--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  দেশত অবাঞ্চিত ধৰ্মীয় উন্মাদনা আৰু ৰাজনৈতিক বিতৰ্কৰ নতুন কেন্দ্ৰ হৈ পৰিছে জ্ঞানৱাপী মছজিদ। মছজিদটো হিন্দু মন্দিৰৰ ভূমিত প্ৰতিষ্ঠা কৰিবলৈ কৰা চেষ্টাই এতিয়া ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। ন্যায়ালয়ৰ হস্তক্ষেপ ধৰ্মীয় স্থলটোত স্থিতাৱস্থা বাহাল ৰখা হৈছে যদিও একাংশ ধৰ্মগুৰুৱে এতিয়া ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰি অধিক অস্থিৰতা সৃষ্টিৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে।

শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ এগৰাকী শিষ্যই ঘোষণা কৰিছে যে, তেওঁৰ অনুগামীসকলে ৪ জুনত জ্ঞানৱাপীত উদ্ধাৰ হোৱা শিৱলিংগত পূজা-অৰ্চনা আগবঢ়াব। এই বিতৰ্কিত ঘোষণা কৰা শংকৰাচাৰ্যৰ শিষ্যজন হৈছে স্বামী অভিমুক্তেশ্বৰানন্দ। তেওঁ কয় যে, যদিহে তেওঁলোকক শিৱলিংগত পূজা অৰ্চনা কৰাৰ পৰা প্ৰশাসনে বাৰণ কৰে তেন্তে তেওঁ শংকৰাচাৰ্যক এই বিষয়ে অৱগত কৰিব আৰু তেওঁৰ নিৰ্দেশ পালন কৰিব।

স্বামী স্বৰূপানন্দ সৰস্বতী হৈছে গুজৰাটৰ দ্বাৰকা শ্বাৰাদা পীঠম আৰু বদ্ৰীনাথৰ জ্যোতি মঠৰ শংকৰাচাৰ্য। স্বামী অভিমুক্তেশ্বৰানন্দে বাৰানসীত সাংবাদিকৰ আগত কয় যে, ধৰ্ম সম্পৰ্কত ধৰ্মাচাৰ্যগৰাকীৰ সিদ্ধান্তই হৈছে চূড়ান্ত। উচ্চতম ন্যায়ালয়ে যিদৰে আইন নিৰ্ধাৰণ কৰে তেনেদৰে ধৰ্মৰ পথ বা নিৰ্দেশনা নিৰ্ধাৰণ কৰে ধৰ্মাচাৰ্যই। সনাতন ধৰ্মত শংকৰাচাৰ্য হৈছে আটাইতকৈ ডাঙৰ আচাৰ্য আৰু স্বৰূপানন্দ হৈছে আটাইতকৈ জ্যেষ্ঠ। 

তেওঁ লগতে কয়, জ্ঞানৱাপীত বিশ্বনাথজী অৰ্থাত ভগৱান শিৱ প্ৰকট হৈছে। আমি তাত হিন্দু সম্প্ৰদায়ৰ হৈ পূজা-অৰ্চনা কৰাৰ বাবে তাত সকলো জা-যোগাৰ কৰিছোঁ। আমি কোনো ৰাজনৈতিৰ হিন্দু নহয়, আমি হৈছোঁ প্ৰকৃত হিন্দু। শনিবাৰে পূজা-অৰ্চনা কৰাৰ কথা ঘোষণা কৰি তেওঁ এই মন্তব্য কৰে। 

ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা এটা বিষয়ত ধৰ্মগুৰুৰ এনে হস্তক্ষেপ আৰু বলপূৰ্বক ধৰ্মীয় আচৰণ কৰাৰ সিদ্ধন্তই পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা আছে বুলি কোৱা হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ