--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআধুনিক প্ৰযুক্তিয়ে মানুহক ক’ৰ পৰা ক’লৈ নিছে সেয়া কোনেও ক’ব নোৱাৰে৷ কোনো অপৰিচিত স্থানলৈ গ’লে ঠাই বা পথ বিচাৰি উলিয়াবলৈ আমি বহুতেই গুগল মেপ ব্যৱহাৰ কৰো৷ গুল মেপত সঠিক ভাবেই স্থানৰ নিৰ্দেশা যিদৰে দিয়া হয় ঠিক তেনেদৰে আগুৱাই গ’লেই গন্তব্যস্থলত উপস্থিত হ’ব পৰা যায়৷ কিন্তু প্ৰযুক্তিৰো কেতিয়াবা গোলযোগ ঘটে৷ তেনে গোলযোগৰ বাবেই গুগল মেপ চাই গাড়ী চলাই গৈ গৈ অৱশেষত খালত সোমাল কেৰালাৰ এটা পৰিয়াল৷ 

পৰিয়ালটোত এটি তিনিমহীয়া কেঁচুৱাও আছিল৷ অৱশ্যে স্থানীয়  লোকৰ প্ৰচেষ্টাত পৰিয়ালটোৰ আটাইকেইজন লোকৰে প্ৰাণ কথমপি ৰক্ষা পৰে যদিও গাড়ী খন খালটোত সম্পূৰ্ণ ৰূপে বুৰ যায়৷

চালকজনে গুগল মেপৰ সহায় লৈছিল যিহেতু তেওঁ নিশা পলমকৈ পথ হেৰুৱাইছিল। গাড়ীখন পোনে পোনে এটা খাললৈ গৈছিল। অৱশ্যে, যাত্ৰীসকল অক্ষত। নিশা তেতিয়া ১০.৩০ বাজিছিল৷ কেৰালাৰ মহিলা চিকিৎসক ছোনিয়াই তীব্ৰ বেগেৰে চলাই গৈছিল তেওঁৰ গাড়ী খন৷ এৰ্নাকুলামৰ পৰা কুম্বানাডত থকা ঘৰলৈ বুলি তীব্ৰ গতিৰে আগবাঢ়িছিল চিকিৎসকগৰাকীৰ গাড়ী৷ গাড়ীত আছিল তেওঁৰ তিনিমহীয়া কেঁচুৱাটিও৷  সেয়ে সোনকালে ঘৰ আহি পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল চিকিৎসক ছোনিয়া ।

কিন্তু এন্ধাৰ নিশা আদবাটতে পথৰ আঁত হেৰাল তেওঁৰ৷ লগে লগে খুলি ল’লে গুগল মেপ৷ গুগলৰ সুনন্দৰ কণ্ঠৰ আৰ্টিফিচিয়েল যুৱতীয়েও যিফালেই যাবলৈ ক’লে সেই ফালেই ষ্টিয়েৰিং ঘূৰাই গাড়ী চলাই গ’ল ছোনিয়াই৷  কিন্তু এয়া কি গুগল মেপে কোৱাৰ দৰেই গৈ গৈ ছোনিয়াৰ গাড়ী খন এটা পানীৰে পৰিপূৰ্ণ দ খালত সোমাই পৰিল৷ লগে লগে বাজি উঠিল গাড়ী খনত থকা বিপদ ঘণ্টা৷ সেই শব্দ শুনি বাহিৰলৈ ওলাই আহিল স্থানীয় লোক৷ 

স্থানীয় লোকসকলে জানিব পাৰিলে যে এখন গাড়ী দ খালটোত পৰিছে৷ লগে লগে চলিল উদ্ধাৰ অভিযানষ স্থানীয় লোকে ৰছীৰে উদ্ধাৰ কৰিলে খালত পৰা পৰিয়ালটোৰ আটাইকেইজন লোককে৷ গাড়ী খনত আছিল    চিকিৎসক ছোনিয়াৰ তিনিমহীয়া কেঁচুৱাটিৰ লগতে   মাক আৰু এজন আত্মীয় । 

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষীও৷ পশ্চিম কোট্টায়াম আৰক্ষী থানাৰ সূত্ৰই  প্ৰকাশ কৰা মতে  গাড়ীখনত জৰুৰীকালীন সংকেত দিয়াৰ ব্যৱস্থা  আছিল। সেইবাবেই পৰিয়ালটোৰ প্ৰাণ ৰক্ষা পৰিল৷পানীত পৰাৰ লগে লগে গাড়ী খনৰ  বিপদ সংকেত বাজি উঠিছিল আৰু  স্থানীয় লোকসকলে ঘটনাস্থলীলৈ দৌৰি গৈছিল। এই ঘটনাত যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিল যদিও গাড়ীখন ডুব যায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ