--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী চিকিৎসকৰ জীৱনলৈ নামি আহিছে বিপৰ্যয়৷ এগৰাকী মহিলাই নাকে-কাণে পানী খুৱাইছে চিকিৎসকগৰাকীক৷ উত্তৰ প্ৰদেশৰ কেলি হাস্পতালৰ জি ডি যাদৱ নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দি মহিলাগৰাকীয়ে কয় 'মই জি ডি যাদৱৰ প্ৰেমিকা৷ মই ৫বছৰ ধৰি তেওঁৰ সৈতে বাস কৰি আছোঁ৷ কিন্তু আজিকালি জি ডি যাদৱে মোক প্ৰতাৰণা কৰিবলৈ ধৰিছে৷ মোৰ খোৱা-বোৱা বন্ধ কৰি দিছে৷ এটকাও নিদিয়া বাবে আজিকালি মই ৰাস্তাৰ কাষত পাচলি বেচিবলৈ বাধ্য হৈ পৰিছোঁ৷' চিকিৎসকজনে ফেচবুকত চিনাকি হৈছিল আৰক্ষীক অভিযোগ দিয়া মহিলাগৰাকীৰ সৈতে৷ মহিলাগৰাকী মিৰ্জাপুৰৰ৷ দুয়োৰে মাজত খুব সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল৷ লাহে লাহে দুয়ো দুয়োৰে প্ৰেমত পৰিল৷

জি ডি যাদৱে প্ৰথমবাৰৰ বাবে মহিলাগৰাকীক লগ কৰিবলৈ মিৰ্জাপুৰলৈ আহে৷ লগ পোৱাৰ পিছত দুয়োৰে হৃদয়ত প্ৰেম দুগুণে বৃদ্ধি পালে৷ প্ৰেমত ক'ব নোৱৰা হৈ মহিলাগৰাকীয়ে নিজৰ ঘৰ-বাৰী এৰি জি ডি যাদৱৰ সৈতে লগ পোৱাৰ প্ৰথম দিনাই কানপুৰলৈ গুচি আহে৷ কানপুৰত দুয়ো একেলগে এবছৰ কাল কটায়৷ ইয়াৰ পিছত জি ডি যাদৱ বস্তিলৈ বদলি হয় আৰু লগত মহিলাগৰাকীকো লৈ আহে৷ মেডিকেল কলেজৰ চৰকাৰী আৱাসত দুয়ো একেলগে থাকিবলৈ ল’লে৷ জি ডি যাদৱে মহিলাগৰাকীক বিয়া কৰাম বুলি কোৱাৰ লগতে এটা চাকৰি যোগাৰ কৰি দিম বুলিও কয়৷

সময় বাগৰি গৈ থাকিল৷ জি ডি যাদৱে মহিলাগৰাকীক না বিয়া পাতিলে না চাকৰি যোগাৰ কৰি দিলে৷ মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়া অনুসৰি তেওঁলোকৰ এটা সন্তানো আছে কিন্তু জি ডি যাদৱে সেয়া তেওঁৰ সন্তান বুলি স্বীকাৰ নকৰে৷ মহিলাগৰাকীয়ে চিকিৎসকজনক বিয়া পাতিবলৈ হেঁচা প্ৰদান কৰাত ওলোটাই তেওঁক মাৰপিট কৰিবলৈহে ধৰিলে৷ এদিন তেওঁ মহিলাগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত উপায় নাপাই সন্তানটোৰ সৈতে মহিলাগৰাকীয়ে ওচৰৰ মানুহ এঘৰত আশ্ৰয় লয়৷ পেটৰ তাড়নাত এতিয়া তেওঁ সন্তানটোৰ সৈতে ৰাস্তাৰ কাষত পাচলি বিক্ৰী কৰিবলগীয়া হৈছে বুলি আৰক্ষীক জনায়৷

পাচলি বিক্ৰী কৰি থকা অৱস্থাত

ইফালে চিকিৎসক জি ডি যাদৱে কয় যে, ''মই মহিলাগৰাকীৰ সৈতে ফেচবুকত চিনাকি হোৱাটো সঁচা৷ মহিলাগৰাকীয়ে মোক তেওঁ এলআইচিৰ এজেণ্ট বুলি কৈছিল আৰু মোৰ সৈতে কিছুমান বীমা পলিচিৰ বিষয়ে কথা পতিছিল৷ যেতিয়া তেওঁ মই চিকিৎসক বুলি গম পালে তেতিয়া তেওঁ তেওঁৰ মাতৃৰ চিকিৎসাৰ বাবে মোৰ ওচৰলৈ আহে৷ মহিলাগৰাকীয়ে মোক কৈছিল যে তেওঁ বহুত দুখীয়া৷ টকা-পইচাৰ নাটনি চলিয়েই থাকে৷ তেওঁ এনেদৰে কোৱাত মোৰ দুখ লাগে আৰু মই মোৰ ঘৰতে তেওঁক বনকৰা মহিলা হিচাপে ৰাখি থওঁ৷ মাহিলী মই তেওঁক ১৫-২০ হাজাৰ টকা দৰমহা দিওঁ৷ মহিলাগৰাকী আগৰে পৰা বিবাহিতা আৰু এটা সন্তানৰ মাতৃ৷ মোৰ ঘৰ কব্জা কৰাৰ মন তেওঁৰ৷ মই তেওঁৰ পৰিকল্পনা বুজি পোৱাত এতিয়া তেওঁ মোক ব্লেকমেইল কৰা আৰম্ভ কৰিছে৷ মোক যিকোনো কথাত ফচাম বুলি ধমকি দিয়ে৷ মোৰ জীৱনলৈ এতিয়া বিপদ নামি আহিছে৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুয়োৰে সম্পূৰ্ণ বিপৰীত ভাষ্য শুনি মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ মহিলাগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তদন্তত যি তথ্য পোহৰলৈ আহিব সেই তথ্যৰ ভিতৰতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় ডিএছপি শক্তি সিঙে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ