--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণ সম্পৰ্কীয় অনলাইন কুইজত দুগৰাকী মুছলমান ছাত্ৰই জয়লাভ কৰিছে। যি কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মুঠ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দুগৰাকী ছাত্ৰই লাভ কৰিছ চৰ্চা। অনলাইন ৰামায়ণ কুইজত শীৰ্ষস্থান দখল কৰে মালাপপুৰমৰ দুই মুছলমান ছাত্ৰ মহম্মদ জাবিৰ পি কে আৰু মহম্মদ বসিথ এমে। য’ত ১০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল। দুয়োজনে ভেলেঞ্চেৰীৰ কে কে এইচ এম ইছলামিক এণ্ড আৰ্টছ কলেজত ৱাফি পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। বিজয়ৰ পিছতে দুয়োকে অভিনন্দন জনাবলৈ আৰম্ভ কৰিছে বিভিন্ন অঞ্চলৰ লোকে।

মুছলমান যুৱক মহম্মদ বসিথ এমক যদি ৰামায়ণৰ পৰা তেওঁৰ প্ৰিয় অধ্যায়ৰ বিষয়ে সুধে তেন্তে তেওঁ লগে লগে ‘অযোধ্যাকাণ্ড’ৰ অধ্যায়ৰ বিষয়ে সলসলীয়াকৈ কব পাৰে। এই অধ্যায়ত লক্ষ্মণৰ ক্ৰোধ আৰু ভগৱান ৰামে তেওঁৰ ভাতৃক দিয়া সান্ত্বনাৰ কথা বৰ্ণিত আছে৷ ইয়াত ভগৱান ৰামে সাম্ৰাজ্য আৰু ক্ষমতাৰ অসাৰতা বিশদভাৱে ব্যাখ্যা কৰিছে।

মহম্মদ বসিথ এম এ কেৱল ‘আধ্যাত্ম ৰামায়ণম’ৰ শ্লোকসমূহ সাৱলীল আৰু সুৰীয়াভাৱে অনুবাদ কৰাই নহয়, পবিত্ৰ শাৰীবোৰৰ অৰ্থ আৰু বাৰ্তাৰ বিষয়েও বিশদভাৱে ক’ব পাৰে। আপোনালোকক কওঁ যে ‘আধ্যাত্ম ৰামায়ণম’ হৈছে মহাকাব্যখনৰ মালয়ালম সংস্কৰণ, ৰচনা কৰিছে থুঞ্চথু ৰামানুজন এজুঠাচনে। উল্লেখ্য যে অগ্ৰণী প্ৰকাশক কোম্পানী ডি চি বুকছে অনলাইনযোগে ৰামায়ণৰ ওপৰত আয়োজন কৰিছিল এই অনলাইন প্ৰতিযোগিতা।

উত্তৰ কেৰেলা জিলাৰ ভেলাঞ্চেৰীৰ কে কে এছ এম ইছলামিক আৰু কলা মহাবিদ্যালয়ৰ আঠ বছৰীয়া পাঠ্যক্ৰম (ৱাফি কাৰ্যসূচী)ৰ পঞ্চম আৰু অন্তিম বৰ্ষৰ ছাত্ৰ ক্ৰমে বসিথ আৰু জাবিৰক লৈ বৰ্তমান সকলোতে চৰ্চা হৈছে। ৰামায়ণ কুইজত ইছলামিক মহাবিদ্যালয়ৰ ছাত্ৰৰ বিজয়ে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

দুইজন ছাত্ৰই কয় যে যদিও ‘‘আমি সৰুৰে পৰা মহাকাব্যখনৰ বিষয়ে জানিছিলো, তথাপিও আমি ৰামায়ণ আৰু হিন্দু ধৰ্মৰ বিষয়ে গভীৰভাৱে পঢ়িবলৈ আৰু শিকিবলৈ আৰম্ভ কৰিছিলো বাফি পাঠ্যক্ৰমত যোগদান কৰাৰ পাছতহে। এই পাঠ্যক্ৰমত সকলো প্ৰধান ধৰ্মৰ শিক্ষা আছে। ৰামায়ণ আৰু মহাভাৰত মহাকাব্যসমূহ দেশৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসৰ অংশ হোৱাৰ বাবে সকলো ভাৰতীয়ই পঢ়ি শিকিব লাগে। আমি বিশ্বাস কৰোঁ যে এই গ্ৰন্থসমূহ পঢ়াটো আৰু বুজি পোৱাটো আমাৰ দায়িত্ব।’’ লগতে তেওঁলোকে কয় যে কুইজত জয়ী হোৱাটোৱে তেওঁলোকক মহাকাব্যখন অধিক গভীৰভাৱে শিকিবলৈ অনুপ্ৰাণিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ