--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মোৰ দৰে মোৰ প্ৰজন্মৰ বহুতেই এতিয়া আমাৰ নেতাসকলৰ প্ৰতি ক্ষুব্ধ-বিতুষ্ট। কাৰণ তেওঁলোকে ফোপোলা প্ৰতিশ্ৰুতি দিয়ে আৰু সেয়া পূৰণ কৰিবলৈ অপাৰগ হয়। আমি খং কৰাৰ বহুত কাৰণ আছে। কিন্তু মোৰ খং কৰিবলৈ সময় নাই। মই এতিয়া কাম কৰাটো বিচাৰোঁ। মই কেৱল ভাৰতৰ পৰা অহা এগৰাকী কিশোৰী নহয়, মই পৃথিৱীৰ জীয়ৰী আৰু তাক লৈ মই গৰ্বিত।’


এগৰাকী ১৪ বছৰীয়া ভাৰতীয় কিশোৰীয়ে কঁপাই তুলিলে গ্লাছগো। নাম ভিনিছা উমাশংকৰ। গ্লাছগোত অনুষ্ঠিত বিশ্ব নেতাৰ COP-26 সন্মিলনত ভাৰত জীয়ৰী ভিনিছাৰ ভাষণে এতিয়া বিশ্বজুৰি চৰ্চা লাভ কৰিছে। ইকো অ’স্কাৰৰ অন্যতম ফাইনেলিষ্ট ভিনিছাৰ ভাষণে ভবাই তুলিলে সন্মিলনত উপস্থিত প্ৰতিগৰাকী ৰাষ্ট্রপ্ৰধান। তামিলনাডুৰ কিশোৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে, কথাৰে নহয় কামৰেহে সম্ভৱ পৰিৱেশ ৰক্ষাৰ।

সন্মিলনত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন, মাৰ্কিন ৰাষ্ট্রপতি জ’ বাইডেন প্ৰমুখ্যে নেতাসকলক সম্বোধন কৰি এই গৰাকী ভাৰতীয় কিশোৰীয়ে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সকলোকে একগোট হ’বলৈ আহ্বান জনায়। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত বিশ্বনেতাৰ মিছা প্ৰতিশ্ৰুতিয়ে নতুন প্ৰজন্মক হতাশ কৰিছে বুলিও এইসকল নেতাৰ সন্মুখত অভিযোগ দাঙি ধৰে ১৪ বছৰীয়া কিশোৰী ভিনিছাই। ভাৰতীয় নহয়, নিজকে বিশ্বৰ এগৰাকী কিশোৰী হিচাপে পৰিচয় দাঙি ধৰা ভিনিছা উমাশংকৰে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত নিজকে সজাগ বুলি দাবী কৰাৰ লগতে এই ক্ষেত্ৰত আশাবাদী বুলিও উল্লেখ কৰে COP-26ৰ মঞ্চত। বিশ্বনেতাৰ সন্মিলনত এনে গুৰুত্বপূৰ্ণ বিষয়ত সাহসিক বক্তৃতা প্ৰদানৰ পাছত কিশোৰী ভিনিছা উমাশংকৰ হৈ পৰিছে বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনাম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে