--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় সংস্থা নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰশাসনিক বিষয়া পৰমেশ্বৰণ আয়াৰক। আজি ভাৰতৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এক বিবৃতি যোগে এই ঘোষণা কৰিছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে পৰমেশ্বৰণ আয়াৰৰ নিযুক্তিত অনুমোদন জনাইছে বুলি ইতিমধ্যে জাৰি হোৱা এক চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে। 

নিটি আয়োগৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ কাৰ্যকাল ২০২২ চনৰ ৩০ জুনত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আয়াৰ এই পদত অধিষ্ঠিত হ'ব। কান্তক ২০১৬ চনৰ ১৭ ফেব্ৰুৱাৰীত দুবছৰীয়া কাৰ্যকালৰ বাবে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল যদিও পিছত তেওঁৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল।

শ্ৰীনগৰত জন্মগ্ৰহণ কৰা পৰমেশ্বৰণ আয়াৰ ১৯৮১ চনৰ বেচৰ এজন আইএএছ বিষয়া। আয়াৰে ২০০৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল। একেটা বছৰতে তেওঁ বিশ্ব বেংকৰ জল সম্পদ শাখাৰ মেনেজাৰ হিচাপে নিযুক্ত হয়। 

২০১৬ চনত তেওঁ খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ত সচিব হিচাপে যোগদান কৰে। আয়াৰে লগতে ৰাষ্ট্ৰসংঘত এজন জ্যেষ্ঠ গ্ৰাম্য পানী অনাময় বিশেষজ্ঞ হিচাপেও কাম কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যকৰী কৰিবলৈ ২০১৬ চনত আয়াৰক দায়িত্ব প্ৰদান কৰিছিল। ২০২১ চনত তেওঁ জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব পদৰ পৰা পদত্যাগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প