--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিশাৰ আকাশত বিয়পি পৰিছে পোহৰ কণা। আপাতদৃষ্টিত, এয়া উল্কাপিণ্ড যেনেই লাগিছিল প্ৰত্যক্ষদৰ্শীৰ। পাছে সেই অনুমান অৱশেষত মিছা প্ৰমাণিত হ’ল। শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ আকাশত দেখা পোৱা পোহৰৰ কণা প্ৰকৃততে এটা চীনা ৰকেটৰ ধ্বংসাৱশেষহে আছিল।

বিগত ফেব্ৰুৱাৰী মাহত উৎক্ষেপণ কৰা হৈছিল চীনা ৰকেট চাং ঝেং বা লং মাৰ্চ ৫বি। সেই ৰকেটটোৱে শনিবাৰে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছিল। আৰু তাৰ পাছতে জ্বলি যায় আকাশীপথত। কিন্তু ভয়ৰ কোনো কাৰণ নাই বুলি জানিবলৈ পোৱা গৈছে। কিয়নো, ছাই হৈ যোৱা ৰকেটৰ অংশ প্ৰায় পৃথিৱী পৃষ্ঠত খুন্দা মাৰি বিপদৰ সৃষ্টি কৰাৰ সম্ভাৱনা এতিয়া প্ৰায় শূন্য বুলি জানিবলৈ দিছে বিশেষজ্ঞমহলে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশচাৰী জনাথন মেকডৱেলে কয়, ‘আমি ভবাৰ দৰে ৰকেটটো ইতিমধ্যে পৃথিৱীৰ কক্ষপথলৈ ঘূৰি আহিছিল। সমগ্ৰ বিষয়টো মহাকাশ বিজ্ঞানীসকলৰ নিৰীক্ষণত আছিল। ইফালে জানিবলৈ পোৱা মতে, বেইজিঙে মহাকাশত নিজৰ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। 'তিয়ানহে স্পেচ ষ্টেচন' নামৰ ষ্টেচনটো মুকলি কৰাৰ পূৰ্বে এতিয়া পূৰ্ণ গতিত কাম চলি আছে। আৰু সেই পৰিকল্পনাৰ অংশ হিচাপে চীনে এই ৫বি শৈলীৰ ৰকেটবোৰ এটা এটাকৈ মহাকাশলৈ প্ৰেৰণ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ষ্টেচনৰ মডিউল আৰু অন্যান্য অংশবোৰ প্ৰেৰণৰ ব্যৱস্থা কৰা।

ইয়াৰ পূৰ্বেও বিগত বৰ্ষৰ মে’ মাহত এনে ধৰণৰ চীনা ৰকেট খহি পৰাক লৈ উত্তেজনা বৃদ্ধি পাইছিল। সেইবাৰো মহাকাশলৈ এটা মডিউল প্ৰেৰণৰ দায়িত্ব লং মাৰ্চ ৫বি ৰকেটৰ ওপৰত পৰিছিল। নিজৰ কাম সমাপ্ত কৰি ই দ্ৰুত গতিত পৃথিৱী অভিমুখে আহিছিল। নিউয়ৰ্ক বা মাদ্ৰিদৰ দৰে চহৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা অধিক ঘণীভূত হৈ পৰিছিল। পাছে সকলো চিন্তাৰ অন্ত পেলাই ৰকেটটোৰ ধ্বংসাৱশেষ ভাৰত মহাসাগৰত পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত