--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰয়াগৰাজত এক ভাষণত কয় যে, ৫ বছৰ পূৰ্বে উত্তৰ-প্ৰদেশৰ ৰাজপথত মাফিয়া শাসন আছিল৷ আৰু মাফিয়াৰাজৰ আটাইতকৈ ডাঙৰ ভুক্তভোগী উত্তৰ প্ৰদেশৰ মোৰ ভগ্নী ছোৱালী আছিল বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোগীয়ে ‘গুণ্ডা’সকলক ঠিক স্থানলৈ লৈ গৈছে, যাৰ বাবে আজি উত্তৰ-প্ৰদেশ নিৰাপদ হৈছে৷


এয়া আছিল প্ৰধানমন্ত্ৰীগৰাকীৰ দাবী। পিছে, তেওঁৰ এই দাবীবোৰৰ বাস্তৱ ভিত্তি কি? কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ (এনচিআৰবি)ৰ পৰিসংখ্যাবোৰৰ পৰা বুজো আহক প্ৰকৃত তথ্য...


এনচিআৰবিৰ তথ্যমতে, প্ৰধানমন্ত্ৰীৰ সেই দাবী মিথ্যাৰ বাহিৰে আন একো নহয়৷ কাৰণ, যোগী চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত মহিলাসকল অধিক অসুৰক্ষিত হৈ পৰিছে। মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত উত্তৰ-প্ৰদেশ তালিকাৰ শীৰ্ষত আছে।


নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’(এনচিআৰবি)ৰ মতে, উত্তৰ প্ৰদেশ হৈছে মহিলাৰ সুৰক্ষাৰ সম্পৰ্কে সৰ্বাধিক অপৰাধ থকা ৰাজ্য। ২০২০ চনত, মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৪৯,৩৮৫টা গোচৰ পঞ্জীয়ন কৰা হৈছিল। ধৰ্ষণৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দ্বিতীয় শীৰ্ষস্থানত আছে। অৰ্থাৎ, উত্তৰ প্ৰদেশ হৈছে ৰাজস্থানৰ পিছৰখন ৰাজ্য য’ত মহিলাসকল ধৰ্ষণৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভুক্তভোগী।


২০২০ চনত সমগ্ৰ দেশত মুঠ ২৮০৪৬টা ধৰ্ষণৰ গোচৰ পঞ্জীয়ন কৰা হৈছিল, যাৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশত মুঠ ২,৭৬৯টা গোচৰ ৰুজু কৰা হৈছিল। শেহতীয়া পৰিসংখ্যামতে, উত্তৰ প্ৰদেশৰ ১৬খন জিলাত যোৱা এমাহত ৪১ গৰাকী ছোৱালী ধৰ্ষণ আৰু উৎপীড়নৰ সন্মুখীন হৈছে৷ ইয়াৰ ভিতৰত ৩৩ গৰাকী নাবালিকা। মাত্ৰ এমাহত এগৰাকী ৩-৫ বছৰীয়া ছোৱালীৰ পৰা এগৰাকী ৩০ বছৰীয়া মহিলাৰ ক্ষেত্ৰত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।


প্ৰধানমন্ত্ৰীৰ ভাষণত ‘গুণ্ডা’বোৰ সঠিক স্থানত আছে কোৱাৰ বিপৰীত সত্যটো জানো আহক৷ এনচিআৰবিৰ ২০২০ চনৰ তথ্য অনুসৰি, হত্যাৰ গোচৰত উত্তৰ প্ৰদেশৰ স্থান ১ নম্বৰ৷ প্ৰতিবেদন অনুসৰি, ২০২০ চনত দেশখনত মুঠ ২৯,১৯৩টা হত্যাকাণ্ড সংঘটিত হৈছিল, যাৰ ভিতৰত কেৱল উত্তৰ প্ৰদেশত ৩,৭৭৯টা হত্যাকাণ্ড সংঘটিত হৈছিল। এই সংখ্যাটো ২০১৯তকৈ বেছি।


এনচিআৰবিৰ তথ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে যে উত্তৰ প্ৰদেশ আজিও অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত৷ অথচ, ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগী আদিত্যনাথৰ চৰকাৰক 'ক্লীনশ্বীট' দিবলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাৰ তথ্যৰ দ্বাৰাই প্ৰধানমন্ত্ৰীগৰাকীৰ তথ্য ভুল প্ৰমাণিত হৈছে৷ অপৰাধ নিয়ন্ত্ৰণত যে যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখন ব্যৰ্থ, সেয়া এই তথ্যৰ দ্বাৰাই প্ৰতিপন্ন হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
বাক্সাৰ বৰমাত লটাৰীৰ নামত ভয়ংকৰ প্ৰবঞ্চনা; আৰক্ষীৰ কাষ চাপিল ভাগ্যৱান বিজেতা!
বহু ঔষধি গুণেৰে সমৃদ্ধ অমৰা; বিতংকৈ জানো আহক
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন