--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ সম্পৰ্কত এটা বৃহৎ তথ্য উদ্ধাৰ কৰিছে আৰক্ষীয়ে। হত্যাকাৰীক নিজৰ কৱললৈ অনাৰ দিশত এটা গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিছে আৰক্ষীয়ে। কাৰাৰুদ্ধ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ লৰেন্স বিষ্ণোইক কৰা জেৰাত নতুন তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জেৰাত লৰেন্স বিষ্ণয়ে  স্বীকাৰ কৰিছে যে তেওঁৰ গেঙৰ লোকেই হত্যাকাণ্ডটো সংঘটিত কৰিছিল। বিষ্ণোইক জেৰা কৰাৰ পাছত, দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এটা দল নেপালত উপস্থিত হৈছে। মুছেৱালাক হত্যা কৰা শ্বুটাৰে নেপালত আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছেআৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হত্যাকাৰীকেইজন নেপাললৈ পলাই গৈছ

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সূত্ৰ অনুসৰি, এই হত্যাকাণ্ডত জড়িত আটাইকেইজন শ্বুটাৰক চিনাক্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এটা অলপতে শ্বুটাৰৰ সন্ধানত মুজাফ্ফৰনগৰকো অভিযান চলাইছিল। কিন্তু সেই অভিযানত আৰক্ষীয়ে বিশেষ একো সূত্ৰ উলিয়াবলৈ সক্ষম নহ। এতিয়া, বিষ্ণোয়ে জেৰাত প্ৰকাশ কৰা তথ্যক আধাৰ কৰি, নেপালত তালাচী আৰম্ভ কৰিছে। লৰেন্স বিষ্ণোইয়ে দিল্লী আৰক্ষীৰ জেৰাৰ সময়ত হত্যাকাণ্ডটোত তেওঁ প্ৰত্যক্ষভাৱে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে, কিন্তু স্বীকাৰ কৰিছে যে শ্বুটাৰকেইজন তেওঁৰ দলৰে সদস্য আছিল।

 

উল্লেখ্য যে, সিদ্ধু মুছেৱালাৰ পৰিয়ালে হত্যাকাণ্ডৰ পাছতে প্ৰথমে ইয়াৰ আঁৰত লৰেন্স বিষ্ণই গেং জড়িত থকা বুলি অভিযোগ কৰিছিল। পৰিয়ালটোৱে অভিযোগ কৰিছিল যে বিষ্ণোই গেঙে মুছেৱালাৰ পৰা ধন দাবী কৰিছিল আৰু ভাবুকি দিছিলইয়াৰ পাছতে আৰক্ষীয়ে বিষ্ণোই জিম্মাত বিচাৰিছিল আৰু তেওঁক জিম্মাক পোৱাৰ পাছতে যোৱা কেইদিনমান ধৰি তেওঁক নিৰন্তৰ জেৰা কৰি থকা হৈছে

লৰেন্স বিষ্ণই বিগত দীঘলীয়া সময় ধৰি কাৰাগাৰত আছে যদিও কাৰাগাৰৰ পৰাই তেওঁৰ নিৰ্বিঘ্নে অপৰাধিক কাম-কাজ চলাই থৰা বুলি অভিযোগ উঠিছে। তেওঁৰ গেঙৰ বাহিৰত থকা সদস্যসকলে বিষ্ণইৰ নিৰ্দেশত যিকোনো কাম কৰিবলৈ সাজু হৈ থকা বুলি প্ৰকাশ পাইছেমুছেৱালাৰ হত্যাকাণ্ডও তেওঁৰ ইংগিত পোৱাৰ পাছতে সংঘটিত হোৱা বুলি অভিযোগ উঠিছেউল্লেখ্যে যে, বিষ্ণই গেঙৰ নেটৱৰ্ক দেশৰ কেইবাখনো ৰাজ্যত বিয়পি আছে। তেওঁৰ অন্যতম সহযোগী গোল্ডী ব্ৰাৰে বিদেশৰ পৰা গেং চলোৱাত সহযোগ কৰি আছে। গোল্ডী ব্ৰাৰেই মুছেৱালা হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ