--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মৃত্যু ক'ত কেতিয়া আহি উপস্থিত হয়হি সেয়া কোনেও নাজানে। হাঁহি হাঁহি ফটো উঠি থকা মহিলাগৰাকীয়েও জনা নাছিল মাত্ৰ ৫ ছেকেণ্ডৰ পিছতেই তেওঁক আঁকোৱালি ল'বহি মৃত্যুৱে। বেলজিয়ামত সংঘটিত হৈছে এক কৰুণ ঘটনা। এগৰাকী মহিলা পাহাৰৰ ওপৰত থিয় হৈ ফটো তোলাৰ সময়ত ১০০ ফুট উচ্চতাৰ তললৈ সৰি পৰি মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ ফটো তুলি আছিল। ৩৩ বছৰীয়া জো স্নোক্সছ নামৰ মহিলাগৰাকীয়ে পতি জৰি জানচেনৰ সৈতে লাক্সেমবাৰ্গ প্ৰদেশৰ নাদ্ৰিন নামৰ অঞ্চললৈ ফুৰিবলৈ গৈছিল।

তেওঁলোক দুয়ো তাৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ফটোশ্বুটো কৰিছিল। মাজতে জো স্নোক্সছে ফটো উঠিবৰ বাবে এটা ওখ শিলৰ ওপৰত থিয় হৈছিল আৰু স্বামী জৰি জানচেনে তেওঁৰ ফটো তুলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ফটো তোলাৰ সময়তে ঘটিল অঘটন। হঠাতে ভৰিখন পিছলি পৰি জো স্নোক্সছ ১০০ ফুট উচ্চতাৰ তলৰ নদীত সৰি পৰিছিল। স্বামীয়ে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন সেৱালৈ ফোন কৰে। আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ডুবাৰুৰ এটা দল অলপ পিছতে ঘটনাস্থলীত উপস্থিত হয়হি। ঘটনাস্থলীত এখন চিকিৎসা হেলিকপ্টাৰো উপস্থিত হৈছিল। অনুসন্ধানৰ পিছত উদ্ধাৰকাৰী দলে জো স্নোক্সছৰ মৃতদেহ উদ্ধাৰ কৰে।

পত্নীৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰা স্বামী জানচেনে কয় ''ক'ৰোনা মহামাৰীৰ বাবে বহুদিন ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ। ক'তো মুকলিকৈ ফুৰিবলৈ যাব পৰা নাছিলোঁ। এদিন লং ড্ৰাইভত গৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আনন্দ-ফূৰ্তি কৰি ফটো তোলাৰ হেঁপাহ আমি বহু দিনৰ পৰা পুহি ৰাখিছিলোঁ। সেয়েহে সুযোগ-সুবিধা মিলাত মন ভাল লাগিবৰ বাবে ফুৰিবলৈ ওলাই আহিছিলোঁ। মোৰ পত্নী জো স্নোক্সছৰ মৃত্যুৰ সময়ত তেওঁ এটা ওখ শিলৰ ওপৰত থিয় হৈছিল। মই তেওঁৰ ফটো তুলি থকাৰ সময়তে মোৰ পিছফালে এটা কুকুৰ আহি উপস্থিত হৈছিল। পত্নীয়ে মোক পিছফালৰ কুকুৰটোলৈ চাবলৈ কোৱাৰ সময়তে মই কুকুৰটোৰ ফালে ঘূৰিলো। মাত্ৰ কেইছেকেণ্ড মানৰ কথা আছিল সেয়া। যেতিয়া মই পত্নীলৈ পুনৰ ঘূৰি চাওঁ তেতিয়া তেওঁ শিলটোৰ ওপৰত নাছিল। এয়া ৫ ছেকেণ্ডতকৈ কম আছিল, সেই সময়তে মোৰ পত্নী তললৈ পৰি গৈছিল আনকি মই এটা চিঞৰো নুশুনিলো। চকুৰ পলকতে মোৰ পত্নী চিৰদিনলৈ হেৰাই গ'ল।'' এই শোকাৱহ দুৰ্ঘটনাটোৱে তেওঁলোকৰ অঞ্চলবাসীক বৰকৈ কন্দুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু