--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযোদ্ধা ভিনেশ ফোগাটৰ অৱসৰ ঘোষণা৷ এক্স হেণ্ডেলযোগে এই খবৰ দিয়ে ভিনেশ ফোগাটে। আৰু কেতিয়াও মল্লযোদ্ধাৰ ৰূপত দেখা পোৱা নাযাব ভিনেশক৷ ভিনেশৰ এই সিদ্ধান্তত দেশবাসী স্তম্ভিত হৈ পৰিছে। এই খবৰে সকলোৰে মনত দুখ দিছে।

পেৰিছ অলিম্পিকত ৫০ কিল’গ্ৰাম ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেল মেচৰ পূৰ্বে অযোগ্য বিবেচিত হোৱাৰ পাছতে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ফোগাটে৷

বৃহস্পতিবাৰে পুৱা সামাজিক মাধ্যম এক্সত এক আৱেগিক পোষ্টৰ জৰিয়তে এই সিদ্ধান্ত ৰাজহুৱা কৰে৷ খেলুৱৈগৰাকীয়ে এক্সত প্ৰকাশ কৰিছে এনেদৰে-

মা, কুস্তিয়ে মোক জয় কৰিছিল কিন্তু মই হাৰি গলোঁ। ক্ষমা কৰিব, আপোনাৰ সপোন, মোৰ সাহস সকলো ভাঙি গৈছে, মোৰ ইয়াতকৈ আৰু শক্তি নাই।

বিদায় কুস্তি ২০০১-২০২৪

আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম, ক্ষমা কৰিব।

উল্লেখ্য যে মঙলবাৰে নিশা ছেমি ফাইনেলত কিউবাৰ য়ুচনেলিছ গুজমান লোপেজক ৫-০ গ’লত পৰাস্ত কৰি ফোগাটে স্বৰ্ণপদক জয়ৰ লক্ষ্যৰে ফাইনেলত উপনীত হৈছিল৷ ফাইনেলত ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছাৰাহ এন হিল্ডেব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল যদিও বুধবাৰে শৰীৰৰ বৰ্ধিত ১০০ গ্ৰাম ওজনৰ বাবেই খেলুৱৈগৰাকী মেচত অংশগ্ৰহণৰ ক্ষেত্ৰত অযোগ্য ঘোষিত হৈছিল৷

ইয়াৰ পূৰ্বে ভাৰতীয় অলিম্পিক দলৰ মুখ্য চিকিৎসা বিষয়া দিনশ্ব পাৰ্ডিৱালাই প্ৰকাশ কৰিছিল যে, ফোগাটে ছেমি ফাইনেলৰ পিছত ওজনৰ সীমা ২.৫ কিল’গ্ৰাম অতিক্ৰম কৰিছিল। ফোগাটৰ খাদ্য আৰু পানী গ্ৰহণ সীমিত কৰি ওজন হ্ৰাস কৰিবলৈ সকলো চেষ্টা কৰা হৈছিল যদিও শেষত ১০০ গ্ৰাম ওজনৰ বাবে ফাইনেল খেলৰ পৰা বঞ্চিত হয় ভিনেশ ফোগাট।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement