--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুগৰাকী যুৱতী আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক কৰিলে অদ্ভূত দাবী। আৰক্ষীয়ে যুৱতী দুগৰাকীৰ কথা শুনি মূৰে-কপালে হাত দিবলৈ বাধ্য হয়। ঘটনা অনুসৰি দুগৰাকী ছোৱালীয়ে কোতৱালিত উপস্থিত হৈ আৰক্ষীক জনায় যে বিগত এবছৰ ধৰি তেওঁলোকে পতি-পত্নী হিচাপে বসবাস কৰি আহিছে। গোটেই জীৱন তেওঁলোকে পতি-পত্নী হিচাপে থাকিব বিচাৰে। 

দুয়ো যুৱতীয়ে আৰক্ষীক কয়, তেওঁলোক যে স্বামী-স্ত্ৰী তাৰ এখন প্ৰমাণপত্ৰ যাতে আৰক্ষীয়ে দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে এইটো আমাৰ কাম নহয়। বিবাহৰ প্ৰমাণপত্ৰ আমি দিব নোৱাৰো বুলি জনায় আৰক্ষীয়ে। কিন্তু যুৱতী দুগৰাকীয়ে কথাটো নামানি আৰক্ষীক এখন প্ৰমাণপত্ৰ দিবৰ বাবে জোৰ দি ধৰে। 

আৰক্ষীয়ে অৱশেষত দুয়োৰে আত্মীয়ক ফোন কৰি মাতি পঠিয়ায়। তথ্য অনুসৰি দুয়োগৰাকী ছোৱালী মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাৰ আশে-পাশে থকা দুখন গাঁৱৰ বাসিন্দা। গুজৰাটত কাম কৰি থকাৰ সময়তে দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। এই প্ৰেম ইমানেই তুংগত উঠিল যে যুৱতী দুগৰাকীয়ে পতি-পত্নীৰ দৰে থাকিবলৈ লয়। যোৱা ১৪ মাহ ধৰি সংসাৰ চলাই আছে যুৱতী দুগৰাকীয়ে। পাছলৈ যাতে তেওঁলোকৰ কোনো অসুবিধা নহয় তাৰবাবে দুয়ো বিবাহৰ এখন প্ৰমাণ পত্ৰ বিচাৰে। সেইবাবেই আৰক্ষী থানাত দুয়ো গৈ উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে বুজাই দিলে যে মেৰেজ চাৰ্টিফিকেট দিয়াটো আমাৰ কাম নহয়। অৱশেষত আৰক্ষীয়ে দুয়োকে বুজাই মেলি আত্মীয়ৰ হাতত চমজাই পঠিয়াই দিয়ে। ঘটনাৱে উপস্থিত সকলোকে বৰকৈ আমোদ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ