--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফোগাটৰ অৱসৰ ঘোষণা৷ এক্স হেণ্ডেলযোগে এই খবৰ দিয়ে ভিনেশ ফোগাটে। আৰু কেতিয়াও মল্লযোদ্ধাৰ ৰূপত দেখা পোৱা নাযাব ভিনেশক৷ ভিনেশৰ এই সিদ্ধান্তত দেশবাসী স্তম্ভিত হৈ পৰিছে। এই খবৰে সকলোৰে মনত দুখ দিছে।

পেৰিছ অলিম্পিকত ৫০ কিল’গ্ৰাম ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেল মেচৰ পূৰ্বে অযোগ্য বিবেচিত হোৱাৰ পাছতে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ফোগাটে৷

বৃহস্পতিবাৰে পুৱা সামাজিক মাধ্যম এক্সত এক আৱেগিক পোষ্টৰ জৰিয়তে এই সিদ্ধান্ত ৰাজহুৱা কৰে৷ খেলুৱৈগৰাকীয়ে এক্সত প্ৰকাশ কৰিছে এনেদৰে-

মা, কুস্তিয়ে মোক জয় কৰিছিল কিন্তু মই হাৰি গলোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাঙি গৈছে, মোৰ ইয়াতকৈ আৰু শক্তি নাই।

বিদায় কুস্তি ২০০১-২০২৪

আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম, ক্ষমা কৰিব।

উল্লেখ্য যে মঙলবাৰে নিশা ছেমি ফাইনেলত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজক ৫-০ গ’লত পৰাস্ত কৰি ফোগাটে স্বৰ্ণপদক জয়ৰ লক্ষ্যৰে ফাইনেলত উপনীত হৈছিল৷ ফাইনেলত ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাৰাহ এন হিল্ডেব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল যদিও বুধবাৰে শৰীৰৰ বৰ্ধিত ১০০ গ্ৰাম ওজনৰ বাবেই খেলুৱৈগৰাকী মেচত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষিত হৈছিল৷

ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক দলৰ মুখ্য চিকিৎসা বিষয়া দিনশ্ব পাৰ্ডিৱালাই প্ৰকাশ কৰিছিল যে, ফোগাটে ছেমি ফাইনেলৰ পিছত ওজনৰ সীমা ২.৫ কিল’গ্ৰাম অতিক্ৰম কৰিছিল। ফোগাটৰ খাদ্য আৰু পানী গ্ৰহণ সীমিত কৰি ওজন হ্ৰাস কৰিবলৈ সকলো চেষ্টা কৰা হৈছিল যদিও শেষত ১০০ গ্ৰাম ওজনৰ বাবে ফাইনেল খেলৰ পৰা বঞ্চিত হয় ভিনেশ ফোগাট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু