--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুগৰাকী যুৱতী আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক কৰিলে অদ্ভূত দাবী। আৰক্ষীয়ে যুৱতী দুগৰাকীৰ কথা শুনি মূৰে-কপালে হাত দিবলৈ বাধ্য হয়। ঘটনা অনুসৰি দুগৰাকী ছোৱালীয়ে কোতৱালিত উপস্থিত হৈ আৰক্ষীক জনায় যে বিগত এবছৰ ধৰি তেওঁলোকে পতি-পত্নী হিচাপে বসবাস কৰি আহিছে। গোটেই জীৱন তেওঁলোকে পতি-পত্নী হিচাপে থাকিব বিচাৰে। 

দুয়ো যুৱতীয়ে আৰক্ষীক কয়, তেওঁলোক যে স্বামী-স্ত্ৰী তাৰ এখন প্ৰমাণপত্ৰ যাতে আৰক্ষীয়ে দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে এইটো আমাৰ কাম নহয়। বিবাহৰ প্ৰমাণপত্ৰ আমি দিব নোৱাৰো বুলি জনায় আৰক্ষীয়ে। কিন্তু যুৱতী দুগৰাকীয়ে কথাটো নামানি আৰক্ষীক এখন প্ৰমাণপত্ৰ দিবৰ বাবে জোৰ দি ধৰে। 

আৰক্ষীয়ে অৱশেষত দুয়োৰে আত্মীয়ক ফোন কৰি মাতি পঠিয়ায়। তথ্য অনুসৰি দুয়োগৰাকী ছোৱালী মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাৰ আশে-পাশে থকা দুখন গাঁৱৰ বাসিন্দা। গুজৰাটত কাম কৰি থকাৰ সময়তে দুয়ো দুয়োৰে প্ৰেমত পৰিছিল। এই প্ৰেম ইমানেই তুংগত উঠিল যে যুৱতী দুগৰাকীয়ে পতি-পত্নীৰ দৰে থাকিবলৈ লয়। যোৱা ১৪ মাহ ধৰি সংসাৰ চলাই আছে যুৱতী দুগৰাকীয়ে। পাছলৈ যাতে তেওঁলোকৰ কোনো অসুবিধা নহয় তাৰবাবে দুয়ো বিবাহৰ এখন প্ৰমাণ পত্ৰ বিচাৰে। সেইবাবেই আৰক্ষী থানাত দুয়ো গৈ উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে বুজাই দিলে যে মেৰেজ চাৰ্টিফিকেট দিয়াটো আমাৰ কাম নহয়। অৱশেষত আৰক্ষীয়ে দুয়োকে বুজাই মেলি আত্মীয়ৰ হাতত চমজাই পঠিয়াই দিয়ে। ঘটনাৱে উপস্থিত সকলোকে বৰকৈ আমোদ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ