--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ড্ৰাগছ! এজন খেলুৱৈও গ্ৰেপ্তাৰ হ’ল। অষ্ট্ৰেলিয়াৰ হকী দলৰ এজন সদস্যক বুধবাৰে নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ ব্যৱসায়ীজনকো আটক কৰে। পেৰিছ আৰক্ষীৰ জিম্মাত আছে তেওঁলোক৷

টকিঅ’ অলিম্পিকত পুৰুষৰ হকীত অষ্ট্ৰেলিয়াই ৰূপৰ পদক লাভ কৰিছিল৷ কিন্তু পেৰিছত ছেমি ফাইনেলতো প্ৰৱেশ কৰিব নোৱাৰিলে। টম ক্ৰেগে সেই হতাশাক আৰু অধিক বৃদ্ধি কৰিলে। অবৈধ কোকেইন ক্ৰয় কৰি থকা অৱস্থাত কেন্দ্ৰীয় পেৰিছৰ আৰক্ষীয়ে তেওঁক ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে। পেৰিছ আৰক্ষীৰ এজন বিষয়াই কয়, “এটা বাসগৃহৰ তলত এজন যুৱকে অবৈধ ড্ৰাগছ বিক্ৰী কৰি আছিল।” তেওঁৰ হাতত কোকেইনকে ধৰি বিভিন্ন ধৰণৰ অবৈধ ড্ৰাগছ আছিল। প্ৰায় ৭৫টা কাগজৰ ৰেপাৰ উদ্ধাৰ কৰা হৈছে। কৃত্ৰিম ঔষধো পোৱা গৈছে। নিশা ১২:৩০ বজাত ক্ৰেগে যুৱকজনৰ পৰা ১ গ্ৰাম কোকেইন কিনিবলৈ গৈছিল। সেই সময়তে ধৰা পৰিছিল।

অভিযুক্ত বিক্ৰেতাজনৰ বয়স ১৭ বছৰ। অষ্ট্ৰেলিয়াৰ হকী মিডফিল্ডাৰগৰাকীৰ বয়স ২৯ বছৰ। সেয়ে নাবালকৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে। অষ্ট্ৰেলিয়ান অলিম্পিক কমিটীয়েও এই কথা নিশ্চিত কৰিছে। অষ্ট্ৰেলিয়াৰ দলটোৱে কয় যে ক্ৰেগ আৰক্ষীৰ জিম্মাত আছে। তদন্ত আৰম্ভ হৈছে। এই ঘটনাই আমাৰ দলত কোনো প্ৰভাৱ নপৰে। আৰক্ষী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে।

চলিত বৰ্ষৰ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ হাতত পৰাস্ত হৈ অষ্ট্ৰেলিয়াৰ হকী দলটোৱে নক আউট কৰিছে। ৫২ বছৰৰ পাছত অলিম্পিকত ভাৰতৰ হাতত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু