--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানৱাপী মছজিদৰ পৰা মথুৰা, কুতুব মিনাৰকে ধৰি  তাজমহলৰ লৈকে দেশত অব্যাহত আছে বিতৰ্কৰ। দেশৰ এচাম লোকে এইসমূহ প্ৰাচীন ঐতিহ্যত সাম্প্ৰদায়িকতাৰ ৰহন হানিবলৈ অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছে। এটাৰ পিছত আন এটা প্ৰাচীন স্মৃতিস্তম্ভৰ তলত শিৱলিঙ্গ বিচাৰি পোৱাৰ বিতৰ্কৰ মাজতে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে মুখ খুলিছে। তেওঁ কৈছিল, "মছজিদত শিৱলিঙ্গ বিচাৰি উলিওৱাটো অৰ্থহীন। 

আনকি বাৰাণসীৰ জ্ঞানৱাপী মছজিদত ভিডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰতো তেওঁ মীমাংসাৰ জৰিয়তে সমাধানত উপনীত হ'বলৈ এটা বাৰ্তা প্ৰদান কৰিছে। কিন্তু, RSS ৰ মুৰব্বীগৰাকীৰ এনে নমনীয় মনোভাৱে এতিয়া বহুতো প্ৰশ্ন উত্থাপন কৰিছে।

বৃহস্পতিবাৰে নাগপুৰত সংঘৰ এখন সভাত ভাষণ দি মোহন ভাগৱতে কয়, "আমাৰ ভক্তিগত কাৰণত কিছুমান ঠাই জড়িত আছে। আমি ও ইয়াৰ ওপৰত আমাৰ মতামত প্ৰকাশ কৰিছো। অৱশ্যে, প্ৰতিদিনে নতুন সমস্যা সৃষ্টি কৰিব নালাগে। এই বিবাদত কিয় ইন্ধন যোগোৱা হৈছে? 

যোৱা কেইমাহমানৰ পৰা মন্দিৰ-মছজিদ বিবাদত দক্ষিণপন্থী হিন্দুত্ববাদী সংগঠনসমূহৰ দাবী সন্দিহান হৈ আহিছে। এই সকলোবোৰ বাৰাণসীৰ জ্ঞানৱাপী মন্দিৰৰ পৰা আৰম্ভ হৈছিল। হিন্দু পক্ষই দাবী কৰিছিল যে শিৱলিঙ্গ মছজিদৰ ভিতৰত পোৱা গৈছিল। মুছলিম পক্ষই দাবী কৰে যে ই শিৱলিংগ নহয়, ই প্ৰকৃততে এটা ঝৰ্ণা। গোচৰটো আদালত পৰ্যন্ত যায়। 

এই বিতৰ্কৰ মাজত মোহন ভাগৱতৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ধৰ্মীয় সংস্থাবোৰক সতৰ্ক কৰি দিয়া  গৈছিল যে ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস কৰাৰ দৰে এক পৰিস্থিতি পুনৰ সৃষ্টি  হ'ব পাৰে। অৱশ্যে, মোহন ভাগৱতৰ মন্তব্য যথেষ্ট পৃথক। তেওঁ কয়, " আমি ইতিহাস সলনি কৰিব নোৱাৰো। আজি হিন্দু বা মুছলমান কোনোৱেই এই ইতিহাস সৃষ্টি কৰা নাই। এই সকলোবোৰ অতীতৰ কথা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ