--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখাৰ আজি ওপজা দিন৷ বয়সে কোনোদিন যেন চুব নোৱাৰে এইগৰাকী ৰূপৱতী অভিনেত্ৰীক৷ আজি ৬৭ ট টা বসন্ত গৰিকলে ৰেখাই৷ অভিনয়ৰ লগতে সৌন্দৰ্য আৰু শাৰীৰীক সুষমাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা ৰেখাই ১৯৫৪ চনৰ ১০ অক্টোবৰত চেন্নাইত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ প্ৰকৃত নাম ভানুৰেখা জেমিনী গণেশন৷ চিনেমা জগতত প্ৰৱেশ কৰোতে তেওঁ নাম লয় ৰেখা৷

ৰেখা এনে এগৰাকী বলিষ্ঠ অভিনেত্ৰী যাৰ কদৰ এতিয়াও কমা নাই৷ গ্লেমাৰ জগতৰ আগশাৰীৰ তাৰকাৰ শাৰীত সদায়ে স্থান দখল কৰি আছে অভিনেত্ৰী ৰেখাই৷ ৰেখাৰ অভিনয়েই নহয় তেওঁৰ ব্যক্তিগত জীৱনকলৈও সৰৱ চৰ্চা হয়৷ কেতিয়াবা যদি অমিতাভ বচ্চনৰ সৈতে তেওঁৰ প্ৰেমৰ চৰ্চা হয়, আন কেতিয়াবা হয় ৰেখাই শিৰত ধাৰণ কৰা সেন্দুৰক লৈ৷ ৰেখাই কাৰ নামত সেন্দুৰ পিন্ধে সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় কাৰণ ৰেখাৰ কোনো স্বামী নাই৷ ৰেখাক আজিলৈকে সেন্দুৰৰ ৰহস্য সুধিবলৈ কোনেও সাহস কৰা নাই সেয়ে আজিৰ তাৰিখতো সেয়া এক ৰহস্যৰ বিষয় হৈ আছে৷

১৯৯০ চনত মুকেশ আগৰৱালা নামৰ এজন ব্যৱসায়ীৰ সৈতে ৰেখা বিবাহপাশত আৱদ্ধ হৈছিল যদিও সংসাৰৰ সুখ বেছিদিন নাপালে ৰেখাই৷ বিয়াৰ ৪ মাহৰ পিছতে আত্মহত্যা কৰে মুকেশ আগৰৱালাই৷ ৰেখাৰ জনপ্ৰিয়তা অসীম হলেও মাজে মাজে তেওঁ বিতৰ্কৰ মাজতো সোমাই পৰে৷ ৰেখাৰ জীৱনত অন্যতম বিতৰ্ক হিচাপে চিহ্নিত হৈ আহিছে তেওঁৰ মহিলা ছেক্ৰেটাৰী ফাৰজানা খানৰ সৈতে থকা সম্পৰ্কক লৈ৷ প্ৰায় ৩০ বছৰৰো অধিক কাল ৰেখাৰ ছাঁৰ দৰে আছে ফাৰজানা৷

ফাৰজানাই পুৰষৰ দৰে থাকি ভাল পায়৷ পুৰুষৰ দৰেই সাজপাৰ কৰে ফাৰজানাই৷ ৰেখা উপস্থিত থকা প্ৰতিটো ইভেণ্টত ফাৰজানাকো লগত থকা দেখা যায়৷

বিখ্যাত সাংবাদিক মোহনদীপে ৰেখাৰ জীৱনভিত্তিক 'EUREKHA' নামৰ এখন কিতাপ লিখে৷ সেই কিতাপখনত তেওঁ লিখিছিল ৰেখা আৰু ফাৰজানাৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে৷ ৰেখাৰ স্বামী মুকেশ আগৰৱালাই আত্মহত্যা কৰাৰ একমাত্ৰ কাৰণটো আছিল ফাৰজানা৷

এই তথ্য প্ৰকাশ পোৱাৰ পিছতে প্ৰশ্ন উঠিছিল যে ৰেখা ‘বাইছেক্সুৱেল’ নেকি? ৰেখা আৰু ফাৰজানাই কোনোদিন তেওঁলোকৰ সম্পৰ্কক লৈ মুখ খোলা নাই৷ এনেদৰেই সময়ে সময়ে অধিক ৰহস্যঘন হৈ উঠে ৰেখাৰ ব্যক্তিগত জীৱন৷ ব্যক্তিগত জীৱন যিমান বিতৰ্কিত হলেও অভিনেত্ৰীগৰাকীৰ অতুলনীয় অভিনয়ে দৰ্শকৰ হৃদয়ত অনন্য স্থান অধিকাৰ কৰি আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ