--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ সম্পৰ্কত এটা বৃহৎ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে। হত্যাকাৰীক নিজৰ কৱললৈ অনাৰ দিশত এটা গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। কাৰাৰুদ্ধ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ লৰেন্স বিষ্ণোইক কৰা জেৰাত নতুন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জেৰাত লৰেন্স বিষ্ণয়ে  স্বীকাৰ কৰিছে যে তেওঁৰ গেঙৰ লোকেই হত্যাকাণ্ডটো সংঘটিত কৰিছিল। বিষ্ণোইক জেৰা কৰাৰ পাছত, দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এটা দল নেপালত উপস্থিত হৈছে। মুছেৱালাক হত্যা কৰা শ্বুটাৰে নেপালত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছেআৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হত্যাকাৰীকেইজন নেপাললৈ পলাই গৈছ

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰ অনুসৰি, এই হত্যাকাণ্ডত জড়িত আটাইকেইজন শ্বুটাৰক চিনাক্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এটা অলপতে শ্বুটাৰৰ সন্ধানত মুজাফ্ফৰনগৰকো অভিযান চলাইছিল। কিন্তু সেই অভিযানত আৰক্ষীয়ে বিশেষ একো সূত্ৰ উলিয়াবলৈ সক্ষম নহ। এতিয়া, বিষ্ণোয়ে জেৰাত প্ৰকাশ কৰা তথ্যক আধাৰ কৰি, নেপালত তালাচী আৰম্ভ কৰিছে। লৰেন্স বিষ্ণোইয়ে দিল্লী আৰক্ষীৰ জেৰাৰ সময়ত হত্যাকাণ্ডটোত তেওঁ প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে, কিন্তু স্বীকাৰ কৰিছে যে শ্বুটাৰকেইজন তেওঁৰ দলৰে সদস্য আছিল।

 

উল্লেখ্য যে, সিদ্ধু মুছেৱালাৰ পৰিয়ালে হত্যাকাণ্ডৰ পাছতে প্ৰথমে ইয়াৰ আঁৰত লৰেন্স বিষ্ণই গেং জড়িত থকা বুলি অভিযোগ কৰিছিল। পৰিয়ালটোৱে অভিযোগ কৰিছিল যে বিষ্ণোই গেঙে মুছেৱালাৰ পৰা ধন দাবী কৰিছিল আৰু ভাবুকি দিছিলইয়াৰ পাছতে আৰক্ষীয়ে বিষ্ণোই জিম্মাত বিচাৰিছিল আৰু তেওঁক জিম্মাক পোৱাৰ পাছতে যোৱা কেইদিনমান ধৰি তেওঁক নিৰন্তৰ জেৰা কৰি থকা হৈছে

লৰেন্স বিষ্ণই বিগত দীঘলীয়া সময় ধৰি কাৰাগাৰত আছে যদিও কাৰাগাৰৰ পৰাই তেওঁৰ নিৰ্বিঘ্নে অপৰাধিক কাম-কাজ চলাই থৰা বুলি অভিযোগ উঠিছে। তেওঁৰ গেঙৰ বাহিৰত থকা সদস্যসকলে বিষ্ণইৰ নিৰ্দেশত যিকোনো কাম কৰিবলৈ সাজু হৈ থকা বুলি প্ৰকাশ পাইছেমুছেৱালাৰ হত্যাকাণ্ডও তেওঁৰ ইংগিত পোৱাৰ পাছতে সংঘটিত হোৱা বুলি অভিযোগ উঠিছেউল্লেখ্যে যে, বিষ্ণই গেঙৰ নেটৱৰ্ক দেশৰ কেইবাখনো ৰাজ্যত বিয়পি আছে। তেওঁৰ অন্যতম সহযোগী গোল্ডী ব্ৰাৰে বিদেশৰ পৰা গেং চলোৱাত সহযোগ কৰি আছে। গোল্ডী ব্ৰাৰেই মুছেৱালা হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে