--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ সমগ্ৰ দেশতে এখন ছবিকলৈ বেছ চৰ্চা চলিছে।চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালায়ে পৰিচালনা কৰা এখন তথ্যচিত্ৰ, নাম কালীৰ পোষ্টাৰকলৈ তুমুল বিতৰ্ক হৈছে। ছবিখনৰ পোষ্টাৰত মা- কালীক চিগাৰেট সেৱন কৰি থকা দেখুওৱা হৈছে।

দিল্লীৰ এগৰাকী অধিবক্তাই শেহতীয়াকৈ পৰিচালক লীনা মণিমেকালাইৰ বিৰুদ্ধে তেওঁৰ নতুন তথ্যচিত্ৰখনৰ বিতৰ্কিত পোষ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে। উক্ত বিতৰ্কিত পোষ্টাৰখন মণিমেকলাই ২ জুলাইত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

 সামাজিক মাধ্যমত পোষ্টাৰখন বিয়পি পৰাৰ লগে-লগে এতিয়া পৰিচালকগৰাকীৰ বিৰুদ্ধে সকলো লোক আক্ৰমণাত্মক হৈ পৰিছে। শেহতীয়াকৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই বিষয়টো কালীৰ বিষয়ে কৰা মন্তব্যই আন এক বিতৰ্কৰ সৃষ্টি কৰিছে। মঙলবাৰে মহুয়া মৈত্ৰাই কৈছিল, "মোৰ বাবে কালী মানে মাংস খোৱা আৰু সুৰা গ্ৰহণ কৰা দেৱী। আপুনি আপোনাৰ ঈশ্বৰক কেনেদৰে চাব বিচাৰে সেইয়া আপোনাৰ কথা। কল্পনা কৰাৰ অধিকাৰ আপোনাৰ আছে। তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই শেহতীয়াকৈ মাক কালীৰ বিষয়ে কৰা তীক্ষ্ণ মন্তব্যকলৈ এতিয়া অস্বস্তিত পৰিছে তেওঁৰ দল তৃণমূল কংগ্ৰেছো। 

তেওঁৰ মন্তব্যৰ বিৰুদ্ধে সকলো ঠাইতে নিন্দাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে তৃণমূল কংগ্ৰেছে এক নিৰাপদ দূৰত্বতত অৱস্থান কৰা দেখা গৈছে।লোকৰ আক্ৰমণৰ বলি হোৱা সাংসদ মহুৱা মৈত্ৰক সমৰ্থন কৰাৰ সলনি তৃণমূলে এইবুলি কৈছে যে সাংসদগৰাকীয়ে যি মন্তব্য কৰিছে সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত মন্তব্য। এই মন্তব্যৰ সৈতে দলৰ কোনো সম্পৰ্ক নাই। মহুয়াৰ মন্তব্যৰ শেহতীয়াকৈ তৃণমূল কংগ্ৰেছে টুইটাৰত বিৰোধিতা কৰাৰ পিছতে স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে সাংসদ মহুৱা।

 ক্ষোভ উজাৰিবলৈ মহুয়াই টুইটাৰত নিজৰ দল তৃণমূলক আনফলো কৰিছে ।তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰাই তৃণমূলৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটোও আনফলো কৰিছে । এক কথাত ক’বলৈ গ’লে কালীক লৈ কৰা মন্তব্যৰ বাবেই মহুৱা মৈত্ৰ এতিয়া দলৰ ভিতৰতে এলাগী হৈ পৰিছে। মহুয়াই আনকিু মমতাৰ বেনাৰ্জীৰ টুইটাৰো আনফলো কৰা বুলি জানিব পৰা গৈছে।

 বিতৰ্কিত মন্তব্য কৰি দলৰ অস্বস্তি বৃদ্ধি কৰা মহুৱাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগো একাংশ লোকে উত্থাপন কৰিছে। তাৰ পিছত তেওঁ তৃণমূলৰ টুইটাৰ হেণ্ডেলটো আনফলো কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই মঙলবাৰে কৈছিল যে মাতৃ কালী তেওঁৰ বাবে মাংস খোৱা দেৱী , এগৰাকী সুৰা সেৱনকাৰী দেৱী। মহুয়া মৈত্ৰাই ইণ্ডিয়া টুডে কনক্লেভ ইষ্ট ২০২২ ত দেৱী কালীয়ে ধূমপান কৰি থকা এখন চলচ্চিত্ৰৰ পোষ্টাৰৰ ওপৰত বিতৰ্কিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

 তেওঁৰ প্ৰতিক্ৰিয়াই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। মহুয়াই ছিকিম আৰু উত্তৰ প্ৰদেশৰ প্ৰসংগ উল্লেখ কৰি কৈছিল, "যেতিয়া আপুনি ছিকিমলৈ যাব, দেখিব যে তেওঁলোকে দেৱী কালীক হুইস্কি দিয়ে। কিন্তু যদি আপুনি উত্তৰ প্ৰদেশলৈ যায় আৰু আপুনি দেৱীক প্ৰসাদ হিচাপে হুইস্কি আগবঢ়াব বিচাৰে তেন্তে তাত তেওঁলোকে আপোনাক অধাৰ্মিক বুলি ক'ব। মন কৰিবলগীয়া কথাটো হ’ল মা কালীৰ পোষ্টাৰ শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহুলোকে কৈছে যে পোষ্টাৰখনে হিন্দু দেৱ-দেৱীক অপমান কৰিছে আৰু ধৰ্মীয় অনুভূতিক আঘাত হানিছে। মহুয়া মৈত্ৰাৰ মতামত সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ কৰি তৃণমূলে এই সন্দৰ্ভত এটা বিবৃতি দিছে।

"ইণ্ডিয়া টুডে কনক্লেভ ইষ্ট ২০২২ত দেৱী কালীৰ ওপৰত মহুয়া মৈত্ৰাৰ মতামত সম্পূৰ্ণৰূপে ব্যক্তিগত। টিএমচিৰ অফিচিয়েল হেণ্ডেলত মহুৱাক সমালোচনা কৰি টুইটটো পোষ্ট কৰাৰ পিছতে মহুয়া মৈত্ৰই তৃণমূলক টুইটাৰত আনফলো কৰে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ