--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়তিয়ে কেতিয়াবা বৰ বেয়া খেল খেলে। আচম্বিতে কাঢ়ি লৈ যায় প্ৰাণ। নিয়তিৰ পৰিহাসত সংঘটিত হৈছে এক কৰুণ ঘটনা। যি ঘটনাই সকলোকে আৱেগিক কৰি তুলিছে।

সামান্য ফিৰিঙতিৰ পৰাও খাণ্ডৱ দাহ হব পাৰে বুলি বিশ্বাস প্ৰচলিত আছে। এই প্ৰবাদ শেহতীয়াকৈ প্ৰতিফলিত হ'ল এক কৰুণ ঘটনাত।

মহ খেদা এটুকুৰা সাধাৰণ কইলৰ বাবে মৃত্যুমুখত পৰিল এগৰাকী চফল ডেকা। দুচকুত অযুত স্বপ্ন কঢ়িয়াই ফুৰা যুৱকজনৰ নাম অভিষেক। বয়স হৈছিল মাত্ৰ ২৭ বছৰ। মহ খেদা কইলৰ বাবে সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যুমুখত পৰিল অভিষেক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদ চহৰত। অভিষেকৰ মাতৃও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে।

সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হায়দৰাবাদৰ কুকটপল্লী চহৰত নাৰ্চ হিচাপে কৰ্মৰত আছিল বিমলা নামৰ এগৰাকী যুৱতী। চহৰত নিজ পিতৃ-মাতৃৰ সৈতে একেলগে আছিল বিমলা। শেহতীয়াকৈ বিমলাৰ ভাতৃ অভিষেকো উচ্চ শিক্ষাগ্ৰহণৰ বাবে চহৰলৈ আহিছিল আৰু পৰিয়ালৰ সৈতে একেটা ঘৰতে বাস কৰিছিল।

ঘটনাৰ নিশা কইল জ্বলাই শুই পৰিছিল সকলো লোক। পিতৃ মাতৃৰ সৈতে একেটা কোঠাতে শুইছিল অভিষেক। সকলো নিদ্ৰাত থকাৰ অৱস্থাতে কইলৰ পৰা কোনো বস্তুত জুই লাগে।

লাহে লাহে এই জুইৰ প্ৰকোপ বৃদ্ধি পায় আৰু কোঠাটো আগুৰি ধৰে। গভীৰ টোপনিত কোনোৱে গম নাপালে এই ভয়ানক ঘটনাৰ কথা। জুইৰ শিখা পাকঘৰলৈয়ো বিয়পি পৰাৰ ফলত চিলিণ্ডাৰৰ প্ৰবল বিস্ফোৰণ ঘটে। এই বিস্ফোৰণৰ ফলত শুই থকা অৱস্থাতে অভিষেকৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় মাতৃ। বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকী এতিয়াও সংকটমুক্ত নহয়।

চুবুৰীয়া লোকসকলে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ ফলত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত বিমলাৰ লগতে তেওঁৰ পিতৃৰ জীৱন ৰক্ষা পৰিল। একমাত্ৰ পুত্ৰ আৰু ভাতৃক হেৰুৱাই শোকত ভাগি পৰিছে তেওঁলোক। সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে।

মহ বেছি হ’লে এইবোৰ কথাত বিশেষ গুৰুত্ব দিব

আপোনালোকক কওঁ যে মহৰ পৰা হাত সাৰিবলৈ প্ৰথমে আমি আমাৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা উচিত। ইয়াৰ বাবে পানী জমা হোৱা ৰোধ কৰিব লাগে, কাৰণ মহে কণী পৰাৰ বাবে এয়াই উত্তম স্থান। মহ বেছি হ’লে কইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আঠুৱা তৰিব লাগে আৰু লিকুইড মেচিন ব্যৱহাৰ কৰিব লাগে। গধূলি সদায় ধূনা দিলেও মহ আঁতৰি থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ