--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মৃত্যু ক'ত কেতিয়া আহি উপস্থিত হয়হি সেয়া কোনেও নাজানে। হাঁহি হাঁহি ফটো উঠি থকা মহিলাগৰাকীয়েও জনা নাছিল মাত্ৰ ৫ ছেকেণ্ডৰ পিছতেই তেওঁক আঁকোৱালি ল'বহি মৃত্যুৱে। বেলজিয়ামত সংঘটিত হৈছে এক কৰুণ ঘটনা। এগৰাকী মহিলা পাহাৰৰ ওপৰত থিয় হৈ ফটো তোলাৰ সময়ত ১০০ ফুট উচ্চতাৰ তললৈ সৰি পৰি মৃত্যুক সাৱটি লয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মহিলাগৰাকীৰ স্বামীয়ে তেওঁৰ ফটো তুলি আছিল। ৩৩ বছৰীয়া জো স্নোক্সছ নামৰ মহিলাগৰাকীয়ে পতি জৰি জানচেনৰ সৈতে লাক্সেমবাৰ্গ প্ৰদেশৰ নাদ্ৰিন নামৰ অঞ্চললৈ ফুৰিবলৈ গৈছিল।

তেওঁলোক দুয়ো তাৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ফটোশ্বুটো কৰিছিল। মাজতে জো স্নোক্সছে ফটো উঠিবৰ বাবে এটা ওখ শিলৰ ওপৰত থিয় হৈছিল আৰু স্বামী জৰি জানচেনে তেওঁৰ ফটো তুলিবলৈ আৰম্ভ কৰিছিল। কিন্তু ফটো তোলাৰ সময়তে ঘটিল অঘটন। হঠাতে ভৰিখন পিছলি পৰি জো স্নোক্সছ ১০০ ফুট উচ্চতাৰ তলৰ নদীত সৰি পৰিছিল। স্বামীয়ে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন সেৱালৈ ফোন কৰে। আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ডুবাৰুৰ এটা দল অলপ পিছতে ঘটনাস্থলীত উপস্থিত হয়হি। ঘটনাস্থলীত এখন চিকিৎসা হেলিকপ্টাৰো উপস্থিত হৈছিল। অনুসন্ধানৰ পিছত উদ্ধাৰকাৰী দলে জো স্নোক্সছৰ মৃতদেহ উদ্ধাৰ কৰে।

পত্নীৰ আকস্মিক মৃত্যুত শোকত ভাগি পৰা স্বামী জানচেনে কয় ''ক'ৰোনা মহামাৰীৰ বাবে বহুদিন ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিলোঁ। ক'তো মুকলিকৈ ফুৰিবলৈ যাব পৰা নাছিলোঁ। এদিন লং ড্ৰাইভত গৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত আনন্দ-ফূৰ্তি কৰি ফটো তোলাৰ হেঁপাহ আমি বহু দিনৰ পৰা পুহি ৰাখিছিলোঁ। সেয়েহে সুযোগ-সুবিধা মিলাত মন ভাল লাগিবৰ বাবে ফুৰিবলৈ ওলাই আহিছিলোঁ। মোৰ পত্নী জো স্নোক্সছৰ মৃত্যুৰ সময়ত তেওঁ এটা ওখ শিলৰ ওপৰত থিয় হৈছিল। মই তেওঁৰ ফটো তুলি থকাৰ সময়তে মোৰ পিছফালে এটা কুকুৰ আহি উপস্থিত হৈছিল। পত্নীয়ে মোক পিছফালৰ কুকুৰটোলৈ চাবলৈ কোৱাৰ সময়তে মই কুকুৰটোৰ ফালে ঘূৰিলো। মাত্ৰ কেইছেকেণ্ড মানৰ কথা আছিল সেয়া। যেতিয়া মই পত্নীলৈ পুনৰ ঘূৰি চাওঁ তেতিয়া তেওঁ শিলটোৰ ওপৰত নাছিল। এয়া ৫ ছেকেণ্ডতকৈ কম আছিল, সেই সময়তে মোৰ পত্নী তললৈ পৰি গৈছিল আনকি মই এটা চিঞৰো নুশুনিলো। চকুৰ পলকতে মোৰ পত্নী চিৰদিনলৈ হেৰাই গ'ল।'' এই শোকাৱহ দুৰ্ঘটনাটোৱে তেওঁলোকৰ অঞ্চলবাসীক বৰকৈ কন্দুৱাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ