--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰিয়জন চিৰদিনৰ বাবে হেৰাই গ'লে জীয়াই থকাটো হৈ পৰে কষ্টকৰ৷ আপোনজন চিৰদিনলৈ হেৰাই গ'লে এয়া নিয়তিৰে নিয়ম বুলি মানি লৈ মানুহে নিজক প্ৰবোধ দি নিজৰ জীৱন জীয়াবলৈ চেষ্টা কৰে৷ অনেক স্মৃতি বুকুত বান্ধি জীৱন বাটত আগবাঢ়ে কিন্তু কেতিয়াবা কিছুমানে এই বেদনা সহ্য কৰিব নোৱাৰে; যাৰ বাবে তেওঁলোকে মৃত্যুৰ পথকে বাচি লোৱাটো উচিত বুলি ভাবে৷ কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ স্বামীৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি এগৰাকী মহিলাই তেওঁৰ দুই সন্তানৰ সৈতে চিপ লৈ আত্মহত্যা কৰে। বসন্তা নামৰ ৪০ বছৰীয়া মহিলাগৰাকীৰ স্বামী প্ৰসন্ন কুমাৰৰ যোৱা বছৰ কৰ’নাত মৃত্যু হৈছিল৷ স্বামীৰ মৃত্যুৰ পাছতেই মানসিকভাৱে একেবাৰে ভাঙি পৰিছিল বসন্তা৷ তেওঁলোকৰ আছিল ১৫ বছৰীয়া পুত্ৰ আৰু ৬ বছৰীয়া কন্যা সন্তান৷

প্ৰসন্ন কুমাৰে বিএমটিচি বাছৰ চালক আৰু কণ্ডাক্টৰ হিচাপে কাম কৰিছিল। প্ৰসন্ন কুমাৰৰ মৃত্যুৰ পিছত জীৱন যাত্ৰাত দিকবিদিক হেৰুৱাইছিল বসন্তাই৷ এই পৃথিৱীৰ পৰা একেবাৰে গুচি যোৱাৰ পণ লৈ অৱশেষত দুই সন্তানসহ আত্মহত্যা কৰে মহিলাগৰাকীয়ে৷ তেওঁ লিখি থৈ গৈছে ছুইচাইড নোট৷ ছুইচাইড নোটত বসন্তাই লিখিছিল ''স্বামীৰ মৃত্যুৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। স্বামীক হেৰুওৱাৰ পাছত মই প্ৰতিদিনে মৃত মানুহৰ দৰে জীয়াই আছোঁ। মোৰ যত্ন ল’বলৈ এই পৃথিৱীত কোনো নাই। স্বামীক পাহৰি জীৱনত আগবাঢ়ি যোৱাটো মোৰ বাবে সম্ভৱ নহয়। তেওঁৰ অবিহনে কেৱল মোৰ শৰীৰটো জীয়াই আছে। মানসিকভাৱে মোৰ কেতিয়াবাই মৃত্যু হৈছে৷ মই নিজকে চম্ভালিবলৈ বহুত চেষ্টা কৰিছিলোঁ। কিন্তু আমাৰ লগত কোন আছে সেই প্ৰশ্নৰ উত্তৰ মই বিচাৰি পোৱা নাছিলোঁ। কোনেও মোৰ আৰু মোৰ সন্তানৰ বিষয়ে চিন্তা নকৰে। এতিয়া আমি এই বেয়া আৰু জটিল পৃথিৱীত জীয়াই থাকিব নিবিচাৰোঁ। যদি আমি কাৰোবাৰ পৰা অলপ মৰম আৰু স্নেহ পালোহেঁতেন তেন্তে আমি এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য নহ’লোহেঁতেন।'

আৰক্ষীয়ে ছুইছাইড নোট উদ্ধাৰ কৰি কয় যে, বসন্তাই তেওঁৰ দুই সন্তানক দেউতাকৰ ওচৰলৈ লৈ যোৱাৰ কথাও লিখিছে৷ বসন্তা আৰু কন্যাৰ মৃতদেহ একেলগে ওলমি থকা অৱস্থাত পোৱা গৈছিল আৰু পুত্ৰৰ মৃতদেহটো পৃথকে ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু