--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰণ-অৰ্জুনৰ বাস্তৱ জীৱনৰ বন্ধুত্বই কেতিয়াবা অনুৰাগীক বিভ্ৰান্ত কৰি তোলে! দৰাচলতে যোৱা তিনিটা দশকত ছলমান-শ্বাহৰূখৰ সম্পৰ্ক বহু উত্থান-পতনৰ মাজেৰে পাৰ হৈ গৈছে। ২০০৪ চনত শ্বাহৰূখে ছলমানৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটাৰ কথা মুকলিকৈ কৈছিল। অভিনেতা গৰাকীয়ে কয় যে, আজিও তেওঁ কাৰোবাৰ ওচৰত ক্ষমা খুজিবলৈ সমস্যাৰ সন্মুখীন হয়।

উল্লেখ্য যে, কফী উইথ কৰণৰ ৩য় ছিজনৰ এটা খণ্ডত ইপস্থিতি আছিল বলীউড বাদশ্বাহ। কৰণে তেওঁক প্ৰশ্ন কৰিছে, ‘আপোনাৰ লগত ছলমানৰ কিবা সমস্যা আছে নেকি? কাৰণ তোমালোকৰ বন্ধুত্ব নাই?’ 

শ্বাহৰূখৰ স্পষ্ট উত্তৰ, ‘সেইটোৱেই কৈছোঁ, মই বন্ধুত্ব ধৰি ৰাখিব নোৱাৰো। মই নাজানে সেইটো কেনেকৈ কৰিব পাৰি। মোক অপছন্দ কৰাৰ বাবে মই কাকো দোষ দিব নিবিচাৰো।’

লগতে অভিনেতা গৰাকীয়ে কয় যে, যদি ছলমানৰ লগত কোনো সমস্যা আছে তেন্তে নিশ্চিতভাৱে দোষী শ্বাহৰূখ নিজেই। এনে নানাকথাৰ অৱতাৰণা কৰি থকা সময়তে হঠাত্‍ আৱেগিক হৈ পৰে কিং খান।

পিতৃ-মাতৃৰ কথা মনত পেলাই শ্বাহৰূখে কয়, ‘মই এজন পুৰণি বন্ধুক সাৱটি ধৰি মোৰ ওচৰলৈ ঘূৰি আহিবলৈ ক'ব নোৱাৰো। কাৰণ, মা-দেউতাৰ লগত তেনে হোৱা নাছিল। মই তেওঁলোকৰ মৃতদেহ ধৰি কান্দিছিলোঁ , তেওঁলোকক উভতি আহিবলৈ কৈছিলো,কিন্তু তেওঁলোক নাহিল। গতিকে মই কাকো উভতি আহিবলৈ ক’ব নোৱাৰো’। স্বাভাৱিকতে, ৰূপালী পৰ্দাত নানা অভিনয়েৰে দৰ্শকক আমোদ দিয়া তাৰকাসকলৰ জীৱনটো জড়িত হৈ আছে কত সংগ্ৰাম, কত স্মৃতিকথা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ