--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আগভাগতে অনুষ্ঠিত হ'ব দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন। ৫ খন ৰাজ্য হ'ল সেই ৰাজ্যকেইখন হ’ল- উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰ৷ উত্তৰ প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক হিংসাও দেখিবলৈ পোৱা গৈছে। সোমবাৰে সন্ধিয়া উত্তৰ প্ৰদেশত সংঘটিত হ'ল এক নিকৃষ্ট ঘটনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক’লা পতাকা দেখুৱাই চৰ্চালৈ আহিছিল ৰীতা যাদৱ নামৰ এগৰাকী কংগ্ৰেছে নেত্ৰী।

সেই ৰীতা যাদৱকে কোনো দুৰ্বৃত্তই সোমবাৰে সন্ধিয়া গুলীয়াই গুৰুতৰভাৱে আহত কৰে। প্ৰধানমন্ত্ৰী মোদী ১৬ নৱেম্বৰত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিবলৈ উত্তৰ প্ৰদেশৰ ছুলতানপুৰত উপস্থিত হৈছিল। সেই সময়ত ৰীতা যাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ক'লা পতাকা দেখুৱাইছিল। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

দুদিন পিছত অৱশ্যে ৰীতা যাদৱে জামিন লাভ কৰিছিল আৰু কাৰাগাৰৰ পৰা বাহিৰলৈ আহিছিল। পূৰ্বে সমাজবাদী পাৰ্টীত থকা ৰীতাই সেই দলত অৱহেলিত অনুভৱ কৰি শেহতীয়াকৈ আমেঠিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা ভাদ্ৰাৰ উপস্থিতিত কংগ্ৰেছৰ সদস্যপদ লাভ কৰিছিল। তেতিয়াৰ পৰাই তেওঁ উত্তৰ প্ৰদেশত সক্ৰিয় ৰাজনীতি খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ লাম্বুয়া বিধানসভাৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। চান্দা অঞ্চলৰ লালুৰ সোনাৱা গাঁৱৰ বাসিন্দা ৰীতা যাদৱে সোমবাৰে দলীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশ ল'বলৈ আহিছিল। সভাত ভাগ লৈ সন্ধিয়া প্ৰায় ৬.৩০ বজাত এখন বলেৰ'ত ঘৰলৈ গৈ আছিল। ঘূৰি অহাৰ পথত তিনিজন লোকে ৰাজপথত লাম্বুয়াৰ ওচৰত তেওঁৰ বলেৰ' গাড়ীখনক অতিক্ৰম কৰি ৰখাইছিল আৰু তাৰ পিছত প্ৰথমে ভয়-ভাবুকি প্ৰদান কৰি পিছত ৰীতালৈ লক্ষ্য কৰি গুলীয়াইছিল।

দুৰ্বৃত্তৰ গুলী ৰীতাৰ ভৰিত লাগিছে। বৰ্তমান তেওঁ অতি সংকটজনক অৱস্থাত হাস্পাতালত চিকিৎসাধীন হৈ আছে। ৰীতা যাদৱক মুকলিকৈ গুলী চালনা কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কংগ্ৰেছে এই বিষয়টোক লৈ বিজেপিক কঠোৰ সমালোচনা কৰিছে। কংগ্ৰেছে জে পি নাড্ডাক টেগ কৰি টুইট কৰিছে। কংগ্ৰেছে এই ঘটনাক কাপুৰুষালীৰ লগত তুলনা কৰিছে। ইফালে ৰীতা যাদৱে ১৭ ডিচেম্বৰত লক্ষ্ণৌত প্ৰিয়ংকা গান্ধীকো লগ কৰিছিল। চুলতানপুৰ কংগ্ৰেছ নেতা বিজয় শ্ৰীবাস্তৱে কৈছে, যে প্ৰিয়ংকা গান্ধীয়ে এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ পৃথিৱীৰ আটাইতকৈ ধুনীয়া যুৱকজনক ৩ বছৰৰ কাৰাদণ্ড! কি অপৰাধ যুৱকজনৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন