--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশাৰ আকাশত বিয়পি পৰিছে পোহৰ কণা। আপাতদৃষ্টিত, এয়া উল্কাপিণ্ড যেনেই লাগিছিল প্ৰত্যক্ষদৰ্শীৰ। পাছে সেই অনুমান অৱশেষত মিছা প্ৰমাণিত হ’ল। শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ আকাশত দেখা পোৱা পোহৰৰ কণা প্ৰকৃততে এটা চীনা ৰকেটৰ ধ্বংসাৱশেষহে আছিল।

বিগত ফেব্ৰুৱাৰী মাহত উৎক্ষেপণ কৰা হৈছিল চীনা ৰকেট চাং ঝেং বা লং মাৰ্চ ৫বি। সেই ৰকেটটোৱে শনিবাৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল। আৰু তাৰ পাছতে জ্বলি যায় আকাশীপথত। কিন্তু ভয়ৰ কোনো কাৰণ নাই বুলি জানিবলৈ পোৱা গৈছে। কিয়নো, ছাই হৈ যোৱা ৰকেটৰ অংশ প্ৰায় পৃথিৱী পৃষ্ঠত খুন্দা মাৰি বিপদৰ সৃষ্টি কৰাৰ সম্ভাৱনা এতিয়া প্ৰায় শূন্য বুলি জানিবলৈ দিছে বিশেষজ্ঞমহলে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী জনাথন মেকডৱেলে কয়, ‘আমি ভবাৰ দৰে ৰকেটটো ইতিমধ্যে পৃথিৱীৰ কক্ষপথলৈ ঘূৰি আহিছিল। সমগ্ৰ বিষয়টো মহাকাশ বিজ্ঞানীসকলৰ নিৰীক্ষণত আছিল। ইফালে জানিবলৈ পোৱা মতে, বেইজিঙে মহাকাশত নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। 'তিয়ানহে স্পেচ ষ্টেচন' নামৰ ষ্টেচনটো মুকলি কৰাৰ পূৰ্বে এতিয়া পূৰ্ণ গতিত কাম চলি আছে। আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে চীনে এই ৫বি শৈলীৰ ৰকেটবোৰ এটা এটাকৈ মহাকাশলৈ প্ৰেৰণ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ষ্টেচনৰ মডিউল আৰু অন্যান্য অংশবোৰ প্ৰেৰণৰ ব্যৱস্থা কৰা।

ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ মে’ মাহত এনে ধৰণৰ চীনা ৰকেট খহি পৰাক লৈ উত্তেজনা বৃদ্ধি পাইছিল। সেইবাৰো মহাকাশলৈ এটা মডিউল প্ৰেৰণৰ দায়িত্ব লং মাৰ্চ ৫বি ৰকেটৰ ওপৰত পৰিছিল। নিজৰ কাম সমাপ্ত কৰি ই দ্ৰুত গতিত পৃথিৱী অভিমুখে আহিছিল। নিউয়ৰ্ক বা মাদ্ৰিদৰ দৰে চহৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক ঘণীভূত হৈ পৰিছিল। পাছে সকলো চিন্তাৰ অন্ত পেলাই ৰকেটটোৰ ধ্বংসাৱশেষ ভাৰত মহাসাগৰত পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ