--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ সৈতে সম্পৰ্কিত হৈ পৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী৷ গুৱাহাটী মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিশ্বন ব্লুৰ কোঠাতে চলিছে উদ্ধৱ থাকৰেৰ চৰকাৰ ভঙা-পতাৰ খেল৷ 

উদ্ধৱ ঠাকৰে চৰকাৰৰ মাজত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে গুৱাহাটীৰ এইখন পঞ্চতাৰকাযুক্ত হোটেল সাম্প্ৰতিক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ হৃদপিণ্ডলৈ পৰিণত হৈছে৷

জানিব পৰামতে, শিৱসেনাৰ বিসম্বাদী গোটটোৱে ৰেডিশ্বন ব্লুৰ ৭০টা কোঠা সাত দিনৰ বাবে বুক কৰিছে। একনাথ শিন্দেৰ নেতৃত্বত বিধায়কসকল সোমবাৰে তাত উপস্থিত হোৱাৰ পূৰ্বে বিজেপিশাসিত গুজৰাটৰ চুৰাটৰ এখন হোটেলত আছিল। তেওঁলোকে বুধবাৰে বিজেপিশাসিত আন এখন ৰাজ্য অসমৰ গুৱাহাটীলৈ উৰা মাৰে৷

হোটেলখনৰ সূত্ৰ আৰু স্থানীয় ৰাজনীতিবিদসকলৰ মতে, গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ কোঠাবোৰৰ বাবে সাত দিনৰ শুল্ক ৫৬ লাখ টকা৷ ইয়াত দৈনিক আনুমানিক খাদ্য আৰু অন্যান্য সেৱাৰ ব্যয় দিনে ৮ লাখ টকা পৰ্যন্ত৷

হোটেলখনত ১৯৬টা কোঠা আছে। বিধায়ক আৰু তেওঁলোকৰ দলৰ বাবে বুক কৰা ৭০টা কোঠাৰ বাহিৰে, মেনেজমেণ্টে নতুন বুকিং গ্ৰহণ কৰা নাই৷ লগতে, বেঙ্কুৱেটটো বন্ধ আছে, হোটেলত থকা সকলৰ বাহিৰে ৰেষ্টুৰেণ্টখনো এইকেইদিন বন্ধ হৈ আছে।

সমগ্ৰ অপাৰেচনটোৰ ব্যয়ত চাৰ্টাৰ্ড বিমান আৰু অন্যান্য পৰিবহন ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব, লগতে অন্যান্য ব্যয়ো থাকিব যিবোৰৰ পৰিমাণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ 

নিৰ্দলীয়সহ প্ৰায় ৪০জন বিধায়কৰ সৈতে গুৱাহাটীত শিবিৰ পাতি থকা একনাথ সিন্দেয়ে শিৱসেনাক কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি বা এনচিপিৰ সৈতে মিত্ৰতা ভংগ কৰিবলৈ দাবী জনাই কয় যে মিত্ৰজোঁটৰ শাসনকালৰ বিগত আঢ়ৈ বছৰত শিৱসেনাৰ নেতাসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কিছুমান বিদ্ৰোহীয়ে কৈছে যে সেনাই নতুন চৰকাৰ গঠনৰ বাবে প্ৰাকৃতিক সহযোগী বিজেপিৰ সৈতে মিত্ৰতা কৰা উচিত। বিধায়কসকলে এসপ্তাহৰ বাবে গুৱাহাটীৰ হোটেলখন বুক কৰিছে, যিয়ে সূচাইছে যে তেওঁলোক দীঘলীয়া সময়ৰ বাবে প্ৰস্তুত।

ইফালে, শিৱসেনাই কয় যে তেওঁলোকে শাৰদ পাৱাৰৰ এনচিপি আৰু কংগ্ৰেছৰ সৈতে মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰতাৰ পৰা প্ৰস্থান কৰাৰ কথা বিবেচনা কৰিব কিন্তু কেৱল তেতিয়াহে যদি বিদ্ৰোহীসকল ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহে। একনাথ সিন্দেৰ নেতৃত্বত বিদ্ৰোহী গোটে অধিক সংখ্যা লাভ কৰাৰ বাবে এইটো এটা কৌশল পদক্ষেপ৷ 

শিৱসেনাৰ মুখ্য মুখপাত্ৰ সঞ্জয় ৰাউতে কয়, আমি মহাৰাষ্ট্ৰৰ এমভিএ (মহা বিকাশ আগদী) চৰকাৰৰ পৰা ওলাই যাবলৈ সাজু, কিন্তু দলৰ বিদ্ৰোহীসকলে ২৪ ঘণ্টাৰ ভিতৰত মুম্বাইলৈ (গুৱাহাটীৰ পৰা) উভতি আহিব লাগে। ৰাউটে লগতে কয় যে বিধায়কসকলে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে বিষয়টো আলোচনা কৰা উচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ