--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্ঞানৱাপী মছজিদৰ পৰা মথুৰা, কুতুব মিনাৰকে ধৰি  তাজমহলৰ লৈকে দেশত অব্যাহত আছে বিতৰ্কৰ। দেশৰ এচাম লোকে এইসমূহ প্ৰাচীন ঐতিহ্যত সাম্প্ৰদায়িকতাৰ ৰহন হানিবলৈ অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছে। এটাৰ পিছত আন এটা প্ৰাচীন স্মৃতিস্তম্ভৰ তলত শিৱলিঙ্গ বিচাৰি পোৱাৰ বিতৰ্কৰ মাজতে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱতে মুখ খুলিছে। তেওঁ কৈছিল, "মছজিদত শিৱলিঙ্গ বিচাৰি উলিওৱাটো অৰ্থহীন। 

আনকি বাৰাণসীৰ জ্ঞানৱাপী মছজিদত ভিডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰতো তেওঁ মীমাংসাৰ জৰিয়তে সমাধানত উপনীত হ'বলৈ এটা বাৰ্তা প্ৰদান কৰিছে। কিন্তু, RSS ৰ মুৰব্বীগৰাকীৰ এনে নমনীয় মনোভাৱে এতিয়া বহুতো প্ৰশ্ন উত্থাপন কৰিছে।

বৃহস্পতিবাৰে নাগপুৰত সংঘৰ এখন সভাত ভাষণ দি মোহন ভাগৱতে কয়, "আমাৰ ভক্তিগত কাৰণত কিছুমান ঠাই জড়িত আছে। আমি ও ইয়াৰ ওপৰত আমাৰ মতামত প্ৰকাশ কৰিছো। অৱশ্যে, প্ৰতিদিনে নতুন সমস্যা সৃষ্টি কৰিব নালাগে। এই বিবাদত কিয় ইন্ধন যোগোৱা হৈছে? 

যোৱা কেইমাহমানৰ পৰা মন্দিৰ-মছজিদ বিবাদত দক্ষিণপন্থী হিন্দুত্ববাদী সংগঠনসমূহৰ দাবী সন্দিহান হৈ আহিছে। এই সকলোবোৰ বাৰাণসীৰ জ্ঞানৱাপী মন্দিৰৰ পৰা আৰম্ভ হৈছিল। হিন্দু পক্ষই দাবী কৰিছিল যে শিৱলিঙ্গ মছজিদৰ ভিতৰত পোৱা গৈছিল। মুছলিম পক্ষই দাবী কৰে যে ই শিৱলিংগ নহয়, ই প্ৰকৃততে এটা ঝৰ্ণা। গোচৰটো আদালত পৰ্যন্ত যায়। 

এই বিতৰ্কৰ মাজত মোহন ভাগৱতৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ধৰ্মীয় সংস্থাবোৰক সতৰ্ক কৰি দিয়া  গৈছিল যে ১৯৯২ চনত বাবৰি মছজিদ ধ্বংস কৰাৰ দৰে এক পৰিস্থিতি পুনৰ সৃষ্টি  হ'ব পাৰে। অৱশ্যে, মোহন ভাগৱতৰ মন্তব্য যথেষ্ট পৃথক। তেওঁ কয়, " আমি ইতিহাস সলনি কৰিব নোৱাৰো। আজি হিন্দু বা মুছলমান কোনোৱেই এই ইতিহাস সৃষ্টি কৰা নাই। এই সকলোবোৰ অতীতৰ কথা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে