--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’নাৰ ঢৌৱে নিতৌ কোবাইছে দেশবাসীক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ২লাখ ৮২হাজাৰ ৯৭০জন লোক। সোমবাৰৰ তুলনাত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৮ শতাংশ বৃদ্ধি পায়। ইয়াৰ সমান্তৰালকৈ দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮হাজাৰ ৯৬১জন। উল্লেখ্য যে, বিগত ২৪ ঘন্টাত ৪৪১জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰোগ্য হৈছে ১ লাখ ৮৮ হাজাৰ ১৫৭ জন লোক। বৰ্তমান চিকিৎসাধীন হৈ আছে ১৮লাখ ৩১ হাজাৰ জন ক’ভিড ৰোগী৷ যোৱা ২৪ ঘন্টাত ১৮.৮৯ লাখতকৈয়ো অধিক লোকৰ কৰ’না পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ১৫.১৩ শতাংশৰ দেহত পজিটিভ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ এবাৰ সকলোকে সতৰ্ক কৰি অমিক্ৰ’ন ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন লোকে কৰা দাবীসমূহ বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানে কয় যে, ‘অমিক্ৰন তুলনাত্মকভাৱে কম ক্ষতিকাৰক হ'ব পাৰে, কিন্তু ই এক সাধাৰণ ৰোগ বুলি বৰ্ণনা কৰাটো বিভ্ৰান্তিকৰ।’ তেওঁ লগতে কয়, অমিক্ৰনৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মৃতকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে, ক'ভিডৰ তৃতীয় ঢৌত বিশ্বব্যাপী ৩৩৩.৫নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে ৫.৫৫ নিযুততকৈও অধিক লোক মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক