--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘চাইকেল চলাওক, নহ’লে বাইকত ৩জন উঠক!’ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্ভট মন্তব্য কৰাৰ পাছতে ৰাজ্যজুৰি বিষয়টিয়ে চৰ্চা লাভ কৰিছে। নেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতেই ছ’চিয়েল মিডিয়াত ইতিকিঙৰ সন্মুখীন হৈছে তেওঁ৷ দামবৃদ্ধিত হাবাথুৰি খোৱা জনতাক লৈ উপলুঙাসূচক মন্তব্য কৰি তুমুল বিতৰ্কৰ সন্মুখীন হৈছে কলিতা৷

ইতিমধ্যে, তেওঁ কৰা এনে মন্তব্যৰ বাবেই জাঙুৰ খাই উঠিছে সৰ্বসাধৰাণ জনতাকে ধৰি বিভিন্ন দল-সংগঠন৷ যাৰ বাবে আজি বাইকত তিনিগৰাকীকৈ উঠি কছাৰীৰ ৰাজপথত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। স্কুটীৰ আগত প্ৰতিবাদকাৰীয়ে ‘ভৱেশ দা ধন্যবাদ’ বুলি লিখি অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে৷

দেওবাৰে মন্ত্ৰী ভৱেশ কলিতাই পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যৰ ওপৰত মন্তব্য কৰিছিল৷ তেওঁৰ মতে, গাড়ী-মটৰৰ সংখ্যা বেছি হোৱাৰ বাবেহে হেনো বঢ়িছে পেট্ৰ’লৰ দাম। ইপিনে জনসাধাৰণক খোজকাঢ়ি অথবা চাইকেল চলাবলৈ আহ্বান জনাইছিল তেওঁ৷ প্ৰয়োজনত এখন বাইকত ৩জনকৈ উঠাৰ পৰামৰ্শও দিছিল সভাপতিগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ