--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সৈতে সম্পৰ্কিত হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী৷ গুৱাহাটী মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লুৰ কোঠাতে চলিছে উদ্ধৱ থাকৰেৰ চৰকাৰ ভঙা-পতাৰ খেল৷ 

উদ্ধৱ ঠাকৰে চৰকাৰৰ মাজত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে গুৱাহাটীৰ এইখন পঞ্চতাৰকাযুক্ত হোটেল সাম্প্ৰতিক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ হৃদপিণ্ডলৈ পৰিণত হৈছে৷

জানিব পৰামতে, শিৱসেনাৰ বিসম্বাদী গোটটোৱে ৰেডিশ্বন ব্লুৰ ৭০টা কোঠা সাত দিনৰ বাবে বুক কৰিছে। একনাথ শিন্দেৰ নেতৃত্বত বিধায়কসকল সোমবাৰে তাত উপস্থিত হোৱাৰ পূৰ্বে বিজেপিশাসিত গুজৰাটৰ চুৰাটৰ এখন হোটেলত আছিল। তেওঁলোকে বুধবাৰে বিজেপিশাসিত আন এখন ৰাজ্য অসমৰ গুৱাহাটীলৈ উৰা মাৰে৷

হোটেলখনৰ সূত্ৰ আৰু স্থানীয় ৰাজনীতিবিদসকলৰ মতে, গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ কোঠাবোৰৰ বাবে সাত দিনৰ শুল্ক ৫৬ লাখ টকা৷ ইয়াত দৈনিক আনুমানিক খাদ্য আৰু অন্যান্য সেৱাৰ ব্যয় দিনে ৮ লাখ টকা পৰ্যন্ত৷

হোটেলখনত ১৯৬টা কোঠা আছে। বিধায়ক আৰু তেওঁলোকৰ দলৰ বাবে বুক কৰা ৭০টা কোঠাৰ বাহিৰে, মেনেজমেণ্টে নতুন বুকিং গ্ৰহণ কৰা নাই৷ লগতে, বেঙ্কুৱেটটো বন্ধ আছে, হোটেলত থকা সকলৰ বাহিৰে ৰেষ্টুৰেণ্টখনো এইকেইদিন বন্ধ হৈ আছে।

সমগ্ৰ অপাৰেচনটোৰ ব্যয়ত চাৰ্টাৰ্ড বিমান আৰু অন্যান্য পৰিবহন ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব, লগতে অন্যান্য ব্যয়ো থাকিব যিবোৰৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ 

নিৰ্দলীয়সহ প্ৰায় ৪০জন বিধায়কৰ সৈতে গুৱাহাটীত শিবিৰ পাতি থকা একনাথ সিন্দেয়ে শিৱসেনাক কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি বা এনচিপিৰ সৈতে মিত্ৰতা ভংগ কৰিবলৈ দাবী জনাই কয় যে মিত্ৰজোঁটৰ শাসনকালৰ বিগত আঢ়ৈ বছৰত শিৱসেনাৰ নেতাসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কিছুমান বিদ্ৰোহীয়ে কৈছে যে সেনাই নতুন চৰকাৰ গঠনৰ বাবে প্ৰাকৃতিক সহযোগী বিজেপিৰ সৈতে মিত্ৰতা কৰা উচিত। বিধায়কসকলে এসপ্তাহৰ বাবে গুৱাহাটীৰ হোটেলখন বুক কৰিছে, যিয়ে সূচাইছে যে তেওঁলোক দীঘলীয়া সময়ৰ বাবে প্ৰস্তুত।

ইফালে, শিৱসেনাই কয় যে তেওঁলোকে শাৰদ পাৱাৰৰ এনচিপি আৰু কংগ্ৰেছৰ সৈতে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰতাৰ পৰা প্ৰস্থান কৰাৰ কথা বিবেচনা কৰিব কিন্তু কেৱল তেতিয়াহে যদি বিদ্ৰোহীসকল ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহে। একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে অধিক সংখ্যা লাভ কৰাৰ বাবে এইটো এটা কৌশল পদক্ষেপ৷ 

শিৱসেনাৰ মুখ্য মুখপাত্ৰ সঞ্জয় ৰাউতে কয়, আমি মহাৰাষ্ট্ৰৰ এমভিএ (মহা বিকাশ আগদী) চৰকাৰৰ পৰা ওলাই যাবলৈ সাজু, কিন্তু দলৰ বিদ্ৰোহীসকলে ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ (গুৱাহাটীৰ পৰা) উভতি আহিব লাগে। ৰাউটে লগতে কয় যে বিধায়কসকলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰা উচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ