--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :  দেশত অবাঞ্চিত ধৰ্মীয় উন্মাদনা আৰু ৰাজনৈতিক বিতৰ্কৰ নতুন কেন্দ্ৰ হৈ পৰিছে জ্ঞানৱাপী মছজিদ। মছজিদটো হিন্দু মন্দিৰৰ ভূমিত প্ৰতিষ্ঠা কৰিবলৈ কৰা চেষ্টাই এতিয়া ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। ন্যায়ালয়ৰ হস্তক্ষেপ ধৰ্মীয় স্থলটোত স্থিতাৱস্থা বাহাল ৰখা হৈছে যদিও একাংশ ধৰ্মগুৰুৱে এতিয়া ন্যায়ালয়ৰ নিৰ্দেশকো অমান্য কৰি অধিক অস্থিৰতা সৃষ্টিৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে।

শংকৰাচাৰ্য স্বামী স্বৰূপানন্দ সৰস্বতীৰ এগৰাকী শিষ্যই ঘোষণা কৰিছে যে, তেওঁৰ অনুগামীসকলে ৪ জুনত জ্ঞানৱাপীত উদ্ধাৰ হোৱা শিৱলিংগত পূজা-অৰ্চনা আগবঢ়াব। এই বিতৰ্কিত ঘোষণা কৰা শংকৰাচাৰ্যৰ শিষ্যজন হৈছে স্বামী অভিমুক্তেশ্বৰানন্দ। তেওঁ কয় যে, যদিহে তেওঁলোকক শিৱলিংগত পূজা অৰ্চনা কৰাৰ পৰা প্ৰশাসনে বাৰণ কৰে তেন্তে তেওঁ শংকৰাচাৰ্যক এই বিষয়ে অৱগত কৰিব আৰু তেওঁৰ নিৰ্দেশ পালন কৰিব।

স্বামী স্বৰূপানন্দ সৰস্বতী হৈছে গুজৰাটৰ দ্বাৰকা শ্বাৰাদা পীঠম আৰু বদ্ৰীনাথৰ জ্যোতি মঠৰ শংকৰাচাৰ্য। স্বামী অভিমুক্তেশ্বৰানন্দে বাৰানসীত সাংবাদিকৰ আগত কয় যে, ধৰ্ম সম্পৰ্কত ধৰ্মাচাৰ্যগৰাকীৰ সিদ্ধান্তই হৈছে চূড়ান্ত। উচ্চতম ন্যায়ালয়ে যিদৰে আইন নিৰ্ধাৰণ কৰে তেনেদৰে ধৰ্মৰ পথ বা নিৰ্দেশনা নিৰ্ধাৰণ কৰে ধৰ্মাচাৰ্যই। সনাতন ধৰ্মত শংকৰাচাৰ্য হৈছে আটাইতকৈ ডাঙৰ আচাৰ্য আৰু স্বৰূপানন্দ হৈছে আটাইতকৈ জ্যেষ্ঠ। 

তেওঁ লগতে কয়, জ্ঞানৱাপীত বিশ্বনাথজী অৰ্থাত ভগৱান শিৱ প্ৰকট হৈছে। আমি তাত হিন্দু সম্প্ৰদায়ৰ হৈ পূজা-অৰ্চনা কৰাৰ বাবে তাত সকলো জা-যোগাৰ কৰিছোঁ। আমি কোনো ৰাজনৈতিৰ হিন্দু নহয়, আমি হৈছোঁ প্ৰকৃত হিন্দু। শনিবাৰে পূজা-অৰ্চনা কৰাৰ কথা ঘোষণা কৰি তেওঁ এই মন্তব্য কৰে। 

ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা এটা বিষয়ত ধৰ্মগুৰুৰ এনে হস্তক্ষেপ আৰু বলপূৰ্বক ধৰ্মীয় আচৰণ কৰাৰ সিদ্ধন্তই পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ আশংকা আছে বুলি কোৱা হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে