--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ বহু বিতৰ্কিত পশুখাদ্য কেলেংকাৰী গোচৰৰ ৰায় মঙ্গলবাৰে প্ৰদান কৰে চি বি আইৰ বিশেষ আদালতে। আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক পঞ্চমটো পশুখাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে৷ মঙলবাৰে ৰাতিপুৱা ন্যায়াধীশ চি কে শশীয়ে এই সন্দৰ্ভত ৰায়দান কৰে৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে তেওঁক দৰন্দা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে দোষী সাব্যস্ত কৰিছে। লালু প্ৰসাদ যাদৱ এতিয়া পাঁচটাকৈ গোচৰত দোষী সাব্যস্ত হৈছে৷ ৯৫0 কোটি টকাৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰৰ সৈতে সম্পৰ্কিত আন চাৰিটা গোচৰতো দোষী সাব্যস্ত হৈছে লালু প্ৰসাদ যাদৱ৷ উল্লেখ্যে যে বহুচৰ্চিত পশুখাদ্য কেলেংকাৰী গোচৰত মুঠ ৯৯ জন অভিযুক্ত আছে। অৱশ্যে মঙ্গলবাৰে চি বি আইৰ এই বিশেষ আদালতে দোষী সাব্যস্ত হোৱা সকলৰ শাস্তি ঘোষণা কৰা নাই। আগন্তুক ২১ ফেব্ৰুৱাৰীত আটাইৰে শাস্তি ঘোষণা কৰিব আদালতে। ২০১৭ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা ৭৩ বছৰীয়া নেতাগৰাকীয়ে ঝাৰখণ্ডৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত তেওঁৰ কাৰাদণ্ডৰ সময় পাৰ কৰিছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছত তেওঁক যোৱা বছৰ জানুৱাৰীত দিল্লীলৈ নিয়া হৈছিল। পুনৰ জে'ল যাত্ৰাৰ পথ মুকলি হল বৰ্ষীয়ান নেতাগৰাকীৰ। ইফালে লালু যাদৱ পুনৰ এই গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলত বিহাৰৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ সমৰ্থকসকল দুখত ভাগি পৰিছে। আৰু পঢ়কঃ ভাগ্যৰ পৰিৱৰ্তন! ৬০ বছৰত মডেল হ’ল দিন-হাজিৰা কৰা মজদুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন