--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে শেহতীয়া টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ দলটো নিৰ্বাচিত কৰিছে। বিৰাট কোহলীয়ে আই চি চিৰ এই দলত স্থান নাপালে। বিৰাটে স্থান নাপালেও বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ৬ গৰাকী ক্ৰিকেটাৰ আই চি চি দলত আছে।

আইচিচিৰ বিশেষজ্ঞসকলে প্ৰদৰ্শনৰ ভিত্তিত টি-২০ বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশক বাছনি কৰিছে। ৰানাৰ্ছ চাউথ আফ্ৰিকাৰ কোনো ক্ৰিকেটাৰে শ্ৰেষ্ঠ এঘাৰ ভিতৰত স্থান নাপালে। আফগানিস্তানৰ তিনিগৰাকী ক্ৰিকেটাৰেও প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ উপৰিও ছুপাৰ এইট পৰ্যায়ত ৰাওনা হোৱা ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দলত এটাকৈ স্থান লাভ কৰে।

বিশ্ব ক্ৰিকেটৰ বহু ডাঙৰ নাম দলত স্থান নাপালে। বিৰাট কোহলীয়ে ফাইনেলত ৭৬ ৰানৰ ইনিংছ খেলিছিল। এইবাৰ অপৰাজিত হোৱাৰ পৰাই ভাৰত বিশ্বকাপ চেম্পিয়ন হ’ল। ৰোহিত শৰ্মাৰ দলৰ কেইবাগৰাকীও ক্ৰিকেটাৰে বেট বা বলেৰে সুন্দৰ প্ৰদৰ্শন কৰিছে। ৰোহিতৰ নেতৃত্বকো প্ৰশংসা কৰা হৈছে। সেয়ে আই চি চিৰ নিৰ্বাচকসকলে দলৰ নিৰ্বাচনত ভাৰতীয় ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনক সৰ্বোচ্চ গুৰুত্ব প্ৰদান কৰে।

শ্ৰেষ্ঠ আইচিচি একাদশ : ৰোহিত (অধিনায়ক), গুৰবাজ, পুৰাণ, সূৰ্য্যকুমাৰ, ষ্টয়নিছ, হাৰ্দিক, অক্ষৰ, ৰছিদ, বুমৰাহ, আৰ্ছদীপ, ফাৰুকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু