--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ড্ৰাগছ! এজন খেলুৱৈও গ্ৰেপ্তাৰ হ’ল। অষ্ট্ৰেলিয়াৰ হকী দলৰ এজন সদস্যক বুধবাৰে নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। ড্ৰাগছ ব্যৱসায়ীজনকো আটক কৰে। পেৰিছ আৰক্ষীৰ জিম্মাত আছে তেওঁলোক৷

টকিঅ’ অলিম্পিকত পুৰুষৰ হকীত অষ্ট্ৰেলিয়াই ৰূপৰ পদক লাভ কৰিছিল৷ কিন্তু পেৰিছত ছেমি ফাইনেলতো প্ৰৱেশ কৰিব নোৱাৰিলে। টম ক্ৰেগে সেই হতাশাক আৰু অধিক বৃদ্ধি কৰিলে। অবৈধ কোকেইন ক্ৰয় কৰি থকা অৱস্থাত কেন্দ্ৰীয় পেৰিছৰ আৰক্ষীয়ে তেওঁক ৰঙা হাতেৰে গ্ৰেপ্তাৰ কৰে। পেৰিছ আৰক্ষীৰ এজন বিষয়াই কয়, “এটা বাসগৃহৰ তলত এজন যুৱকে অবৈধ ড্ৰাগছ বিক্ৰী কৰি আছিল।” তেওঁৰ হাতত কোকেইনকে ধৰি বিভিন্ন ধৰণৰ অবৈধ ড্ৰাগছ আছিল। প্ৰায় ৭৫টা কাগজৰ ৰেপাৰ উদ্ধাৰ কৰা হৈছে। কৃত্ৰিম ঔষধো পোৱা গৈছে। নিশা ১২:৩০ বজাত ক্ৰেগে যুৱকজনৰ পৰা ১ গ্ৰাম কোকেইন কিনিবলৈ গৈছিল। সেই সময়তে ধৰা পৰিছিল।

অভিযুক্ত বিক্ৰেতাজনৰ বয়স ১৭ বছৰ। অষ্ট্ৰেলিয়াৰ হকী মিডফিল্ডাৰগৰাকীৰ বয়স ২৯ বছৰ। সেয়ে নাবালকৰ পৰা নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে। অষ্ট্ৰেলিয়ান অলিম্পিক কমিটীয়েও এই কথা নিশ্চিত কৰিছে। অষ্ট্ৰেলিয়াৰ দলটোৱে কয় যে ক্ৰেগ আৰক্ষীৰ জিম্মাত আছে। তদন্ত আৰম্ভ হৈছে। এই ঘটনাই আমাৰ দলত কোনো প্ৰভাৱ নপৰে। আৰক্ষী কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে।

চলিত বৰ্ষৰ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ হাতত পৰাস্ত হৈ অষ্ট্ৰেলিয়াৰ হকী দলটোৱে নক আউট কৰিছে। ৫২ বছৰৰ পাছত অলিম্পিকত ভাৰতৰ হাতত পৰাস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement