--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ১০০ গ্ৰাম ওজন বৃদ্ধি পাইছে। ২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰিও ভাৰতৰ বিনেশ ফ’গাটে এই প্ৰতিযোগিতাত যোগদান কৰিব নোৱাৰিলে। বুধবাৰে পুৱা যেতিয়া পেৰিছৰ পৰা এনে বেয়া খবৰ আহিল, তেতিয়া দেশখন বিধ্বস্ত হৈ পৰিল। বলীউডৰ বহু তাৰকাই ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে। স্বৰা ভাস্কৰৰ দৰে তাৰকাই মন্তব্য কৰে যে সমগ্ৰ ঘটনাৰ আঁৰত ষড়যন্ত্ৰ হ’ব পাৰে।

ইয়াৰ মাজতে প্ৰবীণ অভিনেত্ৰী তথা মথুৰাৰ সাংসদ হেমা মালিনীয়ে মহিলাসকলক নিজৰ ওজনৰ প্ৰতি সচেতন হ’বলৈ পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত বুধবাৰে সংসদ চৌহদত সংবাদ মাধ্যমে তেওঁক সোধা-পোছা কৰে। সেই সময়ত হেমাই ক'লে, "কি আচৰিত কথা, মাত্ৰ ১০০ গ্ৰাম ওজনৰ বাবে বাহিৰ হ'ল। তেতিয়া ভাবি চাওক ১০০ গ্ৰাম ওজনো কিমান গুৰুত্বপূৰ্ণ। আমাৰ সকলো শিল্পী, মহিলাই ইয়াৰ পৰা শিকিব লাগে - ১০০ গ্ৰাম মানে বহুত। মোৰ বৰ বেয়া লাগিছে। মই বিচাৰো আপুনি সেই ১০০ গ্ৰাম যিমান সোনকালে পাৰে কমাব বিনেশ। কিন্তু কি হ’ব, কোনো চান্স নাথাকিব!”

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে নেটিজেনসকলে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিলে। এক্স (পূৰ্বৰ টুইটাৰ)ত এজন নেটিজেনে লিখিছে, “হেমা মালিনীৰ দৰে মানুহক কিয় নিজৰ প্ৰতিনিধি হিচাপে ভোট দিয়ে মই বুজি নাপাওঁ আন এজন নেটিজেনে লিখিছে, “এই পৰিস্থিতিত এনেদৰে মন্তব্য কৰাটো অতি সংবেদনশীল। তেওঁ জানেনে অলিম্পিকৰ খেলুৱৈসকলে কিমান কষ্ট কৰিবলগীয়া হয়! তেওঁৰ বক্তব্যৰ পৰা এনে লাগে যেন বিনেশে প্ৰতিদিনে শিঙৰা আৰু আইচক্ৰীম খাইছিল।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ