--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়তিয়ে কেতিয়াবা বৰ বেয়া খেল খেলে। আচম্বিতে কাঢ়ি লৈ যায় প্ৰাণ। নিয়তিৰ পৰিহাসত সংঘটিত হৈছে এক কৰুণ ঘটনা। যি ঘটনাই সকলোকে আৱেগিক কৰি তুলিছে।

সামান্য ফিৰিঙতিৰ পৰাও খাণ্ডৱ দাহ হব পাৰে বুলি বিশ্বাস প্ৰচলিত আছে। এই প্ৰবাদ শেহতীয়াকৈ প্ৰতিফলিত হ'ল এক কৰুণ ঘটনাত।

মহ খেদা এটুকুৰা সাধাৰণ কইলৰ বাবে মৃত্যুমুখত পৰিল এগৰাকী চফল ডেকা। দুচকুত অযুত স্বপ্ন কঢ়িয়াই ফুৰা যুৱকজনৰ নাম অভিষেক। বয়স হৈছিল মাত্ৰ ২৭ বছৰ। মহ খেদা কইলৰ বাবে সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যুমুখত পৰিল অভিষেক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদ চহৰত। অভিষেকৰ মাতৃও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে।

সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হায়দৰাবাদৰ কুকটপল্লী চহৰত নাৰ্চ হিচাপে কৰ্মৰত আছিল বিমলা নামৰ এগৰাকী যুৱতী। চহৰত নিজ পিতৃ-মাতৃৰ সৈতে একেলগে আছিল বিমলা। শেহতীয়াকৈ বিমলাৰ ভাতৃ অভিষেকো উচ্চ শিক্ষাগ্ৰহণৰ বাবে চহৰলৈ আহিছিল আৰু পৰিয়ালৰ সৈতে একেটা ঘৰতে বাস কৰিছিল।

ঘটনাৰ নিশা কইল জ্বলাই শুই পৰিছিল সকলো লোক। পিতৃ মাতৃৰ সৈতে একেটা কোঠাতে শুইছিল অভিষেক। সকলো নিদ্ৰাত থকাৰ অৱস্থাতে কইলৰ পৰা কোনো বস্তুত জুই লাগে।

লাহে লাহে এই জুইৰ প্ৰকোপ বৃদ্ধি পায় আৰু কোঠাটো আগুৰি ধৰে। গভীৰ টোপনিত কোনোৱে গম নাপালে এই ভয়ানক ঘটনাৰ কথা। জুইৰ শিখা পাকঘৰলৈয়ো বিয়পি পৰাৰ ফলত চিলিণ্ডাৰৰ প্ৰবল বিস্ফোৰণ ঘটে। এই বিস্ফোৰণৰ ফলত শুই থকা অৱস্থাতে অভিষেকৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় মাতৃ। বৰ্তমান চিকিৎসাধীন হৈ থকা মহিলাগৰাকী এতিয়াও সংকটমুক্ত নহয়।

চুবুৰীয়া লোকসকলে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ ফলত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত বিমলাৰ লগতে তেওঁৰ পিতৃৰ জীৱন ৰক্ষা পৰিল। একমাত্ৰ পুত্ৰ আৰু ভাতৃক হেৰুৱাই শোকত ভাগি পৰিছে তেওঁলোক। সমগ্ৰ অঞ্চলজুৰি এই ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে।

মহ বেছি হ’লে এইবোৰ কথাত বিশেষ গুৰুত্ব দিব

আপোনালোকক কওঁ যে মহৰ পৰা হাত সাৰিবলৈ প্ৰথমে আমি আমাৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা উচিত। ইয়াৰ বাবে পানী জমা হোৱা ৰোধ কৰিব লাগে, কাৰণ মহে কণী পৰাৰ বাবে এয়াই উত্তম স্থান। মহ বেছি হ’লে কইল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে আঠুৱা তৰিব লাগে আৰু লিকুইড মেচিন ব্যৱহাৰ কৰিব লাগে। গধূলি সদায় ধূনা দিলেও মহ আঁতৰি থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু