--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ আজি ওপজা দিন৷ বয়সে কোনোদিন যেন চুব নোৱাৰে এইগৰাকী ৰূপৱতী অভিনেত্ৰীক৷ আজি ৬৭ ট টা বসন্ত গৰিকলে ৰেখাই৷ অভিনয়ৰ লগতে সৌন্দৰ্য আৰু শাৰীৰীক সুষমাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা ৰেখাই ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ প্ৰকৃত নাম ভানুৰেখা জেমিনী গণেশন৷ চিনেমা জগতত প্ৰৱেশ কৰোতে তেওঁ নাম লয় ৰেখা৷

ৰেখা এনে এগৰাকী বলিষ্ঠ অভিনেত্ৰী যাৰ কদৰ এতিয়াও কমা নাই৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ শাৰীত সদায়ে স্থান দখল কৰি আছে অভিনেত্ৰী ৰেখাই৷ ৰেখাৰ অভিনয়েই নহয় তেওঁৰ ব্যক্তিগত জীৱনকলৈও সৰৱ চৰ্চা হয়৷ কেতিয়াবা যদি অমিতাভ বচ্চনৰ সৈতে তেওঁৰ প্ৰেমৰ চৰ্চা হয়, আন কেতিয়াবা হয় ৰেখাই শিৰত ধাৰণ কৰা সেন্দুৰক লৈ৷ ৰেখাই কাৰ নামত সেন্দুৰ পিন্ধে সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় কাৰণ ৰেখাৰ কোনো স্বামী নাই৷ ৰেখাক আজিলৈকে সেন্দুৰৰ ৰহস্য সুধিবলৈ কোনেও সাহস কৰা নাই সেয়ে আজিৰ তাৰিখতো সেয়া এক ৰহস্যৰ বিষয় হৈ আছে৷

১৯৯০ চনত মুকেশ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ সৈতে ৰেখা বিবাহপাশত আৱদ্ধ হৈছিল যদিও সংসাৰৰ সুখ বেছিদিন নাপালে ৰেখাই৷ বিয়াৰ ৪ মাহৰ পিছতে আত্মহত্যা কৰে মুকেশ আগৰৱালাই৷ ৰেখাৰ জনপ্ৰিয়তা অসীম হলেও মাজে মাজে তেওঁ বিতৰ্কৰ মাজতো সোমাই পৰে৷ ৰেখাৰ জীৱনত অন্যতম বিতৰ্ক হিচাপে চিহ্নিত হৈ আহিছে তেওঁৰ মহিলা ছেক্ৰেটাৰী ফাৰজানা খানৰ সৈতে থকা সম্পৰ্কক লৈ৷ প্ৰায় ৩০ বছৰৰো অধিক কাল ৰেখাৰ ছাঁৰ দৰে আছে ফাৰজানা৷

ফাৰজানাই পুৰষৰ দৰে থাকি ভাল পায়৷ পুৰুষৰ দৰেই সাজপাৰ কৰে ফাৰজানাই৷ ৰেখা উপস্থিত থকা প্ৰতিটো ইভেণ্টত ফাৰজানাকো লগত থকা দেখা যায়৷

বিখ্যাত সাংবাদিক মোহনদীপে ৰেখাৰ জীৱনভিত্তিক 'EUREKHA' নামৰ এখন কিতাপ লিখে৷ সেই কিতাপখনত তেওঁ লিখিছিল ৰেখা আৰু ফাৰজানাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে৷ ৰেখাৰ স্বামী মুকেশ আগৰৱালাই আত্মহত্যা কৰাৰ একমাত্ৰ কাৰণটো আছিল ফাৰজানা৷

এই তথ্য প্ৰকাশ পোৱাৰ পিছতে প্ৰশ্ন উঠিছিল যে ৰেখা ‘বাইছেক্সুৱেল’ নেকি? ৰেখা আৰু ফাৰজানাই কোনোদিন তেওঁলোকৰ সম্পৰ্কক লৈ মুখ খোলা নাই৷ এনেদৰেই সময়ে সময়ে অধিক ৰহস্যঘন হৈ উঠে ৰেখাৰ ব্যক্তিগত জীৱন৷ ব্যক্তিগত জীৱন যিমান বিতৰ্কিত হলেও অভিনেত্ৰীগৰাকীৰ অতুলনীয় অভিনয়ে দৰ্শকৰ হৃদয়ত অনন্য স্থান অধিকাৰ কৰি আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু