--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আমাৰ খাদ্য সম্ভাৰৰ এটা গুৰুত্বৰ্পূণ খাদ্য সামগ্ৰী হৈছে মচুৰ দাইল৷ ই কেৱল শৰীৰৰ ক্ষেত্ৰতে পুষ্টি প্ৰদান কৰে তেনে নহয়, আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে ছালৰ বিভিন্ন সমস্যা সমাধানৰো উপযোগী এইবিধ মাহজাতীয় শস্য৷ মচুৰ দাইলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যি ছালৰ কোষবোৰক ফ্ৰি ৰেডিকেলৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে।

আমাৰ খাদ্য সম্ভাৰৰ এটা গুৰুত্বৰ্পূণ খাদ্য সামগ্ৰী হৈছে মচুৰ দাইল

আটাইতকৈ ভাল লগা কথাটো হ’ল মচুৰ দাইল আন বহু খাদ্য দ্ৰব্যতকৈ সুলভ আৰু সহজে উপলব্ধ। মচুৰ দাইলত থকা এণ্টি অক্সিডেণ্টে ছালৰ ছেইলবোৰক ফ্ৰি ৰেডিকেলৰ সমস্যাৰ পৰা সুৰক্ষিত ৰাখে। ই বয়স বৃদ্ধিৰ প্ৰাৰম্ভিক লক্ষণসমূহ যেনে- সূক্ষ্ম ৰেখা আৰু ছাল কোঁচ খোৱা সমস্যা নাইকীয়া কৰিব পাৰে। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷ দাইল প্ৰচুৰ পৰিমাণে ভিটামিন চি সমৃদ্ধ, যি লোহিত ৰক্ত কণিকাৰ উৎপাদনত সহায় কৰে।

ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে, ফলত ছালখনৰ উজ্জ্বলতা বৃদ্ধি হয়

ই ছালৰ কোষবোৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ ফলত ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰে। মচুৰ দাইল আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই দাইল খালে কেৱল ছালৰ উপকাৰতো হোৱাৰ লগতে ইয়াৰ ফেচ পেক তৈয়াৰ কৰি ছালত ব্যৱহাৰ কৰিলে আমাৰ ছালৰ পুষ্টিও বহুগুণে বৃদ্ধি কৰে। মচুৰ দাইলে আমাৰ ছালত পৰা বিভিন্নধৰণৰ দাগ দূৰ কৰাত আৰু ছালৰ বাবে টোনাৰৰ কাম কৰি ছাল মসৃণ কৰাত সহায় কৰে। যদি আপুনি ইয়াক ফেচ পেক হিচাপে ব্যৱহাৰ কৰে তেন্তে বগা চৰম আৰু ক’লা দাগৰ সমস্যাৰ সমাধান কৰিব পাৰিব৷ আধা কাপ দাইল নিশাটো পানীত তিয়াই ৰাখক। পুৱা দাইলখিনি সম্পূৰ্ণ গুড়ি নকৰাকৈ পিচি লওক। ইয়াত প্ৰায় এক-তৃতীয়াংশ কেঁচা গাখীৰ মিহলাই ভালদৰে মিশ্ৰণটো মিলাই লওক আৰু এই ফেচপেকটো মুখত লগাওক। ইয়াক অলপ সময়ৰ বাবে লাহে লাহে হাতেৰে মালিচ কৰক । এনেদৰে ২০ মিনিট সময় ৰাখি ঠাণ্ডা পানীৰে ধুই দিয়ক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া