--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মোৰ দৰে মোৰ প্ৰজন্মৰ বহুতেই এতিয়া আমাৰ নেতাসকলৰ প্ৰতি ক্ষুব্ধ-বিতুষ্ট। কাৰণ তেওঁলোকে ফোপোলা প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া পূৰণ কৰিবলৈ অপাৰগ হয়। আমি খং কৰাৰ বহুত কাৰণ আছে। কিন্তু মোৰ খং কৰিবলৈ সময় নাই। মই এতিয়া কাম কৰাটো বিচাৰোঁ। মই কেৱল ভাৰতৰ পৰা অহা এগৰাকী কিশোৰী নহয়, মই পৃথিৱীৰ জীয়ৰী আৰু তাক লৈ মই গৰ্বিত।’


এগৰাকী ১৪ বছৰীয়া ভাৰতীয় কিশোৰীয়ে কঁপাই তুলিলে গ্লাছগো। নাম ভিনিছা উমাশংকৰ। গ্লাছগোত অনুষ্ঠিত বিশ্ব নেতাৰ COP-26 সন্মিলনত ভাৰত জীয়ৰী ভিনিছাৰ ভাষণে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ইকো অ’স্কাৰৰ অন্যতম ফাইনেলিষ্ট ভিনিছাৰ ভাষণে ভবাই তুলিলে সন্মিলনত উপস্থিত প্ৰতিগৰাকী ৰাষ্ট্রপ্ৰধান। তামিলনাডুৰ কিশোৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে, কথাৰে নহয় কামৰেহে সম্ভৱ পৰিৱেশ ৰক্ষাৰ।

সন্মিলনত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন, মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন প্ৰমুখ্যে নেতাসকলক সম্বোধন কৰি এই গৰাকী ভাৰতীয় কিশোৰীয়ে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সকলোকে একগোট হ’বলৈ আহ্বান জনায়। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বিশ্বনেতাৰ মিছা প্ৰতিশ্ৰুতিয়ে নতুন প্ৰজন্মক হতাশ কৰিছে বুলিও এইসকল নেতাৰ সন্মুখত অভিযোগ দাঙি ধৰে ১৪ বছৰীয়া কিশোৰী ভিনিছাই। ভাৰতীয় নহয়, নিজকে বিশ্বৰ এগৰাকী কিশোৰী হিচাপে পৰিচয় দাঙি ধৰা ভিনিছা উমাশংকৰে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত নিজকে সজাগ বুলি দাবী কৰাৰ লগতে এই ক্ষেত্ৰত আশাবাদী বুলিও উল্লেখ কৰে COP-26ৰ মঞ্চত। বিশ্বনেতাৰ সন্মিলনত এনে গুৰুত্বপূৰ্ণ বিষয়ত সাহসিক বক্তৃতা প্ৰদানৰ পাছত কিশোৰী ভিনিছা উমাশংকৰ হৈ পৰিছে বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ