--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰয়াগৰাজত এক ভাষণত কয় যে, ৫ বছৰ পূৰ্বে উত্তৰ-প্ৰদেশৰ ৰাজপথত মাফিয়া শাসন আছিল৷ আৰু মাফিয়াৰাজৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী উত্তৰ প্ৰদেশৰ মোৰ ভগ্নী ছোৱালী আছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোগীয়ে ‘গুণ্ডা’সকলক ঠিক স্থানলৈ লৈ গৈছে, যাৰ বাবে আজি উত্তৰ-প্ৰদেশ নিৰাপদ হৈছে৷


এয়া আছিল প্ৰধানমন্ত্ৰীগৰাকীৰ দাবী। পিছে, তেওঁৰ এই দাবীবোৰৰ বাস্তৱ ভিত্তি কি? কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ পৰিসংখ্যাবোৰৰ পৰা বুজো আহক প্ৰকৃত তথ্য...


এনচিআৰবিৰ তথ্যমতে, প্ৰধানমন্ত্ৰীৰ সেই দাবী মিথ্যাৰ বাহিৰে আন একো নহয়৷ কাৰণ, যোগী চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত মহিলাসকল অধিক অসুৰক্ষিত হৈ পৰিছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত উত্তৰ-প্ৰদেশ তালিকাৰ শীৰ্ষত আছে।


নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(এনচিআৰবি)ৰ মতে, উত্তৰ প্ৰদেশ হৈছে মহিলাৰ সুৰক্ষাৰ সম্পৰ্কে সৰ্বাধিক অপৰাধ থকা ৰাজ্য। ২০২০ চনত, মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৪৯,৩৮৫টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ধৰ্ষণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দ্বিতীয় শীৰ্ষস্থানত আছে। অৰ্থাৎ, উত্তৰ প্ৰদেশ হৈছে ৰাজস্থানৰ পিছৰখন ৰাজ্য য’ত মহিলাসকল ধৰ্ষণৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভুক্তভোগী।


২০২০ চনত সমগ্ৰ দেশত মুঠ ২৮০৪৬টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল, যাৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশত মুঠ ২,৭৬৯টা গোচৰ ৰুজু কৰা হৈছিল। শেহতীয়া পৰিসংখ্যামতে, উত্তৰ প্ৰদেশৰ ১৬খন জিলাত যোৱা এমাহত ৪১ গৰাকী ছোৱালী ধৰ্ষণ আৰু উৎপীড়নৰ সন্মুখীন হৈছে৷ ইয়াৰ ভিতৰত ৩৩ গৰাকী নাবালিকা। মাত্ৰ এমাহত এগৰাকী ৩-৫ বছৰীয়া ছোৱালীৰ পৰা এগৰাকী ৩০ বছৰীয়া মহিলাৰ ক্ষেত্ৰত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।


প্ৰধানমন্ত্ৰীৰ ভাষণত ‘গুণ্ডা’বোৰ সঠিক স্থানত আছে কোৱাৰ বিপৰীত সত্যটো জানো আহক৷ এনচিআৰবিৰ ২০২০ চনৰ তথ্য অনুসৰি, হত্যাৰ গোচৰত উত্তৰ প্ৰদেশৰ স্থান ১ নম্বৰ৷ প্ৰতিবেদন অনুসৰি, ২০২০ চনত দেশখনত মুঠ ২৯,১৯৩টা হত্যাকাণ্ড সংঘটিত হৈছিল, যাৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশত ৩,৭৭৯টা হত্যাকাণ্ড সংঘটিত হৈছিল। এই সংখ্যাটো ২০১৯তকৈ বেছি।


এনচিআৰবিৰ তথ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে যে উত্তৰ প্ৰদেশ আজিও অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত৷ অথচ, ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগী আদিত্যনাথৰ চৰকাৰক 'ক্লীনশ্বীট' দিবলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ তথ্যৰ দ্বাৰাই প্ৰধানমন্ত্ৰীগৰাকীৰ তথ্য ভুল প্ৰমাণিত হৈছে৷ অপৰাধ নিয়ন্ত্ৰণত যে যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখন ব্যৰ্থ, সেয়া এই তথ্যৰ দ্বাৰাই প্ৰতিপন্ন হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক