--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণ সম্পৰ্কীয় অনলাইন কুইজত দুগৰাকী মুছলমান ছাত্ৰই জয়লাভ কৰিছে। যি কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মুঠ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দুগৰাকী ছাত্ৰই লাভ কৰিছ চৰ্চা। অনলাইন ৰামায়ণ কুইজত শীৰ্ষস্থান দখল কৰে মালাপপুৰমৰ দুই মুছলমান ছাত্ৰ মহম্মদ জাবিৰ পি কে আৰু মহম্মদ বসিথ এমে। য’ত ১০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল। দুয়োজনে ভেলেঞ্চেৰীৰ কে কে এইচ এম ইছলামিক এণ্ড আৰ্টছ কলেজত ৱাফি পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। বিজয়ৰ পিছতে দুয়োকে অভিনন্দন জনাবলৈ আৰম্ভ কৰিছে বিভিন্ন অঞ্চলৰ লোকে।

মুছলমান যুৱক মহম্মদ বসিথ এমক যদি ৰামায়ণৰ পৰা তেওঁৰ প্ৰিয় অধ্যায়ৰ বিষয়ে সুধে তেন্তে তেওঁ লগে লগে ‘অযোধ্যাকাণ্ড’ৰ অধ্যায়ৰ বিষয়ে সলসলীয়াকৈ কব পাৰে। এই অধ্যায়ত লক্ষ্মণৰ ক্ৰোধ আৰু ভগৱান ৰামে তেওঁৰ ভাতৃক দিয়া সান্ত্বনাৰ কথা বৰ্ণিত আছে৷ ইয়াত ভগৱান ৰামে সাম্ৰাজ্য আৰু ক্ষমতাৰ অসাৰতা বিশদভাৱে ব্যাখ্যা কৰিছে।

মহম্মদ বসিথ এম এ কেৱল ‘আধ্যাত্ম ৰামায়ণম’ৰ শ্লোকসমূহ সাৱলীল আৰু সুৰীয়াভাৱে অনুবাদ কৰাই নহয়, পবিত্ৰ শাৰীবোৰৰ অৰ্থ আৰু বাৰ্তাৰ বিষয়েও বিশদভাৱে ক’ব পাৰে। আপোনালোকক কওঁ যে ‘আধ্যাত্ম ৰামায়ণম’ হৈছে মহাকাব্যখনৰ মালয়ালম সংস্কৰণ, ৰচনা কৰিছে থুঞ্চথু ৰামানুজন এজুঠাচনে। উল্লেখ্য যে অগ্ৰণী প্ৰকাশক কোম্পানী ডি চি বুকছে অনলাইনযোগে ৰামায়ণৰ ওপৰত আয়োজন কৰিছিল এই অনলাইন প্ৰতিযোগিতা।

উত্তৰ কেৰেলা জিলাৰ ভেলাঞ্চেৰীৰ কে কে এছ এম ইছলামিক আৰু কলা মহাবিদ্যালয়ৰ আঠ বছৰীয়া পাঠ্যক্ৰম (ৱাফি কাৰ্যসূচী)ৰ পঞ্চম আৰু অন্তিম বৰ্ষৰ ছাত্ৰ ক্ৰমে বসিথ আৰু জাবিৰক লৈ বৰ্তমান সকলোতে চৰ্চা হৈছে। ৰামায়ণ কুইজত ইছলামিক মহাবিদ্যালয়ৰ ছাত্ৰৰ বিজয়ে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

দুইজন ছাত্ৰই কয় যে যদিও ‘‘আমি সৰুৰে পৰা মহাকাব্যখনৰ বিষয়ে জানিছিলো, তথাপিও আমি ৰামায়ণ আৰু হিন্দু ধৰ্মৰ বিষয়ে গভীৰভাৱে পঢ়িবলৈ আৰু শিকিবলৈ আৰম্ভ কৰিছিলো বাফি পাঠ্যক্ৰমত যোগদান কৰাৰ পাছতহে। এই পাঠ্যক্ৰমত সকলো প্ৰধান ধৰ্মৰ শিক্ষা আছে। ৰামায়ণ আৰু মহাভাৰত মহাকাব্যসমূহ দেশৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসৰ অংশ হোৱাৰ বাবে সকলো ভাৰতীয়ই পঢ়ি শিকিব লাগে। আমি বিশ্বাস কৰোঁ যে এই গ্ৰন্থসমূহ পঢ়াটো আৰু বুজি পোৱাটো আমাৰ দায়িত্ব।’’ লগতে তেওঁলোকে কয় যে কুইজত জয়ী হোৱাটোৱে তেওঁলোকক মহাকাব্যখন অধিক গভীৰভাৱে শিকিবলৈ অনুপ্ৰাণিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ