। ‘মই কোনো নিৰ্দিষ্ট ধৰ্ম বা প্ৰাৰ্থনাৰ বিৰোধী নহয়। কিন্তু মই মোৰ নিজৰ ধৰ্মৰ বাবেও গৌৰৱান্বিত। এই সন্দৰ্ভত ৰাজ ঠাকৰেয়ে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ অনুৰোধ কৰিব বিচাৰিম। তেওঁৰ আৱেদন হৈছে যে প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাৎ নিৰ্দেশনা জাৰী কৰিব লাগে। যাতে মুম্বাইৰ মুছলমান বসতি অঞ্চলত অৱস্থিত মাদ্ৰাছাসমূহত অনুসন্ধান অভিযান চলাব লাগে।’ ৰাজ ঠাকৰেয়ে দাবী কৰিছিল যে, ‘পাকিস্তানৰ সমৰ্থকসকলে এই সকলো ঠাইতে শিবিৰ পাতি আছে। মুম্বাই আৰক্ষীয়েও এই ঠাইবোৰত প্ৰকৃততে কি ঘটি আছে এই সকলোবোৰ জানে। আমাৰ বিধায়কসকলে সেইবোৰ কেৱল ভোট বেংকৰ উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰি আছে।’

ৰাজ ঠাকৰেয়ে শনিবাৰে মছজিদৰ লাউডস্পীকাৰ মুকলি কৰাৰ বাবে এনচিপিৰ মুৰব্বী শৰদ পাৱাৰকো সমালোচনা কৰিছিল। ‘যদি আমি জাতিগত ৰাজনীতিৰ পৰা ওলাই আহিব নোৱাৰো, তেন্তে আমি কেনেকৈ হিন্দু হ’ব পাৰোঁ?’ তেওঁ অভিযোগ কৰে। এনচিপি সন্দৰ্ভত ৰাজে কৈছিল যে, ‘এনচিপি ১৯৯৯ চনত গঠন কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই ৰাজ্যখনত জাতিগত ৰাজনীতি বৃদ্ধি পাই আহিছে। এনচিপিয়ে সদায় জাতিগত ৰাজনীতি কৰি আহিছে। আৰু এনেদৰেই তেওঁলোকে মানুহৰ মাজত বিভাজন সৃষ্টি কৰিছিল।’

অৱশ্যে, শৰদ পাৱাৰ আৰু তেওঁৰ দলক আক্ৰমণ কৰা সত্ত্বেও, ৰাজে বিজেপিৰ ওপৰত মন্তব্য দিয়াত অতি সতৰ্ক হৈ আছে। তেওঁ কয়, "উত্তৰ প্ৰদেশ নিৰন্তৰভাৱে আগবাঢ়ি গৈ আছে। মই সেইটো দেখি বৰ সুখী হৈছো। আমি বিচাৰো যে মহাৰাষ্ট্ৰও একেধৰণে বিকাশ হওক। মই অযোধ্যালৈ যাম। মইও হিন্দুত্বৰ বিষয়েও কথা পাতিম।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ