--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’নাৰ ঢৌৱে নিতৌ কোবাইছে দেশবাসীক৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ২লাখ ৮২হাজাৰ ৯৭০জন লোক। সোমবাৰৰ তুলনাত ক’ভিড আক্ৰান্তৰ সংখ্যা ১৮ শতাংশ বৃদ্ধি পায়। ইয়াৰ সমান্তৰালকৈ দেশত মুঠ অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮হাজাৰ ৯৬১জন। উল্লেখ্য যে, বিগত ২৪ ঘন্টাত ৪৪১জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰোগ্য হৈছে ১ লাখ ৮৮ হাজাৰ ১৫৭ জন লোক। বৰ্তমান চিকিৎসাধীন হৈ আছে ১৮লাখ ৩১ হাজাৰ জন ক’ভিড ৰোগী৷ যোৱা ২৪ ঘন্টাত ১৮.৮৯ লাখতকৈয়ো অধিক লোকৰ কৰ’না পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰ ভিতৰত ১৫.১৩ শতাংশৰ দেহত পজিটিভ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে৷ ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই পুনৰ এবাৰ সকলোকে সতৰ্ক কৰি অমিক্ৰ’ন ভাইৰাছৰ বিৰুদ্ধে বিভিন্ন লোকে কৰা দাবীসমূহ বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানে কয় যে, ‘অমিক্ৰন তুলনাত্মকভাৱে কম ক্ষতিকাৰক হ'ব পাৰে, কিন্তু ই এক সাধাৰণ ৰোগ বুলি বৰ্ণনা কৰাটো বিভ্ৰান্তিকৰ।’ তেওঁ লগতে কয়, অমিক্ৰনৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মৃতকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। উল্লেখ্য যে, ক'ভিডৰ তৃতীয় ঢৌত বিশ্বব্যাপী ৩৩৩.৫নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে ৫.৫৫ নিযুততকৈও অধিক লোক মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র