--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যুযুধান। কৃষি আইনবিৰোধী প্ৰতিবাদত সামান্যতমো শিথিল হ’বলৈ নিদিয়াৰ যেন পণ লৈছে দেশৰ কৃষকে। হাৰিয়ানা চৰকাৰৰ বিৰুদ্ধে এইবাৰ উঠি-পৰি লাগিছে বিদ্ৰোহী কৃষকসকল। শুকুৰবাৰে উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰ সভাৰ সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ পাছত শনিবাৰৰ দিনটোত মুখ্যমন্ত্ৰীৰ ঘৰ একপ্ৰকাৰ ঘেৰাও কৰাৰ বাবে অগ্ৰসৰ হ’ল প্ৰতিবাদী সহস্ৰাধিক কৃষকে। শনিবাৰে পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ বাসগৃহৰ সমীপত সমবেত হৈ কৃষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ওৰে নিশা প্ৰতিবাদৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী খট্টৰৰ বাসগৃহৰ সমীপত সমবেত হৈছে প্ৰতিবাদী কৃষকসকল। ইফালে প্ৰতিবাদী কৃষকক বাধা দিয়াৰ বাবে আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰে ভৰি পৰিছে মুখ্যমন্ত্ৰীৰ ঘৰৰ চৌপাশ। বেৰিকেড নিৰ্মাণ কৰি আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীক। প্ৰতিবাদী কৃষকসকলৰ ওপৰত আৰক্ষীয়ে পানীহিলৈও নিক্ষেপ কৰিছে। এটা সপ্তাহৰ ভিতৰতে হাৰিয়ানাত কেইবাবাৰো আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হৈছে প্ৰতিবাদী কৃষকসকল। আজিও প্ৰতিবাদস্থলীত কন্দুৱা গেছ, পানী হিলৈ সাজু কৰি ৰাখিছে আৰক্ষীয়ে। কেৱল মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখতে নহয়, শাসকীয় বিজেপি আৰু জেজেপিৰ বিধায়কৰ আবাসৰ সন্মুখতো প্ৰতিবাদৰ বাবে একত্ৰিত হৈছে বিক্ষুব্ধ কৃষকসকল। কৃষকৰ এনে যুযুধান ৰূপে পৰিস্থিতি জটিল কৰি তোৱাৰ ইংগিত দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ