--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআধুনিক প্ৰযুক্তিয়ে মানুহক ক’ৰ পৰা ক’লৈ নিছে সেয়া কোনেও ক’ব নোৱাৰে৷ কোনো অপৰিচিত স্থানলৈ গ’লে ঠাই বা পথ বিচাৰি উলিয়াবলৈ আমি বহুতেই গুগল মেপ ব্যৱহাৰ কৰো৷ গুল মেপত সঠিক ভাবেই স্থানৰ নিৰ্দেশা যিদৰে দিয়া হয় ঠিক তেনেদৰে আগুৱাই গ’লেই গন্তব্যস্থলত উপস্থিত হ’ব পৰা যায়৷ কিন্তু প্ৰযুক্তিৰো কেতিয়াবা গোলযোগ ঘটে৷ তেনে গোলযোগৰ বাবেই গুগল মেপ চাই গাড়ী চলাই গৈ গৈ অৱশেষত খালত সোমাল কেৰালাৰ এটা পৰিয়াল৷ 

পৰিয়ালটোত এটি তিনিমহীয়া কেঁচুৱাও আছিল৷ অৱশ্যে স্থানীয়  লোকৰ প্ৰচেষ্টাত পৰিয়ালটোৰ আটাইকেইজন লোকৰে প্ৰাণ কথমপি ৰক্ষা পৰে যদিও গাড়ী খন খালটোত সম্পূৰ্ণ ৰূপে বুৰ যায়৷

চালকজনে গুগল মেপৰ সহায় লৈছিল যিহেতু তেওঁ নিশা পলমকৈ পথ হেৰুৱাইছিল। গাড়ীখন পোনে পোনে এটা খাললৈ গৈছিল। অৱশ্যে, যাত্ৰীসকল অক্ষত। নিশা তেতিয়া ১০.৩০ বাজিছিল৷ কেৰালাৰ মহিলা চিকিৎসক ছোনিয়াই তীব্ৰ বেগেৰে চলাই গৈছিল তেওঁৰ গাড়ী খন৷ এৰ্নাকুলামৰ পৰা কুম্বানাডত থকা ঘৰলৈ বুলি তীব্ৰ গতিৰে আগবাঢ়িছিল চিকিৎসকগৰাকীৰ গাড়ী৷ গাড়ীত আছিল তেওঁৰ তিনিমহীয়া কেঁচুৱাটিও৷  সেয়ে সোনকালে ঘৰ আহি পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল চিকিৎসক ছোনিয়া ।

কিন্তু এন্ধাৰ নিশা আদবাটতে পথৰ আঁত হেৰাল তেওঁৰ৷ লগে লগে খুলি ল’লে গুগল মেপ৷ গুগলৰ সুনন্দৰ কণ্ঠৰ আৰ্টিফিচিয়েল যুৱতীয়েও যিফালেই যাবলৈ ক’লে সেই ফালেই ষ্টিয়েৰিং ঘূৰাই গাড়ী চলাই গ’ল ছোনিয়াই৷  কিন্তু এয়া কি গুগল মেপে কোৱাৰ দৰেই গৈ গৈ ছোনিয়াৰ গাড়ী খন এটা পানীৰে পৰিপূৰ্ণ দ খালত সোমাই পৰিল৷ লগে লগে বাজি উঠিল গাড়ী খনত থকা বিপদ ঘণ্টা৷ সেই শব্দ শুনি বাহিৰলৈ ওলাই আহিল স্থানীয় লোক৷ 

স্থানীয় লোকসকলে জানিব পাৰিলে যে এখন গাড়ী দ খালটোত পৰিছে৷ লগে লগে চলিল উদ্ধাৰ অভিযানষ স্থানীয় লোকে ৰছীৰে উদ্ধাৰ কৰিলে খালত পৰা পৰিয়ালটোৰ আটাইকেইজন লোককে৷ গাড়ী খনত আছিল    চিকিৎসক ছোনিয়াৰ তিনিমহীয়া কেঁচুৱাটিৰ লগতে   মাক আৰু এজন আত্মীয় । 

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষীও৷ পশ্চিম কোট্টায়াম আৰক্ষী থানাৰ সূত্ৰই  প্ৰকাশ কৰা মতে  গাড়ীখনত জৰুৰীকালীন সংকেত দিয়াৰ ব্যৱস্থা  আছিল। সেইবাবেই পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিল৷পানীত পৰাৰ লগে লগে গাড়ী খনৰ  বিপদ সংকেত বাজি উঠিছিল আৰু  স্থানীয় লোকসকলে ঘটনাস্থলীলৈ দৌৰি গৈছিল। এই ঘটনাত যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিল যদিও গাড়ীখন ডুব যায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ