--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২ টা বছৰে ক’ৰোনা বিভেষিকাই মানৱ সভ্যতাৰ ৰাজহাড় ডাল ভাঙি থৈ গ’ল বুলি কলেও বঢ়াই কোৱা নহ’ব৷ ক’ৰনাৰ কড়াল গ্ৰাসত পৰি মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে মানুহে দুবেলা-দুমুঠি খাবৰ বাবেও কৰিব লগা হল আৰ্তনাদ৷ উল্লেখ্য যে, অতিমাৰীৰৰ সময়ত প্ৰকাশ পাইছে আন এক ভয়ংকৰ তথ্য৷ ক’ভিড ১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হ’ল দেশৰ ১০ হাজাৰ শিশু, ইয়াৰ বিপৰীতে পিতৃ-মাতৃৰ ভিতৰত এজন লোকক হেৰুৱালে দেশৰ প্ৰায় ডেৰ লাখ শিশুৱে উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ তথ্যটো ভাৰতৰ উচ্চতম ন্যায়ালয়ক জনালে ৰাষ্ট্ৰীয় শিশু অধিকাৰ ৰক্ষা আয়োগে৷ দেশত অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ ৰ এপ্ৰিলৰ পৰা ২০২২ ৰ ১১ জানুৱাৰী পৰ্যন্ত দেশৰ ডেৰ লক্ষ্য শিশুৱে পিতৃ বা মাতৃ নতুবা পিতৃ-মাতৃ উভয়কে হেৰুৱাইছে৷ উল্লেখ্য যে, পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হৈ পৰিছে মুঠ ১০ হাজাৰ ৯৪ টা শিশু বিপৰীতে পিতৃ বা মাতৃ হেৰুৱাইছে ৩৬, ৯১০ টি শিশুৱে আনহাতে গৃহহীন হ’য় ৪৮৮ টা শিশুৱে৷ এই শিশুসকলৰ অধিকাংশৰ বয়স প্ৰায় ১৩ বছৰ৷ সমীক্ষাত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি, ১৪ ৰ পৰা ১৫ বছৰীয়া লোকেও অতিমাৰীৰ ফলত পিতৃ-মাতৃক হেৰুৱাইছে, ইয়াৰ ভিতৰত ২২ হাজাৰ ৭৬৩ জন৷ এই শিশুসকলৰ ভিতৰত আছে সৰ্বাধিক ওড়িশাৰ আছে, তালিকাত তাৰ পাছতে আছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু৷ শিশু অধিকাৰ আয়োগে লগতে জনাইছে যে, আটাইবোৰ শিশুৰ পিতৃ-মাতৃ কেৱল মহামাৰীৰ বা  ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই, তেওঁলোক আন ৰোগত আক্ৰান্ত হৈও মৃত্যু হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰীজনে অপৰিকল্পিতভাৱে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ’ব এক তলাবন্ধ বা লকডাউনত কাৰ্যসূচী৷ বিশেষকৈ দেশৰ মুৰব্বী গৰাকীয়ে দৰিদ্ৰ শ্ৰেণীটোৰ কথা এবাৰো নাভাবি গ্ৰহণ কৰা এনে সিদ্ধান্তৰ প্ৰতি সকলো লোকে একেমুখে গৰিহণা জনালে৷ লকডাউনত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰীসমূহ দেশৰ জনসাধাৰণে কেনেকৈ লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি কেৱল তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও আহি পৰিল বৃহৎ প্ৰত্যাহ্বান। ক্ষুদ্ৰ বিক্ৰেতা, কৃষি শ্ৰমিক সকলোৱে হেৰুৱাই পেলালে জীৱনৰ ছন্দ। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক