--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ২ টা বছৰে ক’ৰোনা বিভেষিকাই মানৱ সভ্যতাৰ ৰাজহাড় ডাল ভাঙি থৈ গ’ল বুলি কলেও বঢ়াই কোৱা নহ’ব৷ ক’ৰনাৰ কড়াল গ্ৰাসত পৰি মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে মানুহে দুবেলা-দুমুঠি খাবৰ বাবেও কৰিব লগা হল আৰ্তনাদ৷ উল্লেখ্য যে, অতিমাৰীৰৰ সময়ত প্ৰকাশ পাইছে আন এক ভয়ংকৰ তথ্য৷ ক’ভিড ১৯ মহামাৰীৰ সময়ত পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হ’ল দেশৰ ১০ হাজাৰ শিশু, ইয়াৰ বিপৰীতে পিতৃ-মাতৃৰ ভিতৰত এজন লোকক হেৰুৱালে দেশৰ প্ৰায় ডেৰ লাখ শিশুৱে উল্লেখ্য যে, এই গুৰুত্বপূৰ্ণ তথ্যটো ভাৰতৰ উচ্চতম ন্যায়ালয়ক জনালে ৰাষ্ট্ৰীয় শিশু অধিকাৰ ৰক্ষা আয়োগে৷ দেশত অতিমাৰীৰ সময়ত অৰ্থাৎ ২০২০ ৰ এপ্ৰিলৰ পৰা ২০২২ ৰ ১১ জানুৱাৰী পৰ্যন্ত দেশৰ ডেৰ লক্ষ্য শিশুৱে পিতৃ বা মাতৃ নতুবা পিতৃ-মাতৃ উভয়কে হেৰুৱাইছে৷ উল্লেখ্য যে, পিতৃ-মাতৃ উভয়কে হেৰুৱাই অনাথ হৈ পৰিছে মুঠ ১০ হাজাৰ ৯৪ টা শিশু বিপৰীতে পিতৃ বা মাতৃ হেৰুৱাইছে ৩৬, ৯১০ টি শিশুৱে আনহাতে গৃহহীন হ’য় ৪৮৮ টা শিশুৱে৷ এই শিশুসকলৰ অধিকাংশৰ বয়স প্ৰায় ১৩ বছৰ৷ সমীক্ষাত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি, ১৪ ৰ পৰা ১৫ বছৰীয়া লোকেও অতিমাৰীৰ ফলত পিতৃ-মাতৃক হেৰুৱাইছে, ইয়াৰ ভিতৰত ২২ হাজাৰ ৭৬৩ জন৷ এই শিশুসকলৰ ভিতৰত আছে সৰ্বাধিক ওড়িশাৰ আছে, তালিকাত তাৰ পাছতে আছে মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডু৷ শিশু অধিকাৰ আয়োগে লগতে জনাইছে যে, আটাইবোৰ শিশুৰ পিতৃ-মাতৃ কেৱল মহামাৰীৰ বা  ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই, তেওঁলোক আন ৰোগত আক্ৰান্ত হৈও মৃত্যু হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰীজনে অপৰিকল্পিতভাৱে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ’ব এক তলাবন্ধ বা লকডাউনত কাৰ্যসূচী৷ বিশেষকৈ দেশৰ মুৰব্বী গৰাকীয়ে দৰিদ্ৰ শ্ৰেণীটোৰ কথা এবাৰো নাভাবি গ্ৰহণ কৰা এনে সিদ্ধান্তৰ প্ৰতি সকলো লোকে একেমুখে গৰিহণা জনালে৷ লকডাউনত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰীসমূহ দেশৰ জনসাধাৰণে কেনেকৈ লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি কেৱল তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও আহি পৰিল বৃহৎ প্ৰত্যাহ্বান। ক্ষুদ্ৰ বিক্ৰেতা, কৃষি শ্ৰমিক সকলোৱে হেৰুৱাই পেলালে জীৱনৰ ছন্দ। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র