--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এগৰাকী চিকিৎসকৰ জীৱনলৈ নামি আহিছে বিপৰ্যয়৷ এগৰাকী মহিলাই নাকে-কাণে পানী খুৱাইছে চিকিৎসকগৰাকীক৷ উত্তৰ প্ৰদেশৰ কেলি হাস্পতালৰ জি ডি যাদৱ নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দি মহিলাগৰাকীয়ে কয় 'মই জি ডি যাদৱৰ প্ৰেমিকা৷ মই ৫বছৰ ধৰি তেওঁৰ সৈতে বাস কৰি আছোঁ৷ কিন্তু আজিকালি জি ডি যাদৱে মোক প্ৰতাৰণা কৰিবলৈ ধৰিছে৷ মোৰ খোৱা-বোৱা বন্ধ কৰি দিছে৷ এটকাও নিদিয়া বাবে আজিকালি মই ৰাস্তাৰ কাষত পাচলি বেচিবলৈ বাধ্য হৈ পৰিছোঁ৷' চিকিৎসকজনে ফেচবুকত চিনাকি হৈছিল আৰক্ষীক অভিযোগ দিয়া মহিলাগৰাকীৰ সৈতে৷ মহিলাগৰাকী মিৰ্জাপুৰৰ৷ দুয়োৰে মাজত খুব সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল৷ লাহে লাহে দুয়ো দুয়োৰে প্ৰেমত পৰিল৷

জি ডি যাদৱে প্ৰথমবাৰৰ বাবে মহিলাগৰাকীক লগ কৰিবলৈ মিৰ্জাপুৰলৈ আহে৷ লগ পোৱাৰ পিছত দুয়োৰে হৃদয়ত প্ৰেম দুগুণে বৃদ্ধি পালে৷ প্ৰেমত ক'ব নোৱৰা হৈ মহিলাগৰাকীয়ে নিজৰ ঘৰ-বাৰী এৰি জি ডি যাদৱৰ সৈতে লগ পোৱাৰ প্ৰথম দিনাই কানপুৰলৈ গুচি আহে৷ কানপুৰত দুয়ো একেলগে এবছৰ কাল কটায়৷ ইয়াৰ পিছত জি ডি যাদৱ বস্তিলৈ বদলি হয় আৰু লগত মহিলাগৰাকীকো লৈ আহে৷ মেডিকেল কলেজৰ চৰকাৰী আৱাসত দুয়ো একেলগে থাকিবলৈ ল’লে৷ জি ডি যাদৱে মহিলাগৰাকীক বিয়া কৰাম বুলি কোৱাৰ লগতে এটা চাকৰি যোগাৰ কৰি দিম বুলিও কয়৷

সময় বাগৰি গৈ থাকিল৷ জি ডি যাদৱে মহিলাগৰাকীক না বিয়া পাতিলে না চাকৰি যোগাৰ কৰি দিলে৷ মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়া অনুসৰি তেওঁলোকৰ এটা সন্তানো আছে কিন্তু জি ডি যাদৱে সেয়া তেওঁৰ সন্তান বুলি স্বীকাৰ নকৰে৷ মহিলাগৰাকীয়ে চিকিৎসকজনক বিয়া পাতিবলৈ হেঁচা প্ৰদান কৰাত ওলোটাই তেওঁক মাৰপিট কৰিবলৈহে ধৰিলে৷ এদিন তেওঁ মহিলাগৰাকীক ঘৰৰ পৰা বাহিৰ কৰি দিয়াত উপায় নাপাই সন্তানটোৰ সৈতে মহিলাগৰাকীয়ে ওচৰৰ মানুহ এঘৰত আশ্ৰয় লয়৷ পেটৰ তাড়নাত এতিয়া তেওঁ সন্তানটোৰ সৈতে ৰাস্তাৰ কাষত পাচলি বিক্ৰী কৰিবলগীয়া হৈছে বুলি আৰক্ষীক জনায়৷

পাচলি বিক্ৰী কৰি থকা অৱস্থাত

ইফালে চিকিৎসক জি ডি যাদৱে কয় যে, ''মই মহিলাগৰাকীৰ সৈতে ফেচবুকত চিনাকি হোৱাটো সঁচা৷ মহিলাগৰাকীয়ে মোক তেওঁ এলআইচিৰ এজেণ্ট বুলি কৈছিল আৰু মোৰ সৈতে কিছুমান বীমা পলিচিৰ বিষয়ে কথা পতিছিল৷ যেতিয়া তেওঁ মই চিকিৎসক বুলি গম পালে তেতিয়া তেওঁ তেওঁৰ মাতৃৰ চিকিৎসাৰ বাবে মোৰ ওচৰলৈ আহে৷ মহিলাগৰাকীয়ে মোক কৈছিল যে তেওঁ বহুত দুখীয়া৷ টকা-পইচাৰ নাটনি চলিয়েই থাকে৷ তেওঁ এনেদৰে কোৱাত মোৰ দুখ লাগে আৰু মই মোৰ ঘৰতে তেওঁক বনকৰা মহিলা হিচাপে ৰাখি থওঁ৷ মাহিলী মই তেওঁক ১৫-২০ হাজাৰ টকা দৰমহা দিওঁ৷ মহিলাগৰাকী আগৰে পৰা বিবাহিতা আৰু এটা সন্তানৰ মাতৃ৷ মোৰ ঘৰ কব্জা কৰাৰ মন তেওঁৰ৷ মই তেওঁৰ পৰিকল্পনা বুজি পোৱাত এতিয়া তেওঁ মোক ব্লেকমেইল কৰা আৰম্ভ কৰিছে৷ মোক যিকোনো কথাত ফচাম বুলি ধমকি দিয়ে৷ মোৰ জীৱনলৈ এতিয়া বিপদ নামি আহিছে৷

উত্তৰ প্ৰদেশ আৰক্ষীয়ে দুয়োৰে সম্পূৰ্ণ বিপৰীত ভাষ্য শুনি মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ মহিলাগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তদন্তত যি তথ্য পোহৰলৈ আহিব সেই তথ্যৰ ভিতৰতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় ডিএছপি শক্তি সিঙে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু