--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বহু বিতৰ্কিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙ্গলবাৰে প্ৰদান কৰে চি বি আইৰ বিশেষ আদালতে। আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পঞ্চমটো পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে৷ মঙলবাৰে ৰাতিপুৱা ন্যায়াধীশ চি কে শশীয়ে এই সন্দৰ্ভত ৰায়দান কৰে৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে তেওঁক দৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে দোষী সাব্যস্ত কৰিছে। লালু প্ৰসাদ যাদৱ এতিয়া পাঁচটাকৈ গোচৰত দোষী সাব্যস্ত হৈছে৷ ৯৫0 কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰৰ সৈতে সম্পৰ্কিত আন চাৰিটা গোচৰতো দোষী সাব্যস্ত হৈছে লালু প্ৰসাদ যাদৱ৷ উল্লেখ্যে যে বহুচৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰত মুঠ ৯৯ জন অভিযুক্ত আছে। অৱশ্যে মঙ্গলবাৰে চি বি আইৰ এই বিশেষ আদালতে দোষী সাব্যস্ত হোৱা সকলৰ শাস্তি ঘোষণা কৰা নাই। আগন্তুক ২১ ফেব্ৰুৱাৰীত আটাইৰে শাস্তি ঘোষণা কৰিব আদালতে। ২০১৭ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা ৭৩ বছৰীয়া নেতাগৰাকীয়ে ঝাৰখণ্ডৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত তেওঁৰ কাৰাদণ্ডৰ সময় পাৰ কৰিছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক যোৱা বছৰ জানুৱাৰীত দিল্লীলৈ নিয়া হৈছিল। পুনৰ জে'ল যাত্ৰাৰ পথ মুকলি হল বৰ্ষীয়ান নেতাগৰাকীৰ। ইফালে লালু যাদৱ পুনৰ এই গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলত বিহাৰৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ সমৰ্থকসকল দুখত ভাগি পৰিছে। আৰু পঢ়কঃ ভাগ্যৰ পৰিৱৰ্তন! ৬০ বছৰত মডেল হ’ল দিন-হাজিৰা কৰা মজদুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ