--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘চাইকেল চলাওক, নহ’লে বাইকত ৩জন উঠক!’ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উদ্ভট মন্তব্য কৰাৰ পাছতে ৰাজ্যজুৰি বিষয়টিয়ে চৰ্চা লাভ কৰিছে। নেতাগৰাকীয়ে কৰা মন্তব্যৰ পাছতেই ছ’চিয়েল মিডিয়াত ইতিকিঙৰ সন্মুখীন হৈছে তেওঁ৷ দামবৃদ্ধিত হাবাথুৰি খোৱা জনতাক লৈ উপলুঙাসূচক মন্তব্য কৰি তুমুল বিতৰ্কৰ সন্মুখীন হৈছে কলিতা৷

ইতিমধ্যে, তেওঁ কৰা এনে মন্তব্যৰ বাবেই জাঙুৰ খাই উঠিছে সৰ্বসাধৰাণ জনতাকে ধৰি বিভিন্ন দল-সংগঠন৷ যাৰ বাবে আজি বাইকত তিনিগৰাকীকৈ উঠি কছাৰীৰ ৰাজপথত কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। স্কুটীৰ আগত প্ৰতিবাদকাৰীয়ে ‘ভৱেশ দা ধন্যবাদ’ বুলি লিখি অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে৷

দেওবাৰে মন্ত্ৰী ভৱেশ কলিতাই পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যৰ ওপৰত মন্তব্য কৰিছিল৷ তেওঁৰ মতে, গাড়ী-মটৰৰ সংখ্যা বেছি হোৱাৰ বাবেহে হেনো বঢ়িছে পেট্ৰ’লৰ দাম। ইপিনে জনসাধাৰণক খোজকাঢ়ি অথবা চাইকেল চলাবলৈ আহ্বান জনাইছিল তেওঁ৷ প্ৰয়োজনত এখন বাইকত ৩জনকৈ উঠাৰ পৰামৰ্শও দিছিল সভাপতিগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু