--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰিয়জন চিৰদিনৰ বাবে হেৰাই গ'লে জীয়াই থকাটো হৈ পৰে কষ্টকৰ৷ আপোনজন চিৰদিনলৈ হেৰাই গ'লে এয়া নিয়তিৰে নিয়ম বুলি মানি লৈ মানুহে নিজক প্ৰবোধ দি নিজৰ জীৱন জীয়াবলৈ চেষ্টা কৰে৷ অনেক স্মৃতি বুকুত বান্ধি জীৱন বাটত আগবাঢ়ে কিন্তু কেতিয়াবা কিছুমানে এই বেদনা সহ্য কৰিব নোৱাৰে; যাৰ বাবে তেওঁলোকে মৃত্যুৰ পথকে বাচি লোৱাটো উচিত বুলি ভাবে৷ কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা৷ স্বামীৰ মৃত্যুৰ বেদনা সহিব নোৱাৰি এগৰাকী মহিলাই তেওঁৰ দুই সন্তানৰ সৈতে চিপ লৈ আত্মহত্যা কৰে। বসন্তা নামৰ ৪০ বছৰীয়া মহিলাগৰাকীৰ স্বামী প্ৰসন্ন কুমাৰৰ যোৱা বছৰ কৰ’নাত মৃত্যু হৈছিল৷ স্বামীৰ মৃত্যুৰ পাছতেই মানসিকভাৱে একেবাৰে ভাঙি পৰিছিল বসন্তা৷ তেওঁলোকৰ আছিল ১৫ বছৰীয়া পুত্ৰ আৰু ৬ বছৰীয়া কন্যা সন্তান৷

প্ৰসন্ন কুমাৰে বিএমটিচি বাছৰ চালক আৰু কণ্ডাক্টৰ হিচাপে কাম কৰিছিল। প্ৰসন্ন কুমাৰৰ মৃত্যুৰ পিছত জীৱন যাত্ৰাত দিকবিদিক হেৰুৱাইছিল বসন্তাই৷ এই পৃথিৱীৰ পৰা একেবাৰে গুচি যোৱাৰ পণ লৈ অৱশেষত দুই সন্তানসহ আত্মহত্যা কৰে মহিলাগৰাকীয়ে৷ তেওঁ লিখি থৈ গৈছে ছুইচাইড নোট৷ ছুইচাইড নোটত বসন্তাই লিখিছিল ''স্বামীৰ মৃত্যুৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। স্বামীক হেৰুওৱাৰ পাছত মই প্ৰতিদিনে মৃত মানুহৰ দৰে জীয়াই আছোঁ। মোৰ যত্ন ল’বলৈ এই পৃথিৱীত কোনো নাই। স্বামীক পাহৰি জীৱনত আগবাঢ়ি যোৱাটো মোৰ বাবে সম্ভৱ নহয়। তেওঁৰ অবিহনে কেৱল মোৰ শৰীৰটো জীয়াই আছে। মানসিকভাৱে মোৰ কেতিয়াবাই মৃত্যু হৈছে৷ মই নিজকে চম্ভালিবলৈ বহুত চেষ্টা কৰিছিলোঁ। কিন্তু আমাৰ লগত কোন আছে সেই প্ৰশ্নৰ উত্তৰ মই বিচাৰি পোৱা নাছিলোঁ। কোনেও মোৰ আৰু মোৰ সন্তানৰ বিষয়ে চিন্তা নকৰে। এতিয়া আমি এই বেয়া আৰু জটিল পৃথিৱীত জীয়াই থাকিব নিবিচাৰোঁ। যদি আমি কাৰোবাৰ পৰা অলপ মৰম আৰু স্নেহ পালোহেঁতেন তেন্তে আমি এই পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য নহ’লোহেঁতেন।'

আৰক্ষীয়ে ছুইছাইড নোট উদ্ধাৰ কৰি কয় যে, বসন্তাই তেওঁৰ দুই সন্তানক দেউতাকৰ ওচৰলৈ লৈ যোৱাৰ কথাও লিখিছে৷ বসন্তা আৰু কন্যাৰ মৃতদেহ একেলগে ওলমি থকা অৱস্থাত পোৱা গৈছিল আৰু পুত্ৰৰ মৃতদেহটো পৃথকে ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি