--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ খাদ্য সম্ভাৰৰ এটা গুৰুত্বৰ্পূণ খাদ্য সামগ্ৰী হৈছে মচুৰ দাইল৷ ই কেৱল শৰীৰৰ ক্ষেত্ৰতে পুষ্টি প্ৰদান কৰে তেনে নহয়, আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ছালৰ বিভিন্ন সমস্যা সমাধানৰো উপযোগী এইবিধ মাহজাতীয় শস্য৷ মচুৰ দাইলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি ছালৰ কোষবোৰক ফ্ৰি ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে।

আমাৰ খাদ্য সম্ভাৰৰ এটা গুৰুত্বৰ্পূণ খাদ্য সামগ্ৰী হৈছে মচুৰ দাইল

আটাইতকৈ ভাল লগা কথাটো হ’ল মচুৰ দাইল আন বহু খাদ্য দ্ৰব্যতকৈ সুলভ আৰু সহজে উপলব্ধ। মচুৰ দাইলত থকা এণ্টি অক্সিডেণ্টে ছালৰ ছেইলবোৰক ফ্ৰি ৰেডিকেলৰ সমস্যাৰ পৰা সুৰক্ষিত ৰাখে। ই বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণসমূহ যেনে- সূক্ষ্ম ৰেখা আৰু ছাল কোঁচ খোৱা সমস্যা নাইকীয়া কৰিব পাৰে। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ দাইল প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ, যি লোহিত ৰক্ত কণিকাৰ উৎপাদনত সহায় কৰে।

ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে, ফলত ছালখনৰ উজ্জ্বলতা বৃদ্ধি হয়

ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। মচুৰ দাইল আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই দাইল খালে কেৱল ছালৰ উপকাৰতো হোৱাৰ লগতে ইয়াৰ ফেচ পেক তৈয়াৰ কৰি ছালত ব্যৱহাৰ কৰিলে আমাৰ ছালৰ পুষ্টিও বহুগুণে বৃদ্ধি কৰে। মচুৰ দাইলে আমাৰ ছালত পৰা বিভিন্নধৰণৰ দাগ দূৰ কৰাত আৰু ছালৰ বাবে টোনাৰৰ কাম কৰি ছাল মসৃণ কৰাত সহায় কৰে। যদি আপুনি ইয়াক ফেচ পেক হিচাপে ব্যৱহাৰ কৰে তেন্তে বগা চৰম আৰু ক’লা দাগৰ সমস্যাৰ সমাধান কৰিব পাৰিব৷ আধা কাপ দাইল নিশাটো পানীত তিয়াই ৰাখক। পুৱা দাইলখিনি সম্পূৰ্ণ গুড়ি নকৰাকৈ পিচি লওক। ইয়াত প্ৰায় এক-তৃতীয়াংশ কেঁচা গাখীৰ মিহলাই ভালদৰে মিশ্ৰণটো মিলাই লওক আৰু এই ফেচপেকটো মুখত লগাওক। ইয়াক অলপ সময়ৰ বাবে লাহে লাহে হাতেৰে মালিচ কৰক । এনেদৰে ২০ মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ধুই দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ