--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যুযুধান। কৃষি আইনবিৰোধী প্ৰতিবাদত সামান্যতমো শিথিল হ’বলৈ নিদিয়াৰ যেন পণ লৈছে দেশৰ কৃষকে। হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে এইবাৰ উঠি-পৰি লাগিছে বিদ্ৰোহী কৃষকসকল। শুকুৰবাৰে উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ সভাৰ সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পাছত শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ ঘৰ একপ্ৰকাৰ ঘেৰাও কৰাৰ বাবে অগ্ৰসৰ হ’ল প্ৰতিবাদী সহস্ৰাধিক কৃষকে। শনিবাৰে পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ বাসগৃহৰ সমীপত সমবেত হৈ কৃষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ওৰে নিশা প্ৰতিবাদৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী খট্টৰৰ বাসগৃহৰ সমীপত সমবেত হৈছে প্ৰতিবাদী কৃষকসকল। ইফালে প্ৰতিবাদী কৃষকক বাধা দিয়াৰ বাবে আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰে ভৰি পৰিছে মুখ্যমন্ত্ৰীৰ ঘৰৰ চৌপাশ। বেৰিকেড নিৰ্মাণ কৰি আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীক। প্ৰতিবাদী কৃষকসকলৰ ওপৰত আৰক্ষীয়ে পানীহিলৈও নিক্ষেপ কৰিছে। এটা সপ্তাহৰ ভিতৰতে হাৰিয়ানাত কেইবাবাৰো আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈছে প্ৰতিবাদী কৃষকসকল। আজিও প্ৰতিবাদস্থলীত কন্দুৱা গেছ, পানী হিলৈ সাজু কৰি ৰাখিছে আৰক্ষীয়ে। কেৱল মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে নহয়, শাসকীয় বিজেপি আৰু জেজেপিৰ বিধায়কৰ আবাসৰ সন্মুখতো প্ৰতিবাদৰ বাবে একত্ৰিত হৈছে বিক্ষুব্ধ কৃষকসকল। কৃষকৰ এনে যুযুধান ৰূপে পৰিস্থিতি জটিল কৰি তোৱাৰ ইংগিত দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু