--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় সংস্থা নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাক্তন প্ৰশাসনিক বিষয়া পৰমেশ্বৰণ আয়াৰক। আজি ভাৰতৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এক বিবৃতি যোগে এই ঘোষণা কৰিছে। কেবিনেটৰ নিযুক্তি সমিতিয়ে পৰমেশ্বৰণ আয়াৰৰ নিযুক্তিত অনুমোদন জনাইছে বুলি ইতিমধ্যে জাৰি হোৱা এক চৰকাৰী অধিসূচনাত উল্লেখ কৰা হৈছে। 

নিটি আয়োগৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তৰ কাৰ্যকাল ২০২২ চনৰ ৩০ জুনত সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পাছতে আয়াৰ এই পদত অধিষ্ঠিত হ'ব। কান্তক ২০১৬ চনৰ ১৭ ফেব্ৰুৱাৰীত দুবছৰীয়া কাৰ্যকালৰ বাবে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল যদিও পিছত তেওঁৰ কাৰ্যকাল সম্প্ৰসাৰণ কৰা হৈছিল।

শ্ৰীনগৰত জন্মগ্ৰহণ কৰা পৰমেশ্বৰণ আয়াৰ ১৯৮১ চনৰ বেচৰ এজন আইএএছ বিষয়া। আয়াৰে ২০০৯ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল। একেটা বছৰতে তেওঁ বিশ্ব বেংকৰ জল সম্পদ শাখাৰ মেনেজাৰ হিচাপে নিযুক্ত হয়। 

২০১৬ চনত তেওঁ খোৱা পানী আৰু অনাময় মন্ত্ৰালয়ত সচিব হিচাপে যোগদান কৰে। আয়াৰে লগতে ৰাষ্ট্ৰসংঘত এজন জ্যেষ্ঠ গ্ৰাম্য পানী অনাময় বিশেষজ্ঞ হিচাপেও কাম কৰিছিল।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্বচ্ছ ভাৰত অভিযান কাৰ্যকৰী কৰিবলৈ ২০১৬ চনত আয়াৰক দায়িত্ব প্ৰদান কৰিছিল। ২০২১ চনত তেওঁ জল শক্তি মন্ত্ৰালয়ৰ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব পদৰ পৰা পদত্যাগ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ